মায়া — অৰূপ বড়ো

©Admin
0
এই মায়া মিছা!
আপুনি মিছাতে মায়াৰ নিচাত ভুল নাযাব;
মা কছম এদিন হয়তো 
অনুশোচনাৰ ভাইৰাছে দহিব,
আচলতে কি জানা
বিনিময়ত সিহঁতবোৰ স্বাৰ্থপৰ?
চকুলোত মিছা
প্ৰেমত মিছা
আশাত মিছা
বিশ্বাসত মিছা
বিপদত মিছা
প্ৰতিশ্ৰুতিত মিছা!
চৌদিশে মিছাৰ প্ৰয়োভৰ,
এইবোৰ গুণ থাকিবলৈ হ'লে
আপোনাৰ থাকিব লাগিব
বিশাল অন্তৰৰ এখন শিলাময় হৃদয়!
সঁচা অৰ্থত সিহঁত
আপোনাৰ দুখত দুখী নে
আপোনাৰ সুখত সুখী নে!
হয়তো ক'ব পাৰে
অহুকাণে-পহুকাণে
জানো নহয় তেওঁ..!
গঢ়িব লাগিব ঘৰ
সাজিব লাগিব জখলা
আপুনি আপোনাৰ নিজৰ বাবেই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)