পাত লুটিয়াই ,
জীৱনটো বিচাৰি ঘূৰ্মুটিয়াই
থকা সৰকা হোৱা হৃদয়খনত
থুনুকা মনটোৰ সতে…
উৱাদিহ নোপোৱা চেতনাত…
মাৰ যোৱা বেলিটো চাই…
দিনৰ পিচত দি ধৰি আজিও…
একেই মেৰপেচত …
অ'ত ত'ত সিঁচৰিত হৈ পৰা…
একেই আধৰুৱা সপোনবোৰৰ
টোপোলাবোৰ সাৱটি…
ক্ষনগনা তৰাফুলা সেই…
নিজম মূহুৰ্তবোৰ কাষত………
আকাশখন মূৰতে লৈ……
ভ্ৰমিছো… …কেৱল মাথোন ভ্ৰমিছো ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ