: হ'ব ।মা মই আজি পাৰ্লা নুখুলো।মা কʼৰ পৰা আহিব ?
লʼৰা জন ভাল নে? কিবা কʼৰে?
: মই শুনাত লʼৰাজন ভালেই।লʼৰাজন সৰু কিবা চাকৰি কৰে বোলে। সিহঁতৰ ঘৰত বৰ্তমান তিনিজন হে থাকে।বাই দুজনী আৰু ভনী দুজনী বিয়া হ'ল।
তাৰ ডাঙৰ দাদা জন চহৰ কলেজৰ অধ্যাপক সিহঁ বোলে গুৱাহাটী থাকে ।অকল ল'ৰা জন আৰু দুজনী মাক হে গাওঁৰ ঘৰত থাকে। দেউতাক বোলে এজনী বিয়া পাতিছিল।
তোৰ বিয়া দিয়াৰ বয়স হ'ল । সেই বাবেই আজি সিহঁতক মাতি পঠিয়াছো। পঢ়া-শুনা কৰিটো একো এটাই নহ'ল ।ভালে তোৰ বৃদ্ধিৰে নিজৰ খৰচ বোৰ উলিয়াইছ ।
: উম! মোৰ লগৰ বোৰ বিয়া হৈ গʼল । মই হে বাকী আছোঁ।ময়ো নো আৰু কিমান ঘৰৰ বুজাহৈ থাকিম । এতিয়া সময় আহিল আৰু এখন ঘৰ স্বম্ভালিৱ।
শেৱালীয়ে পঢ়া-শুনা কৰি চাকৰি নোপোৱা কাৰণে নিজৰ খৰচ সমূহ উলিয়াই আছে।তাইৰ বয়স হৈছে বিয়া হʼবলৈ, কিন্তু কোনো ভাল লʼৰা পোৱা নাই বুলি ।বিয়া হোৱা নাই, কিন্তু আজি তাইৰ কপালতো খুলি এজন লৰাই তাইক চাবলৈ আহিছে।
নিয়ৰ আৰু তাৰ প্ৰিয় বন্ধু মৃদুলৰ লগত তাইৰ ঘৰলৈ ওলাল। শেৱালীৰ ঘৰৰ মানুহে নিয়ৰক প্ৰসন্দ কৰিলে।যে শেৱালীৰ জীৱন সংগী নিয়ৰেই হ'ব ।
মৃদুলেও শেৱালীক প্ৰসন্দ কৰিলে আৰু নিয়ৰক ক'লে
:- দুয়োটা মিলিবি আক।তোৰ প্ৰসন্দ হৈছে নাই ।
:- মোৰ প্ৰসন্দ হৈছে।
দুয়ো মিলি কথা পাতি । শেৱালীৰ ঘৰৰ মানুহক মৃদুলে ক'লে যে - নিয়ৰে শেৱালীক প্ৰসন্দ কৰিছে । এতিয়া লʼৰা ছোৱালীৰ প্ৰসন্দ হ'ল যদি বিয়া চলাব লাগে।
শেৱালীৰ মাকে ক'লে:- ৰবা! তুমি ক'লে নহ'ব । মই মোৰ ছোৱালীক সুধি লওঁ।মাজনী তোৰ প্ৰসন্দ হৈছে নে?
লাজুকীয়া চাৱনিৰে নিয়ৰৰ ফালে চাই ক'লে
:- মা মোৰ প্ৰসন্দ আছে ।বাকী কথাবোৰ আগবাঢ়িব লাগে।
শেৱালীৰ মাকে ক'লে যে:- উম! হ'ব ।তঁহৰ প্ৰসন্দ আছে যদি আমাৰ ক'ব লগিয়া একো নাই। এতিয়া বিয়াৰ দিন ঠিক কৰিম ।
নিয়ৰে আৰু মৃদুলে হ'ব বুলি কৈ ঘৰলৈ আহিল । দুয়ো মিলি কথাষাৰ মাকৰ আগত এদিন আলোচনা কৰিবলৈ লʼলে।নিয়ৰে মাক ক'লে:- মা মই এজনী ছোৱালী চালোঁ।
:- কত চালি অ । ভালে নে ছোৱালী জনী?
:- বেচি দূৰৰ নহয় ।এই ঢকুৱাখনাৰ হয় । ভালেই পঢ়া-শুনাটো বি.এ পাছ কৰিছে ।ময়োতো বি.এ পাছেই ন । চাকৰি নাই বাৰু এনেই পাৰ্লা এখন খুলি নিজৰ খৰচ উলাই আছে।
:- তেনেহলে বিয়াৰ কথা পাতিবলৈ লাগে । ঠিক আছে।তোৰ প্ৰসন্দ আছে যদি আমি বিয়া দিয়াত সাজো আছোঁ।
:- উম সিহঁতৰ ঘৰৰ মানুহে বোৰে বিয়াৰ তাৰিখেৰ কথাই পাতিছে । আমাৰ হে বাকী আছে।
নিয়ৰৰ কথা শুনি মাকে ঘৰৰ পৰিয়ালৰ সৈতে কথা বতৰা পাতিবলৈ ,সাজো কৰিছে ।নিজৰ পৰিয়াল আৰু নিজৰ আত্মীয়ক মাতি কথা বোৰ আলোচনা কৰিছে।
নিয়ৰে শেৱালীক লৈ এদিন বাসুদেৱ থান লৈ গৈছিল
দুয়ো একেলগে মিলি কথা বোৰ পাতিছে। দুয়ো কথা বতৰা বোৰ আগবাঢ়ি গৈছে। সিহঁতৰ লগতে ঘৰৰ কথা বোৰো আগবাঢ়ি গৈছে।নিয়ৰৰ ঘৰ মানুহবোৰে একমত হৈ বিয়া কথা পাতিবলৈ শেৱালী ঘৰলৈ গৈছে।নিয়ৰৰ ঘৰ মানুহ যাব বুলি শুনি শেৱালীৰ কাম পৰা আজৰি পোৱা নাই।
প্ৰায় দুপৰীয়া সময়ত নিয়ৰৰ ঘৰৰ মানুহে শেৱালীৰ ঘৰত পালেহি।
সকলোৱে ভৰি হাত ধুই ।সকলো ড্ৰইং ৰোমত বহিছে।লগত চাহৰ জুতি লৈ কথাবোৰ পাতিবলৈ আৰম্ভ কৰিলে ।
নিয়ৰৰ মোমায়েকে ক'লে:- আমাৰ এজনে আপোনালোকৰ ছোৱালীক প্ৰসন্দ কৰিছে । সেয়ে আমি কথাবোৰ ভাঙি পাতি আলোচনা কৰিবলৈ আহিছোঁ। যিহেতু ল'ৰা ছোৱালীৰ প্ৰসন্দ আছে । সেই বাবেই বিয়াৰ অলপ দিন ঠিক কৰি দিয়া হওঁক!
শেৱালী মাকে ক'লে :- হয় । আপুনি ঠিকেই কৈছে
আজি সকলোৱেই মিলি বিয়াৰ তাৰিখেতো ঠিক কৰি লওঁ ।
সকলোৱে আলোচনাৰ মৰ্মে নিয়ৰৰ মোমায়েকে ক'লে যে :- ব'হাগ ১৫তাৰিখে আঙঠি পিন্ধোৱাৰ দিন ঠিক কৰিছো । আপোনালোকে কৰা জনাব ?
বিয়াতো ব'হাগৰ ২৪তাৰিখে বুলি ভাবিছোঁ।
শেৱালীৰ ঘৰৰ আত্মীয় সকলে ক'লে হ'ব । আপোনালোকৰ সিদ্ধান্ত ।আমি সাজো আছোঁ ।
দুই ঘৰৰ মতামতত এক হৈ আঙঠি পিন্ধোৱা আৰু বিয়া দিন ধাৰ্য্য কৰা হ'ল । ল'ৰা ছোৱালীও ঘৰৰ সিদ্ধান্তত একমত হ'ল ।
এদিন দুদিনকৈ দিনবোৰ পাৰ হৈ গʼল ।
সিদিনা আছিল ব'হাগৰ ১৫ তাৰিখ আজি নিয়ৰে। সাঁজি- কাঁচি ওলাইছে শেৱালীৰ ঘৰলৈ ।
কাৰণ আজি আঙঠি পিন্ধোৱাৰ দিন ।তাৰ দহ দিনৰ পিছত শেৱালী নিয়ৰৰ ঘৰৰ ন বোৱাৰী হৈ আহিব ।
ঘৰৰ মিতিৰ কুটুমে মিলি তাইক আঙঠি পিন্ধাবলৈ গৈছে।সকলো নিজৰ ৰীতি নীতিৰে শেৱালীক নিয়ৰে আঙঠি পিন্ধালে।
নিয়ৰ যিহেতু আহোম সম্প্ৰদায়ৰ লোক তেওঁ সম্পূৰ্ণ আহোমৰ ৰীতি নীতিৰে আঙঠি ও পিন্ধাইছে আৰু বিয়াও সেই আহোমৰ ৰীতি নীতিৰে কৰিব । আঙঠি পিন্ধোৱা পিছত ছোৱালী জনীয়ে ল'ৰা জনৰ লগত ইফালে সিফালে ঘুৰি ফুৰিবলৈ পাৰে।
এতিয়া দুয়ো ঘৰত বিয়াৰ প্ৰস্তুতি চলিছে।কাৰণ আৰু দহ দিনৰ পাছত বিয়া আছে।বিয়াৰ বাবে সকলোবোৰ যা- যোগাৰ বোৰ ইতিমধ্যে শেষ হৈ আহিল।
সময়ো এদিন দুদিনকৈ বিয়াৰ দিন কাষ চাপিছে ঘৰখনত মিতিৰ -কুটুমে ভৰি পৰিছে ।লগৰ বন্ধু সকলে বিভিন্ন কামত ব্যস্ত কোনোৱে ৰভা সজোৱা কামত । কোনোৱেই আক দৰাক গা ধুই ঘৰ সজাত ব্যস্ত।ঘৰৰ মানুহে নিজৰ মিতিৰ -কুটুমক আদৰি আনা আৰু দৰাৰ গাড়ী সজোৱাত ব্যস্ত। কাৰণ আজি ৰাতি নিয়ৰে দৰা সাঁজি শেৱালী ন কইনা সাঁজেৰে নিজৰ কাষত বহাই লৈ জীৱনৰ সুখ দুখৰ লগৰী হ'ব ।
প্ৰায় আবেলি সময়কণত নিয়ৰে দৰাৰ সাজেৰে সাঁজি -কাঁচি কইনা আনিবলৈ সাঁজো ।নিয়ৰৰ ঘৰৰ মানুহ বোৰৰ গাত আনন্দৰ সীমা নাইকিয়া হৈ উঠিছে।
৬বজা মান গাড়ী খন যাবলৈ আৰম্ভ কৰি। কমেও দহ খনৰো অধিক গাড়ী ।গাড়ীৰ লানি নিচিঙা গাড়ী
ফটকা , ঢোল ,পেঁপাৰ শব্দৰে গুম গুমাই উঠিল অঞ্চলতো, লাহে লাহে গাড়ী বোৰ কইনা ঘৰৰ পদূলি মূৰত পালেহি। ৰীতি- নীতিৰে দৰাক আদৰি লৈ ৰভাৰ তলত বহোঁলে।
ৰভা তলতীত এশ এগচ চাকি একেলগে জ্বলি উঠিছে। তাতেই সাধুজনে বিভিন্ন ধৰণৰ মন্ত্ৰৰে সোমৰ জুই জ্বলাই দিছে ।সোমৰ জুইৰ কাষত নিয়ৰ আৰু শেৱালীয়ে বহি সেই মন্ত্ৰৰ বোৰ আওঁৰাই গৈছে।
সেই সোমৰ জুইতে সাত জনমৰ বান্ধোন বোৰৰ পাক ঘুৰাইছে । ৰীতি নীতিৰে বিবাহৰ কাষ পাৰ কৰি এতিয়া কইনা বিদায় দিয়াৰ ক্ষণ । কইনা ঘৰ মানুহৰ চকু বোৰ সেমেকি আহিছে।কাৰণ ছোৱালী জনীক আজি নিজৰ ঘৰ পৰা বিদায় দিব আন এখন ঘৰলৈ সেইবাবেই সকলোৰ চকু বোৰ সেমেকা। তেনে সময়ত আপোনাৰ অনুভৱ নিশ্চয় তেনেকুৱা হ'ব ।
কইনা বিদায় দি কইনা ঘৰখন নিদান নিমাত হৈ পৰিল।
বিয়া- বাৰু শেষ হ'ল। ঘৰলৈ অহা আত্মীয় কুটুম বোৰ নিজৰ ঘৰলৈ গ'ল।মানুহেৰে ঘৰখন আজি খালি যে হৈ পৰিল। এতিয়া মানুহ বুলিবলৈ কবলৈ গ'লে - নিয়ৰ,শেৱালী আৰু মাক দুজনী। শেৱালীয়ে কেতিয়াও দুমাক জনীক ঘৰৰ কাম কৰিবলৈ নিদিয়ে।
ডাঙৰ জনী মাক অলপ অসুস্থ অকল কোনো মতে খোজ কাঢ়ে।সৰু জনী মাকে অলপ কাম -বন কৰিব পাৰে। সেই বাবেই শুই উঠি ঘৰ ঝাড়ু মৰা ইত্যাদি কৰিবলৈ লৈ ,কিন্তু শেৱালীয়ে কৰিবলৈ নিদিয়ে।
নিয়ৰৰ মাক দুজনীয়ে শেৱালীক নিজৰ ছোৱালীৰ দৰে মৰম কৰে।
এনেকৈ দিনবোৰ পাৰ হৈ গʼল।নিয়ৰো নিজৰ কামত ব্যস্ত হৈ পৰিল ।চাকৰি কামত বিভিন্ন ঠাইত ঘুৰাই ফুৰিতে সময় বোৰ পাৰ হ'ল।
হঠাৎ নিয়ৰৰ কাৰ্যালয়ত এজনী মহিলাৰ ন পোষ্টিং হৈ আহিছে।নিয়ৰে তাৰ লগত পৰকীয়া প্ৰেমত পৰিছে।যাৰ বাবে সদায় নিশা আহি শেৱালীৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ হল ।কাৰণ নিয়ৰে সেই পৰকীয়া প্ৰেমৰ নৈ ডুবি নকৰা কাণ্ড বোৰ কৰি থাকে।
নিশা ১১:০০বজাত ঘৰত সোমাই । শেৱালীয়ে শুই থকা বিছনা সোমাই। শেৱালীৰ চুলিকোচাত ধৰি টানি খুব মতে মাৰিছে।সৰু জনী মাকে এৰোবলৈ গৈছিল। কিন্তু এৰোব নোৱাৰিলে।
নিয়ৰে বৰ বেয়াকৈ মাৰিছিল । কিন্তু কি কৰিব নিজেই এৰোব নোৱাৰে । অৱশেষত তেওঁ এৰোই দিয়ে। আৰু সৰু জন মাকে শেৱালীক লৈ সিহঁতৰ লগত শুই থ'লে।
দিনক দিনে তাৰ ওপৰত অত্যাচাৰ বাঢ়ি গ'ল । শেৱালীৰ সপোনবোৰ ভাগি গʼল । ইমান হেঁপাহৰে ঘৰ খন সাজিবলৈ চেষ্টা কৰিছিল। কিন্তু কি যে হ'ব কালসময়ে সকলো শেষ হৈ গ'ল।তাই তথাপিও সকলো পাহৰি নিয়ৰৰক নিজৰ স্বামী বুলিলেই মৰম , স্নেহৰ বোৰ কৰে । কিন্তু নিয়ৰে শেৱালীয়ে ৰান্ধি দিয়া ভাত নেখাই ।আনকি তাইৰ লগত কথাও পাতিব নিবিচাৰে । শেৱালীয়ে নিজকে যেন অৱহেলিত বুলি ভাবি লয়। শেৱালীয়ে ইমান অত্যাচাৰ সহি জীয়াই আছে আৰু তথাপিও এইবোৰ ঘৰৰ মানুহক নকওঁ ।
কিন্তু দিনক দিনে অত্যাচাৰৰ বলি হৈ শেৱালীয়ে শুকাই ক্ষণাই হৈছে ।
লাহে লাহে কথাবোৰ শেৱালীৰ ঘৰত গম পালে।
নিয়ৰে কেতিয়াবা ঘৰলৈ নাহে, শেৱালীয়ে ওৰে নিশাই বাট চাই থাকে। কিন্তু নিয়ৰে সেই ৰীমাৰ পৰকীয়া প্ৰেমৰ জালত পৰি শেৱালীক অত্যাচাৰ কৰি আছে।নিয়ৰে ৰীমাৰ কথামতে চলিবলৈ লৈছে,যাৰ বাবে এনে অত্যাচাৰ চলি আছে।
শেৱালীয়ে একমাত্ৰ ভগৱানৰ ওচৰত খাটি আছে।তাই বিচাৰে যে মোৰ জীৱনত যিয়ে জুই লগাইছে।তাৰ কেতিয়াও ভাল দিন নাযায়। শেৱালীৰ ঘৰৰ মানুহে আহি শেৱালীৰ বিয়াত দিয়া যৌতুক বোৰ লৈ লগতে শেৱালীক লৈ গ'ল আৰু কʼৰ্টত গৈ দুয়ো পক্ষৰ মানুহৰ সাক্ষী হৈ বিবাহ বিচ্ছেদ পত্ৰত নিয়ৰে স্বাক্ষৰ কৰি শেৱালী এৰি দিয়ে।
আজলি শেৱালীজনীৰ জীৱনতো ধ্বংস কৰি পেলালে।যাৰবাবে শেৱালীৰ জীৱনত হোৱা অত্যাচাৰ সহিব নোৱাৰি চিন্তা কৰি কৰি মাকো এই পৃথিৱী এৰি নেদেখা জনৰ ওচৰলৈ গʼল। শেৱালী ও কথাবোৰ ভাবি কোনো পাৰ নোপোৱা হ'ল ।তাই এৰি থৈ অহা সেই পাৰ্লা খন খুলিবলৈ লৈছে।তাই মনত ভাৱিলে যে জীৱনত এবাৰেই ভূল কৰিলোঁ আৰু সেই ভূল দুবাৰ নকৰোঁ।যি হ'ল হৈ গ'ল।তাই জীৱনতো তেনেকৈ কটাবলৈ ধৰিলে । কিন্তু কেতিয়াবা সেই মা দুজনী লৈ মনত পেলাই অকলে কান্দে থাঁকে।
নিয়ৰে শেৱালীৰ জীৱন ধ্বংস কৰি মহাভূল কৰিলে ।তাৰ জীৱনত এতিয়া মাথোঁ অন্ধকাৰ হৈ কাল আমানিশাই আৱৰি ধৰিছে। যা বাবে নিয়ৰৰ ভবিষ্যতৰ কথা ভাবিব লগা হʼল ।ৰীমাৰ পৰকীয়া প্ৰেমৰ সম্পৰ্কত সকলো গʼল । এতিয়া না নিজৰ সন্তান আছে ।না তাৰ কোনো সহাৰি আছে। মাথোঁ জীৱনতো আছে আৰু কেইটামান ধন হে আছে।
এতিয়া কিন্তু নিয়ৰে অনুভৱ কৰে । শেৱালী ওপৰত অত্যাচাৰ কৰা বোৰ আজিও তাক কন্দোৱাই। কিন্তু পিছত অনুভৱ কৰি জানো লাভ আছে।মানুহে ঠিকেই কয় -" বৰষুণ গ'লে জাপি, চোৰ গʼলে বুদ্ধি।"
সেই অৱস্থাত হ'ল নিয়ৰৰ ।
শেৱালীয়ে সকলো পাহৰি জীৱনতোক নতুনকৈ সাজিবলৈ চেষ্টা কৰিছে।জীৱনতো সঁচাকৈয়ে বৰ জটিল ।জীৱনৰ অংক বোৰ বৰ জটিলে হয় ,কৰাই কৰি লৈ নকৰাই কৰিবও নোৱাৰি। ঠিক তেনেদৰে শেৱালীয়ে জীৱনতো তেনেকুৱা কটাছে।
======°°°°°°=======
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ