১ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫২টা দিন বাকী থাকে ।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৭৭৪ চনত যোছেফ প্ৰিষ্টলিয়ে অক্সিজেন আবিষ্কাৰ কৰিছিল।
২/ আজিৰ দিনটোতে ১৯৩৬ চনত একাদশ গ্ৰীষ্মকালীন অলিম্পিক এডল্ফ হিটলাৰে বাৰ্লিনত শুভাৰম্ভ কৰিছিল।
৩/ আজিৰ দিনটোতে ১৯৪৪ - এন ফ্ৰাংকে শেষ বাৰৰ বাবে ডায়েৰী লিখে।
৪/ আজিৰ দিনটোতে ১৭৭০ চনত এজন আমেৰিকান অভিযাত্ৰী, সৈনিক, ভাৰতীয় এজেণ্ট আৰু আঞ্চলিক লাট ৱিলিয়াম ক্লাৰ্কৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৮৯৯ চনত স্বাধীনতা সংগ্ৰামী, জৱাহৰলাল নেহৰুৰ পত্নী কমলা নেহৰুৰ জন্ম হৈছিল।
৬/আজিৰ দিনটোতে ১৭১৪ চনত ইংলেণ্ডৰ মহাৰানী এন ষ্টুৱাৰ্টৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ