যি শব্দই মোক আনন্দ দিছিল,
এটা সম্পৰ্কক সুখময় কৰি তুলিছিল।
বন্দী হ'ল সেই শব্দ
চাৰিওফালৰ ইটাৰ মাজত।
বিচাৰি ফুৰিছো সেই শব্দ
যি শব্দই মোক সাহস দিছিল,
বিশ্বাস হিচাপে থিয় দিছিল।
নাই আজি সেই শব্দ।
অচিন পথত অচিন মানুহৰ
মাজত হেৰাল সেই শব্দ।
বিচাৰি বিচাৰি সেই শব্দ
মই হেৰাই গ'লো অচিনাকি পথত।
পূব নে পশ্চিম, উত্তৰ নে দক্ষিণ।
কোন ফালে বিচাৰো সেই শব্দ ।
থমকি ৰ'লো মাজত মই।
✍️অৰুণামালি মৰাণ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ