বসন্ত -কুসুম দহোটীয় মৰাণ

©Admin
0
ঋতুৰাজ বসন্ত
এক হিয়াৰ অনুভূতি
বসন্তৰ পৰসত
প্রাণ পাই উঠে
সেউজী ধৰণী। 
বসন্তৰ সৃষ্টিৰ বাসনা
প্রেৰণাৰ সমল 
ঋতুৰাজ বসন্ত
প্রকৃতিৰ প্রেমৰ পূজাৰী। 
বসন্তৰ আগমনে নদী নিজৰাওঁ
যৌৱনমতী হৈ সুৰৰ লহৰ তলে
গাভিনী নদীৰ সেন্দু সেন্দুৰীয়া আলস্যই
ৰঙৰ মেলা পাতে। 
ৰঙা মদাৰেওঁ ৰং তুলিকাৰে
বাট পথত ফাকু খেলি যায়
পেপুৱাৰ ওঁঠৰ পৰসত
প্রাণ পাই উঠে
সুৰীয়া সুৰৰ লহৰ
ৰাংঢালী নাচনীৰ নেঘেৰী খোপাত
চেনাই গুজি দিয়া
কপৌ ফুলৰ পাহি
দুহাতত জেতুকাৰ বুলে
সৌন্দর্যৰ ছবি আঁকি
হৃদয়ৰ মালা গাঁঠি গাঁঠি যায়।

      ✍️কুসুম দহোটীয় মৰাণ
        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)