যাৰ আঁৰত লুকাই থাকে
অজস্ৰ জীয়া কাহিনী ,
কাৰোবাৰ দুচকুত যদি চকুলো
কাৰোবাৰ আকৌ হেঁপাহৰ ৰেঙণি ।
প্ৰেম এক বুজাব নোৱাৰা অনুভূতি ।
কোনোবাই যদি দৌৰিছে আজি
প্ৰকৃত ভালপোৱাৰ প্ৰতি,
কোনোবাই আকৌ দৌৰাইছে তেওঁক
প্ৰবঞ্চনাৰ বলি কৰি ।
কাৰোবাৰ প্ৰেমে যদি পায় পূৰ্ণতা আজি
কাৰোবাৰ প্ৰেমে আকৌ বিচাৰি লয়
প্ৰেম বিচ্ছেদৰ পদূলি ।
প্ৰেম মানেই যেন
এক হাঁহি-কান্দোনৰ এক অনুভূতি ।
নিবিচাৰে প্ৰকৃত প্ৰেমে কেতিয়াও
তোমাৰ উলংঘ শৰীৰ ,
বিচাৰে মাথোঁ এমুঠি
মৰম-ভালপোৱা আৰু বুজা-বুজি ।
প্ৰেম-ভালপোৱা মানে নহয় ধন-সম্পত্তি
যদি নাথাকে অকনো তাত সহানুভূতি,
তেন্তে তুমি কেনেকৈ বিশ্বাস কৰিবা
তেওঁ প্ৰকৃত প্ৰেমিক বুলি ?
সঁচাকৈ …
প্ৰেম এক বুজাব নোৱাৰা অনুভূতি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ