হেঁপাহ আছিল প্ৰাণ ভৰি এপলক চোৱাৰ
কিন্তু..... কিন্তু তোমাৰ কপালৰ ৰঙা বেলিটিৰ
উত্তাপ ইমান আছিল যে চাওঁ বুলিও চোন চাব নোৱাৰিলোঁ তোমাক !
ভালে থকাৰ কথা নুসুধিবা মোক
মিছা হাঁহিৰ প্ৰলেপ সানি কিমাননো কৰিম
সুখী হোৱাৰ অভিনয় .........
সুখক কবৰ দিয়া বহু দিনেই হ'ল!
প্ৰশ্ন নকৰোঁ তোমাক
ভালে আছা নে বুলি
ভালে থকাৰ সংজ্ঞা যে প্ৰকাশিত কৰিছে
তোমাৰ কপালৰ ৰঙা বেলিটিয়ে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ