কিমান নিষ্ঠুৰ হ'ব লাগিব- সীতা দেৱী

©Admin
0
চকুৰ পৰা তেজৰ লোতক,
মুখৰ পৰা তেজ...
ডিঙিত আঘাত,
পেটত আঘাত,
বাওঁ ভৰিত আঘাত,
ওঁঠজুৰিত তেজৰ চেঁকুৰা
সোঁহাতৰ আঙুলি ভঙা
গুপ্তাংগৰ পৰা তেজৰ ধাৰ
সমস্ত শৰীৰ ক্ষত বিক্ষত
ক'লা দাগ...
উফ্ কিমান নিষ্ঠুৰ ...?
কিমান হৃদয় বিদাৰক দৃশ্য
যন্ত্ৰণা কল্পনাতীত...
বীৰ্য ১৫১ গ্ৰাম(সত্যতা বিচাৰ্য)
কমেও ১৫-২০ জন
অসহ্যকৰ...
মন মগজু কঁপাই তোলা আদিম উল্লাস
নিদাৰুণ...
নৰ পিশাসৰ অট্টহাস...
বৰ্বৰতাত বিবেক শূণ্য
টনা আজোৰা
কাপোৰ ফালি চিৰাচিৰ...
তুমুল যুদ্ধ দানৱৰ লগত
জীৱন আৰু পৱিত্ৰতা ৰক্ষাৰ
মৰণপণ চেষ্টা...
সত্য বিফল...
বিভিৎস কুকৰ্ম দানৱৰ
মৌমিতাৰ পীড়াত
 আনন্দৰ আখৰা
এদল ভণ্ড ৰাং কুকুৰৰ।
চিত্ৰ অংকন কৰিম কিদৰে...
ভৰিৰ অৱস্থান ৯০ডিগ্ৰী
ছিন্ন ভিন্ন হাড়ৰ জোৰা
হৃদয় বিদাৰক নাৰকীয় খেলা...
১১৩টা দাঁতৰ কামোৰ
ধিক পশুতকৈও অধম দানৱ
বুকুখন ফাটি গৈছে
খঙত
ক্ষোভত
নৃশংস হত্যালীলা।
কঠোৰ পৰিশ্ৰম
সুচিকিৎসক হৈ মানৱ সেৱাৰ ব্ৰত,
পিতৃ মাতৃৰ সপোন
নিমিষতে জ্বলি ছাই হৈ গ'ল।
১৩ বছৰীয়া প্ৰেমৰ মধুৰ আস্থাৰ গান
নিমিষতে শেষ...!
আৰু যুগ্ম জীৱনৰ পাতনি...!
আকৌ,
ধিক সহকৰ্মী ধিক...
সহিব নোৱাৰা
সৰ্বকালৰ নিকৃষ্ট নাৰকী কাণ্ড,
বিশ্ব ব্যাপী হ'ল।
ফুলৰ দৰে কোমল মৌমিতা
নিথৰ হ'ল
অকলে যুঁজি যুঁজি , অকাৰণত,বিনা দোষত 
নুমাই গ'ল
এগছি আশাৰ দীপ্ত বন্তি ।।

✍️সীতা দেৱী , বিহপুৰীয়া।

( ০৮আগষ্ট/২০২৪ তাৰিখে ধৰ্ষণৰ বলি হৈ মৃত্যু বৰণ কৰা মানৱ সেৱা ব্ৰত হিচাপে গ্ৰহণ কৰা ডাক্তৰ মৌমিতা দেৱনাথৰ সোঁৱৰণত উচৰ্গিত কবিতা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)