ৰঙীন পৃথিবীৰ ছবি আঁকি আঁকি
বাচি গ'লো ফুলৰ চানেকি
জন্মভূমি মোৰ ভাষা জননী
এসোপা ক'লা ডাৱৰে
আকাশ চানি ধৰে
বিজুলী, বজ্রপাত মাৰি ঢেৰেকণি
শ্বহীদৰ তেজেৰে ফাকু খেলে
হিমচেঁচা নিয়ৰৰ টোপোলাত
শিলপৰা কপৌৰ দৰে
নিঠৰ দেহাটি চাই মাতৃৰ বিননি
উদং হৃদয়ে কাকনো ক'ব বুজাই
জয়াৰ ৰাতি খাকী পোছাকধাৰী
কত শত ভাগীনিৰ নিলে সতীত্ব কাঢ়ি
সেমেকা নিয়ৰৰ টোপালত
গোপন লোতকেৰে বাট নেদেখা কৰি
আহিল একে অমানিশা,
চৌদিশে মাথোঁ অগ্নিশিখা
কা বিৰোধী প্রতিবাদী ঢৌ
জাগি উঠিছে অসমীয়া
আইৰ কোলাত আনৰ বোজা
যদিহে জানিব খোজা
নুগুচিব বিভীষিকা
জাগি উঠিব সংগ্রামী সত্বা
একাত্মতাৰে আগবাঢ়ি মিলনৰ সেতু বান্ধি
ভাষা- সংস্কৃতি জীয়াই ৰাখিবলৈ
বাহুত অসীম শক্তি
সেউজী অসমী পুণ্যভূমি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ