" অ মা' , খৰিকটীয়াক জলকুৱঁৰীয়ে সোণ আৰু ৰূপৰ কুঠাৰ দুখন দেখুৱাই দিওঁতে কিয় খৰিকটীয়াই নালাগে বুলি কৈছিল? "
" সেই কুঠাৰ দুখন যিহেতু খৰিকটীয়াৰ নাছিল সি ল'ব খোজা নাছিল l সি জলকুৱঁৰীক তাৰ নিজৰ কুঠাৰখনহে বিচাৰিছিল l "
" জলকুৱঁৰীয়ে তেতিয়া কি কৰিছিল ? "
" জলকুৱঁৰীয়ে খৰিকটীয়াৰ সততাত মুগ্ধ হৈ পানীত ডুব মাৰি তাৰ কুঠাৰখনৰ লগতে সোণ আৰু ৰূপৰ কুঠাৰ দুখনো খৰিকটীয়াক আনি দিছিল l আৰু খৰিকটীয়াই তিনিওখন কুঠাৰ লৈ ঘৰলৈ গুচি গৈছিল l "
" তাৰ পাছত কি হ'ল মা '
তাৰ পাছত আৰু কি হ'ব l খৰিকটীয়াৰ সুখেই সুখ l কুঠাৰ দুখন বিক্ৰী কৰি সি বহুত টকা পালে l সেই টকাৰে সি ল'ৰা ছোৱালী , ঘৈণীয়েক আৰু নিজৰ বাবে কাপোৰ কিনিলে , বিভিন্ন খোৱা বস্তুৰে ঘৰ ভৰাই দিলে l ভঙা চিঙা ঘৰটো মেৰামতি কৰি ধুনীয়া কৰি তুলিলে l খৰিকটীয়াৰ সকলো অভাৱ গুচিল আৰু সি ধনী হৈ গ'ল l
আহ্ , ধনী হৈ গ'ল ! খৰিকটীয়াৰ সকলো অভাৱ গুচি ধনী হৈ গ'ল l খৰিকটীয়াৰ দৰে সোণমাইহঁতো যদি ধনী হৈ গ'লহেঁতেন l মাকৰ গল্পটো শেষ হৈছিল নে নহৈছিল, তালৈ সোণমাইৰ খবৰ নাছিল l তাই তেতিয়া উৰি গৈছিল কোনোবা সপোন ৰাজ্যলৈ...l য'ত কেৱল সুখেই সুখ l যিখন সপোন ৰাজ্যত কোনো অভাৱ নাছিল, নাছিল ভাত কাপোৰৰ বাবে কৰা হাহাকাৰ l তাই সেই সপোন ৰাজ্যলৈ গৈ জলকুৱঁৰীক লগ ধৰিব বিচাৰিছিল l তাই ক'ব বিচাৰিছিল " জলকুৱঁৰী, মোৰ দেউতাকো এখন সোনৰ কুঠাৰ আনি দিয়ানা l "
লৰালিতে মাকে কোৱা সেই সাধুটোৱে আজিও সোণমাইক খেদি ফুৰে l আজিও তাই সপোন দেখে l দিনটোৰ কাম সোপাৰ শেষত ৰাতি যেতিয়া তাই পাঁচফুট আঠফুট দীঘ প্ৰস্তৰ ষ্টোৰ ৰুম সদৃশ কোঠাটোলৈ আহি বিচনাত পৰি দিয়েহি তেতিয়া তাই সপোন দেখিবলৈ ধৰে l কাৰণ সেইখিনি সময় তাইৰ নিজা সময়, সেইখিনি সময়ত কোনেও তাইক কাম নাপাচে বা আমনি কৰিবলৈ নাহে l
সোণমাই অলসভাৱে তাইৰ ভাগৰুৱা শৰীৰটো কাঠৰ চালপীৰাখনত এৰি দিলে l এটা সময় আছিল যেতিয়া ৰাতি শুবলৈ অহাৰ সময়ত তাইৰ হাত ভৰিবোৰ টন্ টনাইছিল। বাচন ধোৱা চাবোনেৰে ক্ষয় নিয়া হাতৰ তলুৱা দুখনৰ জ্বলন পোৰণৰ কষ্ট পাইছিল l কঁকালখনত বিষ অনুভৱ কৰিছিল l আজিকালি তাই এইবোৰ কামত অভ্যস্ত হৈ পৰিছে l তাই চকু দুটা মুদি দিলে l পুৰণি ছবি কিছুমানে আহি তাই চকুৰ আগত ধৰা দিলেহি l পাহৰিব নোৱৰাকৈ তাইৰ সৈতে সংপৃক্ত হৈ থকা সেই স্মৃতি বোৰে আহি হেন্দোলনি তুলিলে, আৰু তাই গুচি গ'ল এৰি অহা দিনবোৰলৈ.......আৰু তেতিয়া তাইৰ ষ্টোৰ ৰুম সদৃশ কোঠাটোৰ পকী বেৰবোৰ হৈ পৰিল মাটি লেপা বাঁহৰ বেৰ l সেই বাঁহৰ জলঙাৰে ভাঁহি অহা জিলিৰ চি চিয়নি তাইৰ কাণত পৰিল l তাইৰ কাণত পৰিল তাহাঁতৰ বাৰীৰ বাঁহতলিৰ পৰা ভাঁহি অহা নিশাচৰ চৰাইৰ চিঞৰবোৰ। ৰাতিৰ নৈশব্দতাৰ সেই কোলাহল তাই ভাল পায় l তাই ভাল পাই তাহাঁতৰ গাওঁৰ সেই চিনাকি চিনাকি গোন্ধ l কেনেকৈ পাহৰিব পাৰে তাইৰ ঘৰখন, গাঁৱখন আৰু তাইৰ লগৰী ৰীতা, মুনু, থুনুহঁতৰ লগত খেলি ধূলি কটোৱা সময়বোৰ....
আৰু ঘৰখনৰ সেই দৰিদ্ৰতা !
বুভুক্ষতা ... অভাৱ গ্ৰেপ্তাৰ !
দুদিন ধৰি খাবলৈ নোপোৱা পেটৰ যন্ত্ৰণাৰ কথা! কেনেকৈ পাহৰি যাব ভোকত খাবলৈ নাপাই ফেঁকুৰি ফেঁকুৰি শুই পৰা ভায়েকৰ মুখখন, অসহায় মাকৰ চকু পানীৰে তিতি থকা চকুদুটা, কেঁকাই কেঁকাই বিচনাত পৰি থকা দেউতাকৰ ৰুগীয়া দেহা ...কেনেকৈ পাহৰি যাব তাইৰ ! নাই, নাই তাই একোৱেই পাহৰি যোৱা নাই l
" বৰুৱানী বাইদেউ বৰ সাদৰী অ ' l ঘৰুৱা কামখিনিত সহায় কৰি দিয়াৰ লগতে বৰুৱানী বাইদেউৰ ল'ৰাটোক চাব লাগে l মাকজনীয়ে ল'ৰাটোক এৰি অফিচ কৰিব লাগে বাবেহে তোক বিচাৰিছে l তই ভায়েৰক চোৱাৰ নিচিনাকৈ তাকো চাবি, তাৰ সৈতে খেলিবি l যাচোন দুদিনমান থাকি আহ , বেয়া লাগিলে গুচি আহিবি l তাত থাকিলে অন্তত দুবেলা খাই থাকিব পাৰিবি l "
মাকৰ কথাখিনি এতিয়াও সোণমাইৰ কাণত ৰি ৰি কৈ ভাঁহি আছে l
আৰু সেই খৰিকটীয়াৰ সাধুটো ! জুহালৰ গুৰিত ভায়েকৰ সৈতে বহি থাকোঁতে মাকে কোৱা খৰিকটীয়াজনৰ কথা ! সোণ আৰু ৰূপৰ কুঠাৰ দুখন বিক্ৰী কৰি সি যে ধনী হৈ গ'ল !
চকু দুটা মুদি মুদিয়েই সোণমাই সপোন দেখিবলৈ ধৰিলে, যিটো সপোনে তাইক অহৰহ খেদি ফুৰে " খৰিকটীয়া জনৰ দৰে দেউতাকৰ কুঠাৰখনো পানীত পৰি যাব l দেউতাকে কুঠাৰখন হেৰুৱাই হিয়া ধুনি কান্দিব l কান্দোন শুনি জলকুৱঁৰীয়ে সোণ আৰু ৰূপৰ কুঠাৰ একোখন আনি দেউতাকক দিব l আৰু দেউতাক ধনী হৈ যাব l ধনী হৈ গ'লে টোপোলা ভৰাই খোৱা বস্তু আনিব, ধুনীয়া ধুনীয়া চোলা পেন্ট আনিব আৰু সোণমাই তেতিয়া বৰুৱানী বাইদেউৰ ঘৰত বনকৰা ছোৱালী হৈ থাকিব নালাগিব, নিজৰ ঘৰলৈ যাব পাৰিব l "
ওহ, কিয় সোণমাই বাৰে বাৰে সেই একেটাই সপোন দেখে l তাই টোপনি যাবলৈ চেষ্টা কৰিলে l ক্ৰংকিটৰ মহানগৰীত তাই জিলিৰ মাত শুনা নাপায়, শুনা নাপায় নিশাচৰ চৰাইৰ চিঞৰ। দিনটোৰ গাড়ী মটৰৰ হৰ্ণ, কাষৰে কনষ্ট্ৰাকছন চলি থকা ফ্লেট কেইটাৰ থুং থাং শব্দ তেতিয়ালৈ নিৰব হৈ পৰিছে l নিতাল মাৰি সকলোবোৰ শুই পৰিছে l ব্যস্ততাপূৰ্ণ মহানগৰীয়ে যেন দিনটোৰ সমস্ত ভাগৰ এৰি টোপনিৰ কোলাত ঢলি পৰিছে l কিন্তু সোণমাই টোপনি যাব পৰা নাই l তাইৰ মন মগজু দখল কৰি বহি ৰোৱা স্মৃতিবোৰে তাইক আমনি কৰিছে , সপোনবোৰে তাইৰ সৈতে কথা পাতিছে l
......হাবিৰ পৰা কাটি অনা খৰি বজাৰত বিক্ৰী কৰি সন্ধিয়া দেউতাক ঘৰলৈ উভতিছিল l ভাগৰি জুগৰি জুৰুলা হৈ অহা দেউতাকৰ মুখখন সেই দিনা টিক টিকিয়া ৰঙা হৈ আছিল l মাকৰ হাতত কেইটামান চাউল আৰু আলুগুটি দি তুলি দি কৈছিল " সোণমাইৰ মাক , আজিকালি খৰি কিনেনো কোনে? ঘৰে ঘৰে গেছৰ চৌকা l কাইলৈ পাৰিলে দক্ষিণ পাৰৰ হাটলৈকে যাব লাগিব l " মাকে একো মতা নাছিল l টোপোলাটো লৈ তেওঁ ভিতৰলৈ সোমাই গৈছিল l একো নাই হ'ব l ৰাতিলৈ নিমখ ভাত আলু পিটিকাই খাব l এই লৈ মাকে কেতিয়াও অভিযোগ কৰা নাই l সোণমাইও একো আপত্তি নকৰে l ৰাতি ভাত খাবলৈ ধৰি ভায়েকে ঠেহ ধৰিছিল l নাখায় সি সুধা ভাত l কিন্তু মাকে যেতিয়া সাধু কৈ এগৰাহ দুগৰাহ কৈ ভাত কেইটা খুৱাই দিছিল , সি গমেই পোৱা নাছিল কাঁহিৰ ভাত কেইটা কেতিয়া শেষ হৈ গৈছিল l সেইদিনা মাজ ৰাতিৰ পৰা দেউতাকৰ কঁপি কঁপি জ্বৰ উঠিছিল l মেলেৰিয়া মহে হেনো কামুৰিছিল তেওঁক হাবিত খৰি কাটি থাকোঁতে l সেই তেতিয়াই যে মানুহজনৰ গাত বেমাৰ লাগিল, লাহে লাহে বেমাৰে তেওঁক লগ নেৰা হৈছিল l দেউতাক বেমাৰত পৰাৰ পাছত সোণমাইহঁতৰ পানীত হাঁহ নচৰা অৱ্স্থা হৈছিল l কোনো কোনো দিন গোটেই দিনটোতেই চৌকাত জুই ধৰা হোৱা নাছিল l অভাৱ গ্ৰসথতাত ঘৰখন দেউলীয়া হৈ পৰিছিল l এদিন মদন খুৰাকে গুৱাহাটীৰ বৰুৱানী বাইদেউৰ কথা কোৱাত মাকে লগে লগেই সোণমাইক পঠিয়াবলৈ মান্তি হৈছিল l অন্তত পেটৰ যন্ত্ৰণাৰ পৰা হাত সাৰিব পাৰিব l অৱশেষত এদিন সোণমাই টোপোলা বান্ধি ঘৰৰ পৰা গুচি আহিছিল l
ভায়েকৰ মুখখন সোণমাইৰ চকুৰ আগত ভাঁহি উঠিল l সেই যে পাঁচ বছৰ আগতে সাত বিহুৰ দিনা বৰুৱানী বাইদেৱে বগা মাৰুতি গাড়ী এখন লৈ সিহঁতৰ ঘৰলৈ আহিছিল, সেইদিনাৰ পৰাইতো তাক দেখা নাই l সি সেইদিনা দিনটো কি কৰি আছিল বাৰু !
সোণমাইৰ মনত পৰিল, সি বৰুৱানী বাইদেউ অহাৰ পৰাই পদূলি মুখত থৈ দিয়া বগা মাৰুতি গাড়ীখন আগুৰি চাই আছিল l হাতেৰে চুই চাইছিল গাড়ীখনৰ গাটো , চকা কেইটা, লাইট কেইটা l সেইদিনা তাই ঘৰ এৰি আহিবৰ পৰতো সি তাইৰ ওচৰলৈ অহা নাছিল l ক'ত আহিব সি ! সি যে ব্যস্ত হৈ আছে গাড়ীখনৰ লগত l তাই যেতিয়া ঘৰৰ পৰা বিদায় লৈছিল তেতিয়াও সি তাইলৈ ঘূৰি চোৱা নাছিল l চাই ৰৈছিল ধূলি উৰুৱাই ঘূৰি ঘূৰি গৈ থকা গাড়ীৰ চকাকেইটালৈ l তাৰবাবে সোণমাই তাক মুঠেও বেয়া পোৱা নাছিল l তাইৰ দৰে সিও চাগে সপোন দেখিব খোজে ধনী হোৱাৰ, এখন ধুনীয়া গাড়ীৰ গৰাকী হোৱাৰ l
যোৱা বছৰ মদন খুৰাক আহিছিল তাইৰ ওচৰলৈ l মাকে খবৰ কৰিবলৈ পঠাইছিল , লগতে তাই কাম কৰি পোৱা টকা কেইটাও আনিবলৈ কৈছিল l মদন খুৰাকৰ মুখৰ পৰা ভায়েকৰ টাইফয়েদ হোৱাৰ কথা গম পাইছিল l সি হেনো চিভিল হস্পিটেলত পোন্ধৰ দিন থাকিব লগা হৈছিল l তাৰ যোৱা থোৱা অৱস্থাই হৈছিল l কিন্তু সি নগ'ল । শৰীৰৰ হাড় কেইডালৰ মাজত জীউটো লৈ সি আকৌ ঘৰলৈ ঘূৰি আহিছিল l দেউতাকৰ অবস্থাও হেনো ভাল নহয় l কফে বুকু খুন্দিয়াই ধৰে, উশাহত কষ্ট পায় l এই হাঁপানি বেমাৰটোৱে তেওঁক কুটি কুটি খায় আহিছে l টকা থাকিলে ভাল চিকিৎসা কৰি সুস্থ হ'ব পাৰিলেহেঁতেন l কিন্তু টকা পায় ক'ত ? মদন খুড়াকৰ পৰা কথাখিনি গম পাই সোণমাই কান্দি উঠিছিল l নাই, তাই যেনে তেনে ঘৰখন ৰক্ষা কৰিবই লাগিব l তাই বৰুৱানী বাইদেউৰ ঘৰতে ভালদৰে কাম কৰি যাব l তাইক লৈ তেওঁলোক যেন অসন্তোষ নহয় l প্ৰতিমাহে তাই ঘৰলৈ টকা পঠাই থাকিব l
প্ৰতিটো কথাই একো একোখন ছবি হৈ সোণমাইৰ মন চক্ষুত ভাঁহি উঠিল l একোখন দুখ জৰ্জ্জৰ ছবি l একোটা শোক আহি তাইক খুন্দিয়াই ধৰেহি l একেবাৰে বুকুৰ অটলত। সোণমাই বিচনাৰ পৰা উঠি আহি কাষতে থৈ দিয়া পানীৰ বটলটোৰ পৰা কেইঘোতমান পানী খাই ল'লে l তাইৰ শ্বাসৰুদ্ধ হোৱা যেন লাগিল l খিৰিকী এখন খুলি দিব নেকি, তাই ভাবিলে ? নাই, তাইৰ সাহ নহ'ল l ৰাতিৰ এন্ধাৰলৈ তাইৰ ভয় লাগে l যেন নিশাৰ আন্ধাৰে বিৰাটকায় দৈত্য হৈ তাইক গো গ্ৰাহে গিলি থ'ব l
এক ধৰণৰ নৈশব্দতাত বুৰ গৈছিল চাৰিওফাল l হঠাৎ সকলো নৈশব্দতা ভংগ কৰি দূৰৈৰ পৰা ভাঁহি আহিছিল নাইট চকীদাৰটোৰ হুইছেলৰ শব্দ l তালৈও তাৰ পুতৌ উপজিল l বেচেৰা, টকা কেইটাৰ কাৰণেই তো ৰাতিৰ টোপনি ক্ষতি কৰি সকলোকে পহৰা দিছে l পিছ মুহূৰ্ততে তাই ভাবিবলৈ ধৰিলে টকাৰ বাবেইতো সকলো! তাই জানো শ্ৰম কৰা নাই! কিমান কষ্ট কৰে ঘৰখনৰ বাবে । ৰাতিপুৱাই জাবৰ নিয়াৰ বাবে লৰাটোৱে গেটত হুইচেল বজাই দিলেই তাই সাৰ পাই উঠে l জাৱৰৰ টোপোলাটো ঠেলাখনত তুলি দি তাই আগফাল পিছফালৰ বাৰাণ্ডা চোতাল সাৰি গা পা ধুই পাকঘৰ সোমায় l তেতিয়ালৈ বৰুৱানী বাইদেউ উঠে হে l তাইৰ পাকঘৰৰ কাম আৰম্ভ হয় l ভাত পানী বনাই তোলাৰ পৰা বাবুনৰ টিফিন ৰেডি কৰালৈ l ঘৰৰ সকলোবোৰ খাই লৈ ওলাই যোৱাৰ পাছত আকৌ সৰা মোচা, কাপোৰ ধোৱা কাম l অ'তসোপা কামৰ মোট মাৰি তাই আঢ়ৈটামান বজাত অলপ আজৰি হয়হে বাবুল স্কুলৰ পৰা আহি পায় l তাক খোৱাই বোৱাই তোলালৈ বেলিটো লহিয়াই পশ্চিম আকাশ পায়হি l সন্ধিয়া দাদা বাইদেউ অফিচৰ পৰা অহাৰ পাছত চাহ পানী দিয়াৰ পৰা ৰাতি ভাত ৰন্ধালৈ l ৰাতিৰ বাচন বৰ্তন ধুই শুবলৈ যোৱালৈ দহটা বাজে l
সোণমাই এন্ধাৰতে তাইৰ হাত দুখনৰ ফালে চাই পঠিয়ালে l মাকৰ কাষৰ পৰা দহ বছৰীয়া সোণমাই যেতিয়া ইয়ালৈ আহিছিল, পৰিছিল জানো গোটেই ঘৰখনৰ কাম চম্ভালি ল'বলৈ ?
ওহোঁ, তাই পৰা নাছিল l দহ বছৰীয়া সোণমাইৰ কাৰণে দিনবোৰ বৰ কষ্টকৰ আছিল l ৰাতি বিচনালৈ আহি সৰ্বশৰীৰৰ বিষত যেতিয়া ছটফটাই আছিল, চিনা মাটিৰ কাপ প্লেট ধুবলৈ গৈ ভাঙি পেলোৱা বাবে যেতিয়া বৰুৱানী বাইদেউৰ পৰা গালি খাইছিল, দুবছৰীয়া বাবুলক খেলাই থাকোঁতে সি পৰি দুখ পোৱা বাবে যেতিয়া সকলোৰে পৰা কথা শুনিছিল তেতিয়াও তাই বৰ কষ্ট পাইছিল l তাতকৈও বেছি কষ্ট পাইছিল যেতিয়া বাৰে বাৰে মাকলৈ আৰু ভায়েকলৈ মনত পৰিছিল ।
সোণমাই তাইৰ হাত দুখন চকুৰ আগত পুনৰ দাঙি ধৰিলে l কিমান কঠিন হৈ পৰিছে তাইৰ হাত দুখন l আৰু তাইৰ দুবাহু ?
আছে জানো তাইৰ দুবাহুত ইমান কাম কৰিব পৰা শক্তি ! পোন্ধৰ বছৰীয়া সোণমাইক পৰিস্থিতিয়ে বহু পৰিপক্ক কৰি তুলিলেও তাই এতিয়াও গাভৰু হৈ উঠা নাই l তাইৰ ক্ষীণ শৰীৰটোত যৌৱন এতিয়াও অহা নাই l সৌ সেইদিনাহে তাইৰ....
তাই আকৌ উভতি গ'ল যোৱা বছৰৰ নবেম্বৰ মাহৰ সেই দিনকেইটালৈ l বাৰ কি আছিল, তাৰিখ কি আছিল এইবোৰ তাইৰ একো মনত নাই l কেৱল মনত আছে ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিছিল l শেষ ৰাতি টিন পাতত নিয়ৰৰ টোপালবোৰ টপ টপকৈ পৰিবলৈ লৈছিল l দিনটোৰ কাম সোপাৰ বাবে হয়তো তাই গমেই পোৱা নাছিল , কেতিয়া হৈছিল l ৰাতি শুবলৈ অহাৰ সময়ত সকলোবোৰ আচহুৱা যেন লগাত বৰুৱানী বাইদেউৰ আগত ফেঁকুৰি ফেঁকুৰি কথাবোৰ কৈছিল l বৰুৱানী বাইদেৱে সেইদিনা সেই নবেম্বৰ মাহৰ ঠাণ্ডাতো তাইক মাটিত শুবলৈ দিছিল l তিনিদিন তাইক ৰুমৰ ভিতৰত আৱদ্ধ কৰি থৈছিল l সেইকেইদিন তেওঁ তাইক একো কৰিব দিয়া নাছিল l সোণমাই গম পাই উঠিছিল গাঁৱৰ ৰীমা, মীনাহঁতক যে কলপুলিৰ তলত গা ধোৱাই তিৰোতাবোৰে লগ লাগি বিয়া নাম জুৰে, স্ফূৰ্তি কৰে, বুন্দিয়া ভুজিয়া লুচীৰে যে চাহ খাই সিহঁতৰ হাতত সৰু সুৰা উপহাৰ তুলি দিয়ে, সেই তোলনি বিয়াখন তাইৰো হৈছে l সেই তিনিদিন তাইৰ মাকলৈ খুব মনত পৰিছিল l মাকেওতো তাইক কল পুলিৰ তলত নোৱালেহেঁতেন , মেখেলা চাদৰ পিন্ধি তাইও কইনাজনী সাজিলেহেঁতেন l
সোণমাইৰ টোপনি অহা নাই l ৰাতি পুৱাবলৈ আৰু হয়তো বেছি সময় নাই l দূৰৈৰ পৰা ভাঁহি আহিছে " আল্লা হো আকবৰ..." আজান ধ্বনি l তাইৰ উচুপনিবোৰ আজানৰ সুৰে সুৰে বিলীন হৈ গ'ল l দুই এটা চৰাইয়ে তেতিয়া কিচিৰ কিচিৰ কৈ বাহৰ পৰা ওলাই আহি পুৱাৰ বাৰ্তা দিব বিচাৰিছে l সোণমাইৰ উচুপি বন্ধ হোৱা নাই l হৃদয় জুৰি খোপনি পুতি ৰোৱা দুখ বোৰৰ উচুপনি l
তথাপি সোণমাই সপোন দেখে l তাইৰ পোন্ধৰ বছৰীয়া কিশোৰী মনটোৱে সেই বিষাদ সনা ছবিবোৰ ৰঙ সানি উজ্বল কৰি দিব বিচাৰে l দুহাতৰ দুমুঠিত আশাবোৰ সোমোৱাই ল'ব বিচাৰে l লৰালিতে তাইক খেদি ফুৰা সপোনটোৰ পিঠিত উঠি তাই জলকুৱঁৰীৰ ওচৰলৈ উৰা মাৰিব খোজে l জলকুৱঁৰীক ক'ব বিচাৰে---" জলকুৱঁৰী, খৰিকটীয়াক দিয়াৰ দৰে মোৰ দেউতাকো এখন সোণৰ কুঠাৰ আনি দিয়া না l "
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ