এপৃষ্ঠা সঁচা জীয়া কাহিনী
বেলিটোলৈ চাই অভিমান কৰা
প্ৰতিটো অভিমানী কথাই
এতিয়া সোঁৱৰণী পৃষ্ঠাত
অভিমানী বৰষুণজাকত
বিলীন হৈ উন্মনা হোৱা
সেই দিনবোৰো এতিয়া
সোঁৱৰণী পৃষ্ঠাত স্পষ্ট ।
আঁউসীৰ জোনাকে প্ৰশ্ন কৰা
মূহুৰ্তবোৰো সোঁৱৰণী পৃষ্ঠাত
সুখৰ প্ৰতিচ্ছবিবোৰ এতিয়া
সোঁৱৰণী পৃষ্ঠাত সংগ্ৰহীত
আৰু বিষাদৰ টুকুৰাবোৰ
দুচকুৰ সন্মুখত
লাহে লাহে জোনাকত হেৰাই যোৱা
দুটি নয়নৰ দৃষ্টিও এতিয়া
সোঁৱৰণী পৃষ্ঠাত স্পষ্ট ।
অন্ধকাৰৰ নিঃসংগতাত
নিজকে হেৰুৱাই দিয়াৰ প্ৰস্তুতি
এতিয়া মাথোঁ সুঁৱৰো
সোঁৱৰণী পৃষ্ঠাৰ প্ৰতিটো কাহিনী
পঢ়ি চাওঁ সেই জীয়া কাহিনী
শব্দৰ জাল গুঠা কাহিনীয়ে
সোঁৱৰণীৰ পৃষ্ঠা ভৰাই তুলিছে।
সোঁৱৰণী পৃষ্ঠাত লিপিবদ্ধ
সোণালী দিন, মধুৰ সময়
সকলোবোৰ মাথোঁ সোঁৱৰণী পৃষ্ঠাত
স্মৰণীয় প্ৰতিটো ক্ষণেই
সোঁৱৰণী পৃষ্ঠাত সামৰি
একাষৰীয়াকৈ ৰাখিবলৈ মই বাধ্য
কেৱল সোঁৱৰণী পৃষ্ঠাত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ