অভিমানী বৰষুণজাক ( খণ্ড -১৫)-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
কোন সময়ত কোন কাৰ বাবে আপোন হৈ পৰে কোনেও ক'ব নোৱাৰে। তেওঁলোকৰ বাবে সেই সময় চিনাকি আছিল কিন্তু শিখা সম্পূৰ্ণ অচিনাকী আছিল । অচিনাকীৰ পৰা চিনাকি হৈ আপোন হৈ পৰা শিখাও তেওঁলোকৰ ঘৰৰে হৈ পৰিল। তেতিয়াৰ পৰা তাই তেওঁলোকক মা আৰু বা বুলি মাতে। তেতিয়াৰ পৰা তাই অকলশৰীয়া বুলি কেতিয়াও অনুভৱ কৰা নাই।
•••••• কি হ'ল কবি ভনী? ভাৱত বিভুৰ হৈ কি লিখি আছা।
•••••• নাই অ বা কিবা এটা লিখি আছোঁ।
•••••• পঢ়ি শুনাবিনে?
••••• কিয় নুশুনামনো।

তাই কবিতাটি পঢ়ি শুনালে।
•••••• বাহ..! বহুত ধুনীয়া।ইমান ধুনীয়াকৈ কেনেকৈ লিখ?
••••••• এতিয়া গম পালিনে বা।অভিমানী বৰষুণজাক কিয় ইমান প্ৰিয় মোৰ।
•••••• উম বুজিছোঁ।
•••••• অভিমানী বৰষুণজাকে অভিমান কৰিলে মোৰ কিছুমান স্মৃতি মনত পৰে। ভাল লাগে অভিমানী বৰষুণজাকত সেই স্মৃতিবোৰ সুঁৱৰি।
•••••• আজিৰ পৰা তোক কেতিয়াও অভিমানী বৰষুণজাকৰ পৰা দূৰ নকৰোঁ ভণ্টি।
•••••• উম বা। ভাল লগা স্মৃতিবোৰ সদায় বিশেষ। কিছুমান দিন, কিছুমান সময় আৰু কিছুমান ঘটনা বা পৰিস্থিতি সদায় মনত থাকি যায়।ঠিক তেনেকৈ এটি জীয়া কাহিনী আছিল... আৰু.... অভিমানী বৰষুণজাক তাৰ সাক্ষী আছিল।
           দুয়োজনীয়ে বহুত দেৰি তেনেকৈ কথা পাতি থাকিল।শিখা এতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল। আধৰুৱা হৈ ৰোৱা তাইৰ সপোনবোৰ লাহে লাহে পূৰণ কৰিবলৈ তাই এতিয়া সাজু হৈছে। মাথোঁ সময়ে কেনেদৰে আগুৱাই লৈ যায় তালৈহে অপেক্ষা।দুয়োজনী মৌন হৈ বহি আছিল।অভিমানী বৰষুণজাকৰ অভিমানত তাই অভিমান কৰিবলৈ চোতাললৈ ওলাই গ'ল।বায়েকো তাইৰ পিছে পিছে গ'ল।
     
       ✍️দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)