হৃদয়ৰ ভগ্ন কোঠালীত ঠেঁচি-ঠেঁচি সুমুৱাই ৰখা
আৱেগৰ এখনি নদী,নীলা চিয়াঁহীৰ ...।
এৰা ! বহুদিনৰ মূৰত ময়ো আজি
হৃদয়ৰ দুৱাৰখন খুলি দিছোঁ
পুৰণি স্মৃতিবোৰক পুনৰাই আওৰাও বুলি !
বুকুৰ স্পন্দনবোৰ বহুদিনৰ মূৰত আকৌ শুনিছোঁ।
সেই ষাঠি বছৰৰ আগৰ
পুৰণি বাকচৰ ভিতৰত চিঠিবোৰ উৱঁলি গৈছে,
দুই-এখন একেবাৰে অস্পষ্ট
মোৰ চকুৰ দৃষ্টিৰে চুই চাব নোৱাৰাকৈ।
তথাপি সাঁচি ৰাখিছোঁ বৰ যতনেৰে পুৰণি চিঠিবোৰ
কাৰণ চিঠিবোৰে যে আৱেগক জুখিব পাৰে।
কেইবাটাও দিন-ৰাতিৰ প্ৰতীক্ষাৰ অন্তত
দৌৰি যাওঁ ডাকোৱালৰ হাতৰ পৰা চিঠিখন তুলি ল'বলৈ;
চিঠিখন নহালৈ ৰাতিবোৰ নাযায়-নুপুৱায়
কিমান যে হেঁপাহ প্ৰতিটো দিনৰ ... !
সীমান্তৰ বুকুৰপৰা সৈনিক ককাইদেউৰ চিঠিখন আহিলেই
মোৰ আজলী আইক চিঞৰি-চিঞৰি পঢ়ি শুনাও।
কেতিয়াবা আইয়ে হাঁহে আৰু কেতিয়াবা
চাদৰৰ আঁচলেৰে চকুলো মচে;
আইৰ বুকুৰ ক্ৰন্দনবোৰ মোৰ বুকুতো বাজে।
বহুদিন অপেক্ষাৰ অন্তত
প্ৰিয়তমৰ এখনি চিঠি আহে।
"প্ৰতি,
মৰমৰ ......... ।।"
আইৰ চকুত ধূলি দি
শিতানৰ গাৰুটিৰ তলত লুকুৱাই মনে মনে চিঠিখন পঢ়ো।
উস্ ! বুকুখন মৰমেৰে উপচি পৰে অ' ,
ম্লান ওঁঠতো মোৰ হাঁহিটিয়ে প্ৰাণ পাই উঠে ।
তিনিকুৰি বছৰৰ আগৰ পুৰণি চিঠিবোৰে
মোৰ অতীতক ঘূৰাই দিয়া যেন পালোঁ।
চিঠিৰ প্ৰাসংগিকতা নাই এতিয়া
মন গ'লেই কাৰোবাৰ খবৰ লওঁ
কাৰণ- ম'বাইলটোৱে যে মোৰ হাত এৰিবই নোখোজে ।
কিন্তু হেঁপাহ আৰু আৱেগবোৰে মোৰ লগ কেতিয়াবাই এৰিলে।
চিঠিবোৰ জাপি-কুঁচি ভগা বাকচটোত পেলাই দিলো
বহুদিনৰ মূৰত এটি দীঘলীয়া হুমুনিয়াহ এৰিলো।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ