সম্পাদকীয় - পঞ্চম বৰ্ষৰ অষ্টম সংখ্যা

Rinku Rajowar
0
যোৱা কেইদিনমানৰ আগৰ সৰু এটা কাহিনী।এটা ভুৱা ফেচবুক একাউণ্টৰ গিৰিহঁতৰ অপমৃত্যুৰ ভুৱা বাতৰি এটাই গোটেইখন তোল পাৰ লগাই গ'ল।প্ৰায়েই দেখি থকা তেখেতৰ লেখামেলা বোৰ মাজে মাজে চকু পৰি থকাৰ বাবে হঠাৎ পোৱা তেখেতৰ চুইচাইডৰ বাতৰিটোৱে মনটো কিছু সেমেকাই তুলিছিল।কিন্তু আচৰিত কথা কোনোধৰণৰ সন্দেহৰ সুযোগ নথকা একাউণ্টটোৰ লগতে ব্যক্তিজন ভুৱা ওলাল। কথাটো গম পোৱাৰ পিছত খুব বেছি আচৰিত নহলো যদিও ভাৰ্চুৱেল জগত খনৰ ক্ষতিকাৰক দিশটোৱে ভবাই তুলিলে। 
            কাহিনীটো তেনেই সাধাৰণ যেন। কিন্তু প্ৰতিফলিত কৰিব বিচৰা কথাবোৰ অত্যন্ত গভীৰ। বৰ্তমান সময়ত ভাৰ্চুৱেল জগত এখনৰ আমি এক অবিচ্ছেদ্য অংগ।যি ভাৰ্চুৱেল জগতৰ ভব্য গব্য কিছুসংখ্যকৰ বাস্তৱৰ লগত কিঞ্চিতো সামঞ্জস্যই নাই।এনে এখন ভাৰ্চুৱেল জগতখনত মানুহবোৰ প্ৰকৃততে কিমান সঁচা! সামাজিক মাধ্যমৰ বৃহৎ পথাৰখনত ঘূৰি ফুৰা সকলোৰে আঁৰত মুখা এখন লুকাই থাকে নেকি!এয়া কিমানৰ বাবে কিমান ক্ষতিকাৰক! এইখন জগতে আমাক সঁচা অৰ্থত দিয়ে নে আত্মিক প্ৰশান্তি! ইয়াৰ তাড়নাত আমি কেনেদৰে নিজক হেৰুৱাইছোঁ! ইয়াৰ উত্তৰবোৰ খুচৰাটো দৰকাৰ। অন্যথা নিজৰ লগতে কতজন আত্মীয় স্বজনৰ সংস্পৰ্শ হেৰুৱাব লগীয়া হ'ব সেয়া হিচাপহীন।এইখন জগতৰ বাবেই আমি যেন হৈ পৰিছোঁ আত্মকেন্দ্ৰীক।আত্মকেন্দ্ৰীক জীৱন একোটাৰ আলমত আমি প্ৰায়েই স্বাৰ্থান্বেষী দিশ এটাৰ ফালে আগুৱাই আছোঁ।
          ইয়াত প্ৰত্যেকেই সৰ্ব গুণ সম্পন্ন সু মানসিকতা, মানৱীয়তাৰ অধিকাৰী, সৎ,পৰোপকাৰী, প্ৰকৃতি প্ৰেমী, জীৱ প্ৰেমী,নাৰীৰ প্ৰতি শ্ৰদ্ধাশীল ইত্যাদি ইত্যাদি গুণবোৰৰ সৈতে গদগদ্ হৈ থকা একোগৰাকী বিশিষ্ট ব্যক্তি।বাহিৰত যিমান উজ্জ্বল অথবা ৰঙীন ভিতৰত সিমানেই অন্ধকাৰ, শিপাহীন। সামাজিক মাধ্যমত নাৰীবাদী মুখা এখন পিন্ধি থকাজনৰ মাজতো লুকাই থাকে কিছু ভয়ংকৰ তথা অদ্ভুত ব্যক্তিত্ব যাক স্বচক্ষে প্ৰত্যক্ষ নকৰিলে কোনোপধ্যে মানিব নোৱাৰি।এনে কিছু ৰঙ সলোৱা ব্যক্তিৰ প্ৰৰোচনাত পৰি কিমানৰ জীৱন গৈছে ,সময় গৈছে সময়ে দেখুৱাই গৈছে। 
          তাৰ বিপৰীতে আমাৰ আত্মীয় স্বজনৰ প্ৰতি গুৰুত্ব কমি আহিছে।আন্তৰিকতা হ্ৰাস পায় আহিবলৈ ধৰিছে।হতাশা, বিষাদ,গ্লানি, মানসিক হেঁচাই হেঁচি ধৰিছে।গতিকে, যাতে এই ভাৰ্চুৱেল জগতখনে আমাক বুকুৰ কুটুমসকলৰ পৰা সম্পূৰ্ণ ৰূপে কাঢ়ি নিব নোৱাৰে, নিজৰ পৰা নিজক বিচ্ছেদ কৰিব নোৱাৰে তাৰ বাবে সংশোধনৰ প্ৰয়োজনীয়, আত্মবিশ্লেষণৰ প্ৰয়োজন আৰু সেই উদ্দেশ্যেই নিজস্বতা ধৰি ৰাখি ভাৰ্চুৱেল জগতখনৰ পৰা দূৰত্ব বজাই ৰখাই উত্তম।




সম্পাদক
ৰেবিকা নেওগ
অসমীয়া সাহিত্যৰ চানেকি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)