বিৰহ বা মিলনৰো নহয় ।
কিছুমান কাহিনী কেৱল অনুভৱৰ ...
কেতিয়াবা এমুঠি আদৰৰ
ভোকৰ এসাঁজ ভাতৰ
মৰমৰ এষাৰ মাতৰ ...
এৰা , কিছুমান কাহিনী বৰ বিশেষ । যি কাহিনীৰ ভৰ বুকুত বান্ধি জীয়াই আছিল আবেলি , অৰুন্ধতী , আগান আৰু প্ৰসন্ন ককাইদেউৰ দৰে মানুহবোৰে । যি কাহিনীৰ পৰিণাম বুজি পোৱা নাছিল জনাৰ্দন বৰঠাকুৰ , আবেলিৰ মাক অৰুণা , অৰ্ঘা আৰু বাবুলৰ দৰে মানুহবোৰে ।
আবেলি তেনেই এটি সাধাৰণ নাম অথচ সাধাৰণ ছোৱালী । কিন্তু এই সাধাৰণ ছোৱালীজনী কিমান বেছি স্বাভীমানী , অঁকৰা আৰু অভং আছিল সেয়া বুজি পাইছিল মাথোঁ অৰুন্ধতীয়ে । খহি পৰিব ধৰা বেলিফুলপাহক সামৰি ৰাখি দায়িত্বশীল এজনী ছোৱালী হিচাপে গঢ় দিয়াত অৰুন্ধতীৰ যি অৱদান আছিল সেয়া আবেলি আৰু আগানৰ বাহিৰে ভালকৈ জানো কোনোবাই জানিছিল ? নাই এই দুটি প্ৰাণীৰ লগতে যতীন দাৰ বাহিৰে যে আৰু কোনেও এই কথা বুজি পোৱা নাছিল । বুজি পোৱা নাছিল মৰমৰ অকণমান আদৰ ।
ব্ৰাক্ষ্মণ পৰিয়ালত শূদ্ৰৰ স্থান নগণ্য বুলিয়েই অপমানিত কৰা হৈছিল আবেলিক । অৰুন্ধতীৰ পতি জনাৰ্দন বৰঠাকুৰৰ বাবে তাই সদায় এলাগী আছিল । কাম কৰাৰ বিনিময়ত দুটামান টকা হাতত দিয়েই আঁতৰাই ৰাখিব বিচাৰিছিল আবেলিক তেওঁৰ ঘৰখনৰ পৰা । তাই সেই ঘৰটোত সোমোৱাৰ পিছত গোৱৰ পানী ছটিয়াই শুদ্ধি কৰিছিল তেওঁ । তথাপিও কোনোদিনে অৰুন্ধতীয়ে আবেলিৰ মনত কষ্ট পাবলৈ দিয়া নাছিল । এই স্বাভিমানী বেলিজনীক বুকুৰ মাজত ৰাখিহে তেওঁ ভালকৈ উশাহ ল'ব পাৰিছিল । ব্ৰাহ্মণ সমাজৰ নিয়মবোৰ তেওঁ আবেলিৰ ক্ষেত্ৰত পৰিচালনা কৰিবলৈ মুঠেই অপাৰগ আছিল । সেয়ে হয়তো আবেলিয়েও বৰমাকক নিজৰ মাকতকৈ ভাল পাইছিল । তেওঁৰ হৈ মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছিল । ভগৱানৰ ৰূপত বৰমাকক তাই দেখা পাইছিল ।
দেউতাকৰ মৰমৰ আবেলি জনী দেউতাক নোহোৱাৰ পৰা মাকৰ বাবেও অপ্ৰিয় হৈ পৰিছিল । জনাৰ্দন বৰঠাকুৰৰ ঘৰখনত মুঠেও দেখিব নোৱাৰা মানুহ জনীয়ে এবাৰলৈও বুজি পোৱা নাছিল অৰুন্ধতী আৰু আবেলিৰ সম্পৰ্কটো কিমান মধুৰ । ঘৰখনত আবেলিয়ে মাথোঁ মাকৰ পৰা সদায় কটূ ব্যৱহাৰেই পাইছিল । মাকে তাইক টকা উপাৰ্জন কৰা এটা মেচিন হিচাপেহে গণ্য কৰিছিল । তাইৰ ইচ্ছা অনিচ্ছাৰ প্ৰতি তেওঁৰ দয়া - মমতা একো নাছিল ।
সদায় অপমান , কটূ ব্যৱহাৰ পোৱাৰ পিছতো আবেলিৰ জীৱনটো সলনি হৈছিল । বৰমাকৰ দৰেই মৰম যত্নৰে উপচাই পেলাব পৰাকৈ আৰু এজন মানুহ আছিল আগান । যিয়ে আবেলিৰ স্বাভিমানী মনটোক বুজি পাইছিল , বুজি পাইছিল তাইৰ আব্দাৰবোৰ আৰু প্ৰয়োজনবোৰ । ইমান মৰম - আদৰক জানো নেওচা দিব পাৰি ? পৰা নাছিল আবেলিয়েও । তাইও প্ৰেমত পৰিছিল আগান নামৰ যুক্তিবাদী অথচ মৰমেৰে ভৰপূৰ লʼৰাটোৰ । যিটো লʼৰাই সময় সাপেক্ষ জনাৰ্দন বৰঠাকুৰৰো মুখৰ মাত বন্ধ কৰি তেওঁৰ অহংকাৰ খৰ্ব কৰিব পাৰিছিল ।
আবেলিক বুজি পোৱা মানুহ আৰু আছিল । তাইৰ আটাইতকৈ ভাল বান্ধৱী ৰʼদালী আৰু কলেজৰ ভাস্কৰ ছাৰ , প্ৰাঞ্জল ছাৰ , দ্বীপশিখা মেʼম , চিত্ৰলেখা মেʼম , জাকিৰ ছাৰ আদি সকলোৱে তাইক ভাল পাইছিল । তাইৰ পঢ়াৰ প্ৰতি থকা আগ্ৰহটোক তেওঁলোকে আদৰ কৰিছিল । কিন্তু তাইৰ জন্মদাত্ৰী মাতৃয়ে তাইৰ সেই অকণমানি মনটোৱে যে কেৱল পঢ়িব বিচাৰে সেয়া বুজি পোৱা নাছিল । বুজিছিল অৰুন্ধতী আৰু আগানে । সেয়ে তাই বিচলিত নোহোৱাকৈ জীৱনত সফল হ'ব পাৰিছিল ।
জীৱনলৈ অহা কিছুমান ধুমুহাই মানুহক সফল কৰে । কিছুমান ধুমুহাই মানুহক কোঙা কৰে । আবেলিৰ জীৱনলৈও আহিছিল তেনে কিছুমান অনাকাংক্ষিত ধুমুহা । তথাপিও তাই ভাঙি পৰা নাছিল । তাইৰ ওচৰত সাহস হৈ আছিল আগান আৰু অৰুন্ধতী । তাই নিবিচৰাকৈয়ে গানৰ জৰিয়তে এসময়ত জনপ্ৰিয় হ'ল । নিউজ চেনেলৰ অনুষ্ঠানত , ফেচবুকৰ প্ৰফাইলত তাই নিজকে আৱিষ্কাৰ কৰিলে । অথচ এই যাত্ৰা তাইৰ বাবে অনিচ্ছাৰ আছিল । স্বাৰ্থলোভী মাকৰ টকাৰ প্ৰতি থকা লোভৰ বাবে তাই অনিচ্ছা স্বত্বেও সেইবোৰ কৰিবলৈ বাধ্য হৈছিল । আনৰ লগত ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতাত ভাগ লোৱা মাকৰ মুখৰ হাঁহিটো আৰু ভায়েকৰ অভাৱ বোৰ দূৰ কৰিব পৰাতেই তাই কৰি গৈছিল সকলো । কিন্তু সেই অনিচ্ছাকৃত যুঁজৰ পৰা তাই আঁতৰি আহিছিল লাহে লাহে । আগানক ভালপোৱাৰ পিছতো মাক আৰু গাঁৱৰ মানুহে মিলি দুয়োটাকে অপৰাধী সজোৱা আৰু জৰিমনা ভৰি আঁঠু ল'বলৈ চেষ্টা কৰাৰ সময়তো যেতিয়া আগানে নিজকে অৰ্ঘাৰ মায়া জালৰ পৰা মুক্ত নকৰাকৈ আৰু আবেলিৰ সপোন পূৰণ নোহোৱাকৈ যেতিয়া বিয়া কৰাম বুলি প্ৰতিশ্ৰুতি দিব পৰা নাছিল সেই সময়তো আবেলি ভাঙি পৰা নাছিল । তাইৰ ওচৰত সকলোকে কথাৰে থকাসৰকা কৰি পেলাব পৰাকৈ শক্তিশালী আছিল তাইৰ মৰমৰ বৰমাক অৰুন্ধতীজনী ।
সকলো মিছা যেন লগাৰ পিছতো সঁচা হয় সকলো । অকলশৰীয়া হোৱাৰ পিছতো আপোন হয় বহুতো । সঁচা হয় অৰুন্ধতী , আগান আৰু আবেলিহঁতৰ দৰে ভালপোৱাৰে ভৰপূৰ মানুহবোৰে দেখা সপোনবোৰ । অৰ্ঘাৰ হাজাৰ emotional blackmail ৰ পাছতো জয়ী হয় আগানৰ আবেলিৰ প্ৰতি থকা সঁচা ভালপোৱা । উচ্চশিক্ষিত সমাজৰ সন্মানত আঘাত লাগিব বুলি সঁকিয়াই দি আগানৰ পৰা আঁতৰি যাবলৈ কোৱা আবেলিৰ সপোনবোৰ , ভালপোৱা বোৰ সঁচা হয় । নিজৰ ভালপোৱাৰ পুৰণা স্মৃতি হিচাপে আজীৱন অন্তৰত প্ৰসন্ন ককাইদেউক ৰাখি থোৱা অৰুন্ধতীৰ আগান আৰু আবেলিৰ মাজতে দেখা সপোনবোৰ সঁচা হয় । মহাদেৱৰ ওচৰতো কৃষ্ণ কৃষ্ণ কৰা আবেলিৰ প্ৰাৰ্থনাবোৰ সঁচা হয় । শূণ্যৰ পৰা আৰম্ভ কৰা সকলোবোৰ সঁচা হয় । "শূণ্য" ই আকৌ এবাৰ আবেলিক তাইৰ ইচ্ছাৰে জনপ্ৰিয় হোৱাত সহায় কৰাটো সঁচা হয় । মৃত্যুৰ ক্ষণ গণি মাথোঁ এবাৰ মাজুলীলৈ যাব বিচৰা অৰুন্ধতীৰ সপোনটো সঁচা হয় । প্ৰসন্ন ককাইদেউক শেষবাৰৰ বাবে এবাৰ চাব বিচৰা সিদ্ধান্ততো সঁচা হয় । বৰমাকক এখন নিজৰ ঘৰ উপহাৰ দিয়া আবেলিৰ সপোনটো সঁচা হয় । দেউতাকৰ প্ৰতিশ্ৰুতি , দেউতাকৰ সপোনবোৰ পূৰণ কৰাত আবেলি সঁচা হয় । খং , কাজিয়া , অভিমানৰ পাৰ ভঙা মৰমবোৰ সঁচা হয় ।
আবেলি মাথোঁ এটি নাম নহয় । আবেলি এক স্বাভিমানী সত্বা । আবেলি আন দহজনী নাৰীৰ বাবে এক বিৰল প্ৰতীক । কাৰো ওচৰত হাত পাতিব নিবিচৰা আবেলিক তাইৰ সপোনবোৰে , কষ্ট বোৰে , দায়িত্ব বোৰে জীয়াই তোলে একোপাহ বেলিফুল হিচাপে । "আবেলি"ও এটা কাহিনী
কেৱল ভালপোৱাৰে ভৰপূৰ মানুহবোৰৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ