কবিতাই মোৰ অশান্ত মনৰ বুজ লয়।
সেইবাবে মই ভাল পাওঁ, কবিতা।
মনৰ অবুজ বেদনাৰ ক্ষতিয়ন
কৰি কলমৰ চিয়াঁহীৰে
অলেখ আশাৰ বতৰা দি যায়।
নীৰৱতাৰ সুৰ হৈ থুকা-থুক
শব্দৰে ভৰাই নিয়ে উকা পৃষ্ঠা
সেইবাবে ভাল পাওঁ, কবিতা।
কবিতাই অলেখ সুখ-দুখ,
হাঁহি- কান্দোনৰ পৃষ্ঠাবোৰ
পঞ্জীয়ন কৰি নিয়ে ।
আকাশৰ নীলা, পাহাৰ ,
পাৰ্বত্য, বতৰ,জলবায়ু আৰু
সেউজীয়া প্রকৃতিৰ বুকুত
মুগ্ধ হৈ স্বপ্নভুৰ হোৱা দৃশ্যৰ
চিত্রাঙ্কন কৰি মনত সকাহ
ল'বলৈ পাৰো বাবে মই কবিতাৰ
প্রেমত পৰিছোঁ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ