১৮/১৯ বছৰে একো কাম নাথকিলে ঘৰৰ বাহিৰ হৈ নোপোৱা লʼৰাজনৰ বাবে এখন নতুন অজান ঠাইত অকলে থাকিব লগা হলে তাৰ কাৰণে কিমানখিনি সম্ভৱ হ'ব ? কিমানখিনি শক্তি , ধৈৰ্য লাগিব তাৰ নিজৰ মনটোক বুজাবলৈ ।
অকলে থকাটো , নিজেই বনাই খোৱাটো , ইমান সহজ কথা নহয় !
হয় , মই ঘৰৰপৰা বাহিৰত থাকি কাম কৰা সেই ল'ৰাবোৰৰ মনৰ কথাখিনিয়েই লিখি আছোঁ , যাৰ সাক্ষী মই , মোৰ মনটো । বহুদিন মনৰ কথাবোৰ লিখিব পৰা নাছিলোঁ , সময়ৰ অভাৱ হৈছিল বুলি অজুহাত নেদেখাও : এতিয়া ভাগৰ , কষ্ট , দায়িত্ববোৰক প্ৰথমে সময় দিব লাগে ।
কিবা এটা কৰাৰ হাবিয়াস , নিজৰ ভৰিত নিজে থিয় দিয়া সেই চিন্তাটো , নিজৰ সপোনবোৰক বাস্তৱ কৰাৰ স্বাৰ্থত মনটো টোপোলা বান্ধি থৈ , কিছুমান ল'ৰা ঘৰৰপৰা বাহিৰত কাম কৰিব ওলাই আহে । ৰাতিপুৱা কামলৈ ওলাই গল , আবেলি আহি নিজে ভাত বনাই খাই শুই পিছদিনা পোহৰ হোৱাৰ লগে লগে আকৌ আগদিনাৰ দৰেই একে কাম , যন্ত্ৰ বুলি ভাবি ভুল নকৰিব কিন্তু এই লʼৰাবোৰক , মৰম ভালপোৱা , আবেগ অনুভুতি এইবোৰ লʼৰাৰো থাকে , কিন্তু সিহঁতে সময় দিব নোৱাৰে এইবোৰক ।
নিজৰ জীৱনত আগবঢ়াৰ যি সপোন , সেই সপোনক সাৰথি কৰি ইহতে আগুৱাই যাই ।
"কৰ্মই ধৰ্ম" সাহস , সততা , একাগ্ৰতা , প্ৰৰিশ্ৰম , কৰ্ম অবিহনে জীৱন শূণ্য। বৰ্তমান কণ্টেলৰ বিনামূলীয়া চাউল পাই কাম কৰিব নোযোৱা সেই এলেহুৱাকেইটা , দোকানত উলমাই থোৱা মেদ যোৱা চিপচকেইপেকেটৰ জলন্ত উদাহৰণ । যিয়ে নিজে একো এটা নকৰে কিন্তু বেলেগক ঠাট্টা কৰিব কেতিয়াও নেৰে ।
আগুৱাই যাওক প্ৰতিজন লʼৰা : যি কৰ্ম কৰি ভাল পাই , আৰু সিহঁতক জীৱনত আগুৱাবলৈ সাহস দিম আমি , সকলোকে প্ৰয়োজন হয় কেতিয়াবা কোনোবাই দিয়া অকণমান সাহসৰ ।
কোনোবাই দিয়া এই সাহসখিনিয়েই সঞ্জীৱনীৰ দৰে কাম কৰে । জীৱন তিনিটা আখৰৰ এটি সৰু শব্দ কিন্তু জীৱনে যি শিকাব , সেইখিনি শিক্ষা কোনো কিতাপতেই পোৱা নাযায় ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ