ডেউতী আৰু অমলৰ চিনাকী হোৱা বেছি দিন হোৱাই নাছিল। দুয়ো চহৰ খনত নতুনকৈ আহিছে । দুয়ো একে খন কাম্পপেনিত কাম কৰে ।অমলে ডেউতী দেখাৰ পৰা তাৰ মনত বহু ধৰণৰ প্ৰশ্নই বাহ ল'লে।
কাৰণ তেওঁলোক একেলগে কাম কৰে।অমলক কামৰ সময়ত গৈ ডেউতীৰ লগত কথা পাতিব মন যায়। কিন্তু কেনেকৈ কথা পাতিব নিজৰ কাম এৰি । তথাপিও সি নিজৰ কাম আজৰি কৰি অলপ বাহানা বনাই তাইৰ লগত কথা পাতি আহে ।
সেই অলপ সময় কথা পাতিয়ে ।তাইৰ কথা সকলো সুধিলে।তাইও সকলো কথা খুলি কৈছিল।
সেই কথাবোৰ শুনি অমলৰ মনত এটি প্ৰেমৰ অনুভূতি
জাগি উঠিল।অমলে কোনো দিন কোনো ছোৱালীৰ এনেকৈ প্ৰেমত পৰা নাছিল। কিন্তু সময়ৰ লগত অমলকো সলনি হৈ গ'ল।তাৰ হিয়াৰ স্পন্দন বোৰ দুগুণে বাঢ়ি আহে । যেতিয়া ডেউতীক মুখৰ আগত দেখা পালে। এনেকৈ দুয়ো চকু চকুৰে চাই দিন বোৰ পাৰ কৰিলে।অমলে মনত ভাবিলে যে এনেকৈ আৰু কি চাই থাকিম মনৰ কথাবোৰ কʼয় দিলে ভাল হ'ব ।
সিদিনা শনিবাৰ আছিল।অমলে লৰালৰিকৈ নিজৰ কাম কৰি আজৰি হৈ ডেউতীৰ ওচৰত গৈ ৰৈ ইফালে সিফালে চাই ।তাইৰ ওচৰৰ পৰা এখিল উঠাই তাই ক'লে:- ঐ ডেউতী কালি দেওঁবাৰ হয় । ক'ত যাবি?
:- নাই কʼতো নাযাওঁ ।ৰুমত থাকিম ।
:-অ।মোৰ যে তোৰ লগত কথা এটা আছিলে।তই কাইলৈ মোক অলপ লগ কৰিব পাৰিবি নি?
:- উম!পাৰিম ।কত লগ কৰিম হে ।
:- ত ই তঁহৰ গলিতোৰ ওচৰত ওলাই থাকিবি। মই এইবাৰৰ পৰা যাম।দুয়ো মিলি ওচৰৰ পাৰ্কত বহি কথা পাতিম।
:-হব ।
দুয়ো মতামত এক কৰি। হেঁপাহেৰে ৰাতিপুৱালৈ বাট চাই আছে।কামৰ পৰা ছুটি হৈ দুয়ো ঘৰমুৱা হ'ল।
যেনে তেনে কৈ অমলে ৰাতিতো কটালে।
অমলে ৰাতিপুৱা সোনকালে উঠি গা ধুই ধুনীয়া এযোৰ কাপোৰ পিন্ধি ওলাই গ'ল। তাই গলিতো ৰৈ আছে।অমলে ইফাল পৰা গৈ লগ কৰি দুয়ো পাৰ্ক লৈ গ'ল ।নিজান নিস্তব্ধ ঠাই এডোখৰত দুয়ো বহি কথা পাতিছে।
অমলে জীৱনৰ প্ৰতি ঘটনাৰ কথা কৈ আছে।ডেউতীয়ে অকল মূৰতো লৰাই আছে।
সেইবোৰ কথাৰ মাজত তাইক লৈ এটা কথা কʼবলৈ আৰম্ভ কৰিলে।অমলে কʼবলৈ ধৰিলে
:-ঐ ডেউতী মই আজি তোক কথা কবলৈ ইয়ালৈ মাতিছোঁ।
নাজানো ত ই চাগে বেয়াই পাবি ।
:-কি কথা নো? কʼ মই তোৰ কথা কেতিয়াও বেয়া নাপাওঁ।
:- মোৰ নাজানো কি হৈছে ?তোক লগ পোৱাৰ মোৰ যে অকল তোক লৈ চিন্তা কৰি থাকোঁ আৰু সপোনতো তোকেই দেখু অ।মোৰ কি হৈছে অলপ কʼ না। মই ভাৱি নোপোৱাৰ বাবেই তোক এনেকৈ লগ কৰিব লগা হʼল অʼ।
কিন্তু কথা সকলোৰে মানুহৰ আগত কʼবলৈ বেয়া বুলি তোক এনেদৰে অকলে মাতিছোঁ।
ডেউতীয়ে অভিমানী মুখেৰে তাৰ ফালে চাই ক'লে:-
:-তই পাগল ।সেই কথা আজিলৈকে বুজি পোৱা নে
তাই যে মোৰ প্ৰেমত পৰিছ।সেই কাৰণে ময়ো তোৰ কথাও ভাবি থাকোঁ। মই যেতিয়া অকলে থাকোঁ ন তেতিয়া অকল তোৰ কথাই মনত পৰি থাকে ।
ময়ো নাজানো কি হৈছে ? ময়ো কথাটো তোক কʼম বুলি ভাবি আছিলোঁ। কিন্তু সময় নিমিলা বাবে কোৱা নাই।আজি সময় কণ দিয়া বাবে ময়ো কৈ দিলোঁ।
সঁচা ময়ো তোক বহু ভাল পাওঁ আক।তোৰ বাহিৰে যে মই থাকিব নোৱাৰোঁ।
:-ময়ো তোমাক দেখাৰ পৰা মই পাগল হৈ গ'ল।
সেই বাবেই মনৰ কথাবোৰ আজি খুলি কʼলো।
মই তোমাক যে শিৱৰ দৰে ভাল পাম অ। যেনেকৈ পাৰ্বতীক শিৱয়ে কৰিছিল ।এটা জন্মৰ পৰা আন এটা জন্মলৈ। তেওঁলোকৰ কোনো জন্মতেই প্ৰেম ,ভাল পোৱা কৰিমি নগ'ল।
যেনেকৈ প্ৰেমৰ বাবেই ছাহজাহানে মুমতাজৰ মৃত্যুপিছতো তেওঁৰ প্ৰেম প্ৰতীক হিচাবে তাজমহল সাঁজিছিল। ঠিক তেনেদৰে তই যদি কওঁ ন ।
ময়ো তোমাৰ মৰম , ভালপোৱাৰ কাৰণে তাজমহল সাঁজিব পাৰিম । কিন্তু ত ই মোৰ হৈ থাকিব লাগিব । মই তোমাৰ বাবে দ্বিতীয়টো তাজমহল সাঁজিম ।
:- কি তুমি ও যদিও মোৰ বাবে তাজ মহল সাঁজিব বিচাৰ , তেনেহলে মোৰ কথা শুন
মই তোৰ বাবে সদায় বাট চাই থাকিম । কিন্তু তই মোৰ কাৰণে তাজমহল সাঁজিব পাৰিলেহে তোৰ লগত বিয়াত বহিম । এইটো মোৰ প্ৰতিঞ্জা নহয় ।তই কোৱা কাৰণে ময়ো কʼলো মোৰ মৰম আৰু ভালপোৱা বোৰ নো কিমান আছে। তাকেই জোখিবলৈ এই পৰীক্ষাতো কৰিছো।
:- না তোৰ কাৰণে মই জীৱন দিলো সাজো আছোঁ। মই দিনে নিশাই একাকাৰ কৰি হ'লেও তোৰ সপোন পূৰণ কৰিম আৰু তোক মোৰ কৰি এৰিম।
:-ঠিক আছে । ত ই এবাৰ তাজমহল সাজি দেখা মোক ঘৰত নিদিলেও তোৰ ওচৰত পলাই যাম।আজি কথা দিলোঁ।
সঁচা কৈ প্ৰেম এক অতভূত অনুভৱ,যি অসম্ভৱক সম্ভৱ কৰে। কাৰোবাক পাৰব বাবে কিমানে কি অসম্ভৱ কামক সম্ভৱ কৰিব লগীয়া হয় । ঠিক তেনেদৰে অমলে ডেউতীক নিজৰ কৰিবৰ বাবে এনেক প্ৰতিঞ্জা কৰিলে । এতিয়া দিনে নিশাই পৰিশ্ৰম কৰিছে।এক মাত্ৰ হিয়াৰ মানুহজনীৰ বাবে আনকি তাৰ হাতত সময় নোহোৱা হৈ পৰিছে।তাক লগ কৰিবলৈ সময় নাই কেৱল মাত্ৰ কাম আৰু কাম কাৰণে তাইক দিয়া প্ৰতিশ্ৰুতি আৰু সঁচা প্ৰেমৰ উদাহৰণ হৈ ৰʼব বুলি ।দিন ৰাতি একাকাৰ কৰি কামত ব্যস্ত হৈ পৰিছে । এনে দৰে এদিন দুদিনকৈ এবছৰ হ'ল । অমল সপোনবোৰ পূৰণ হৈ আহিল ।
এবছৰ দিন হ'ল তাই ভালকৈ লগ নধৰা।আজি তাইক দিয়া প্ৰতিশ্ৰুতি ও সম্পূৰ্ণ হৈ উঠিল। সেই বাবেই অমলে সাঁজি- কাঁচি তাইক লগ কৰিব গৈছে।
কাৰণ তাইক দিয়া প্ৰতিশ্ৰুতিতো আজি পূৰণ কৰি
তাইৰ হাতেৰে আৰম্ভ কৰিব বিচাৰে।
সেই বাবেই সি তাইক লগ কৰিব নহয় একেবাৰেই আনিবলৈ গৈছে।কাৰণ অমলে এনেকুৱা হৈ পৰিছিল যেন ডেউতীয়ে আৰম্ভণি আৰু সেউতীয়ে আছিল তেওঁৰ জীৱনৰ শেষ ঠিকনা।তুমি আৰু মই ভাবি আৰম্ভ কৰিছিল তেওঁ লোকৰ জীৱনতো সেই জীৱনতো আজি সম্পূৰ্ণ হৈ উঠিব ।
সিদিনা ৰাতি ডেউতী লগ কৰি অমলে সাঁজি ওলোৱা দ্বিতীয় তাজমহলতো ডেউতীক লৈ গʼল।
ডেউতীৰ চকুত কাপোৰ এখন বান্ধি লৈ গৈছিল।
গৈ থাকে সেউতীয়ে অমলক কৈছিল:- তোৰ কাৰণে অপেক্ষা কৰি কৰি মোক আমনি লাগি গʼল।এবছৰ দিন কেনেকৈ থাকিলোঁ। মই হে জানো?
অমলে তাইক সাৱটি লৈ ক'লে - মই আছোঁ নহয় । এতিয়া মই আহিলো ন। এতিয়াতো সদায় তোৰ কাষত থাকিম। চিন্তা নকৰিবি।
দুয়ো কথা পাতি পাতি নিজৰ গন্তব্য স্হান পালেহি।
অমলে ডেউতীৰ চকুত বন্ধা কাপোৰখন খুলি দিলে।
ডেউতী চাই ৰʼ লাগি ৰৈ থাকিল।
তাজমহল আৰ্হিৰে সঁজোৱা ঘৰখন চাই ।
ডেউতীয়ে চিঞৰি কʼলে -তই সঁচাকৈ মোৰ কথা ৰাখিলি অʼ।তই জিকি গʼলি অʼ। মই হাৰি গʼলো তোৰ প্ৰেমত ।আজি পৰা তুমি আৰু মই মিলি আমি হʼলো।
এতিয়া আমাক কোনো বাধাই আৱৰি ধৰিব নোৱাৰে।
তোক পালেওঁ যে মোক আৰু একো নালাগে।
:- তোৰ সপোনবোৰ ও পূৰণ হ'ল ।লগত মোৰ সপোনো পূৰণ।তোকো মই সদায়ৰ বাবে কাষত পালোঁ। ধন্য হ'লো তোক পাই ।তোকো মই ধন্যবাদ দিলোঁ যাৰ বাবে ইমান দিন থাকিছিল সেইবাবেই আজি সপোনবোৰ পুৰণ হ'ল ।আজি হে বুজিলোঁ যদি নিজৰ মানুহবোৰে সাহস আৰু প্ৰেৰণা যোগাই তেনে হ'লে নিজৰ সপোনবোৰৰ পুৰণ কৰিব সহজ হয় পৰে । এয়াই প্ৰকৃত প্ৰেমৰ নিদান।
দুয়ো মিলি ঘৰখন সাজি।সুখীৰে দিনবোৰ পাৰ কৰিছে ।
✍️মিন্টু গোৱলা, লখিমপুৰ, কদম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ