মহিষমৰ্দিনী -ববিতা গগৈ

©Admin
0
:কাকু! ক'ত আছ আইজনী?
আদৰৰ নাতিনী কাত্যায়নীক বিচাৰিছে ককাক জীৱন চন্দ্ৰ বৰুৱাই।তাইৰ একো সঁহাৰি নাই।কাৰণ কাত্যা যে আন এখন পৃথিৱীত ব্যস্ত। নিজৰ পৃথিৱী কাত্যাৰ।য'ত তাই সপোন ৰছে, য'ত দেখে তাই এক ৰঙীন সপোন।এই পৃথিৱীখনত হেৰায় গ'লে তাই সকলো পাহৰি যায়।গীতৰ তালে তালে নূপূৰৰ ছন্দোময় গতিত দুভৰি নাচে কাত্যায়নীৰ। তাৰ লগতে নাচি থাকে তাইৰ মন প্ৰজাপতি ।



চুচুক চামাককৈ ককাকৰ ওচৰত ৰয়হি কাকু অৰ্থাৎ কাত্যায়নী ।খঙ কৰিব বুলি তললৈ চাই থাকে।কিন্তু তেওঁ তাইক কেতিয়াও গালি পাৰিব নোৱাৰে।তেওঁৰ যে বৰ আলুসুৱা পখিলাৰ নাতিনী কাত্যায়নী ।

:ককা?
কেতিয়াবাই আহিলা নেকি স্কুলৰ পৰা?
তুমি দেৰিকৈ আহিবা বুলিহে!!
তেওঁ একো নোকোৱা দেখি তাই ভিতৰলৈ যাবলৈ লয়।
তেওঁ তাইক আদৰুৱাকৈ মাতে....
:কাকু আইজনী.....ককাকে তেনেকৈ মতাৰ লগে লগেই তাইৰ ওঁঠেৰে প্ৰাণোচ্ছল হাঁহিটো সৰকি আহে।

:মা কিবা এটা ক'বলৈ আছিল......তোৰ চাগে নাচি বাগী মনটো বৰ ভাল নকওঁ দে থাকক সময় আহিলে ক'ম।

তেওঁ তাইৰ মন ভাঙি পেলাব নোখোজে কথাবোৰ কৈ।এইদৰে কেইবাদিনো তাইক কিবা ক'বলৈ চেষ্টা কৰি কৰিও পৰা নাই কাত্যাৰ ককাক জীৱন চন্দ্ৰ বৰুৱাই। কাত্যা ডাঙৰ হৈ আহিছে এদিনটো জনাবই লাগিব কথাবোৰ। আঁতৰি যায় তাই পখিলাৰ দৰে পুনৰ কথক অনুশীলন কৰিবলৈ।


আইতাকে সৰুতে গাইছিল
ৰুণজুন নূপূৰ বাজে
আমাৰ কাকুয়ে নাচিব
নূপূৰৰ তালে তালে।

আইতাকক জীৱন চন্দ্ৰ বৰুৱাই একপ্ৰকাৰ ধমকিয়েই দিছিল কি শিকাইছা ছোৱালীজনীক নোৱাৰে কাত্যাই, কেতিয়াও শিকিব নোৱাৰে এইবোৰ নাচ গান।কিন্তু কি হ'ব।কাত্যা ৰুণজুণ বৰুৱাৰ ছোৱালীহে।তাকেই হৈছিল ।মাকৰ দৰেই তাইও শিকিছিল কথক।বৰ ভাল নৃত্যাংগনা আছিল কাত্যাৰ মাক ৰুণজুণ বৰুৱা।


হস্পিটেলৰ বিচনাত পৰি এইবোৰকেই ভাবি
আছে তাই!!!

কোনে জানিছিল নাচি ভালপোৱা ছোৱালীজনীয়ে এদিন বন্দুক তুলি ল'ব যি দুহাতত ,যি দুভৰিত ৰং বুলাই নূপূৰৰ ধ্বনি তুলিছিল ।অপৰাধীক এই দুখন হাতেৰেই ধৰি আনি থাৰ্ড ডিগ্ৰী দিব।ক'ৰ আলসুৱা পখিলাৰ দৰে কাত্যায়নী চৌধুৰী আৰু ডি এছ পি কাৰোলৈ ভয় নকৰা সাহসী অফিচাৰ কাত্যায়নী চৌধুৰী।নাছিল কাত্যা মুঠেও এনেকুৱা সাহসী আৰু কঠোৰ কোনো দিনেই নাছিল।
নিজক এনেদৰে গঢ়ি তুলিছিল কাত্যাই লোৰ দৰে কঠিন কৰি।তাৰ আঁৰৰ মানুহ জন আছিল ককাক জীৱন চন্দ্ৰ বৰুৱা।তাইক সঁচা অৰ্থত কাত্যায়নী হিচাপে গঢ়ি তুলিছিল।


হঠাৎ তাই ভাবিব নোৱাৰাকৈ থানাত এটা কেছ ৰেজিষ্টাৰ হৈছিল অনিৰ্বাণ চৌধুৰী নামৰ ব্যৱসায়ী এজনৰ বিৰুদ্ধে।আগতেও নাৰী নিৰ্যাতনৰ কথা ওলাইছিল কিন্তু তেতিয়া কাত্যা এইখন ঠাইত নাছিল।

অভিযোগ আহিল যে অনিৰ্বাণ চৌধুৰীয়ে ঘৰৰ বনকৰা কিশোৰী এগৰাকীক শাৰীৰিক নিৰ্যাতন চলাইছে।প্ৰমাণসহ পালে আৰক্ষীয়ে। তাৰ পিছতেই কাত্যাৰ বিবাহপাশত আবদ্ধ হোৱাত কেইদিনমান ব্যস্ত আছিল। মাত্ৰ এসপ্তাহৰ ছুটিত আছিল কাত্যা। নামটো যেতিয়া অনিৰ্বাণ চৌধুৰী বুলি গম পালে তাই খুব লৰালৰি কৰিলে। তদন্ত চলিল।একপ্ৰকাৰ চাফাকৈ ওলাই পৰিল গোটেই কথাবোৰ।বহু পুৰণি কথা ওলাই পৰিল । মাত্ৰ নোলাল কাত্যাৰ মাকৰ মৃত্যুৰ কথা । 

তাইৰ মাক ৰুনজুণ বৰুৱা ধৰ্ষিতা হৈছিল লম্পত অনিৰ্বাণ চৌধুৰীৰ হাতত।আত্মহত্যা কৰিছিল পাছত মাকে।কাত্যা নিচেই কণমানি আছিল।কাত্যাৰ দেউতাক মানসিক ৰোগত ভুগিছিল পত্নীৰ এনে হোৱাৰ পাছত। কাত্যায়নীক লৈ আহিছিল ককাক আইতাকে লগত। জনা নাছিল কি হৈছিল কাত্যাই।



মাজে মাজে কঁপি উঠিছে কাত্যা কথাবোৰ ভাৱি আজিৰ দিনটোৰ।তাইৰ সদ্যবিবাহিত স্বামী অবিনাশ কাষতেই আছে।

আৰক্ষীয়ে ন্যায়ালয়ত নিজৰ জিম্মাত বিচাৰিছিল কেইদিনমান অভিযুক্তক ।অনিৰ্বাণ চৌধুৰীয়ে জামিন আবেদন কৰিছিল যদিও সেইয়াও নাকচ হ'ল ন্যায়ালয়ৰ ফালৰ পৰা।মাজৰাতি হেন্দকাফ লগাই জেলৰ পৰা থানালৈ লৈ আহিছিল আকৌ অনিৰ্বাণ চৌধুৰীক।আজি ডি এছ পি কাত্যায়নী চৌধুৰী অহাৰ কথা। গাড়ীৰ পৰা নামোতেই কাত্যা যেন সুস্থিৰ নাছিল এনে লাগিছিল সকলোৰে।অস্থিৰতাত বেলেগ আচৰণ কৰিছিল। আহি লৈ কুৎকুতকৈ পানী এগিলাছ খায় লৈছিল।

মুখামুখি কৈ বহি লৈছিল অনিৰ্বাণ চৌধুৰীৰ চকুত চকু থৈ কাত্যাই। হাতত এডাল লাঠি।এই চকু ফালি যেন পানী ওলাই আহিব তাইৰ। থানাৰ সকলোৱে ভয় খাইছে দেখি ।নাই দেখা এই ৰূপ তাইৰ কোনেও।কত অপৰাধী ধৰিছে, কত কেছ কাত্যাই সমাধান কৰিছে মুঠতে সকলোতে পাৰফেক্ত কাত্যায়নী।এনেকুৱা অস্থিৰতা কোনেও দেখা নাই।কাৰণ কাত্যাই জানে অনিৰ্বাণ চৌধুৰীয়েই যে কাত্যাৰ মাকৰ ধৰ্ষণ কৰিছিল। উফ্ শুনিলেই উকালি আহে এই শব্দ ।একপ্ৰকাৰ হত্যাই কৰা হৈছিল মাকক।নিজৰ সকলো শেষ হৈ যোৱাৰ পাছতো মুৰ তুলি এগৰাকী নিৰ্দোষী নাৰী জীয়াই থাকিব পাৰেনে? সকলোৱে নোৱাৰে। তাইৰ মাকেও নোৱাৰিলে।

আহহঃ
চিকাৰ ধৰিবলৈ লোৱা বাঘিনীৰ দৰে গুজৰি উঠে কাত্যায়নী ।
:কহ .... কিয় ধৰ্ষণ কৰিছিলি?? সেই ছোৱালীজনীক

ইতিমধ্যেই তদন্ত হৈয়েই গৈছে ।একো আন কথা সোধাৰ কথাই নাহে। তথাপি কাত্যা থমকি নৰয় আজি।অনিৰ্বাণ চৌধুৰীৰ চকুত ভয় শংকা সকলো ।একো মাত নমতা দেখি জোতাৰে চকীখনতেই আঘাত কৰে তাই।

কি লাগে তোক হা ? কি লাগে?
নাৰীৰ মঙহৰ লোভ ?কি বিচাৰি পাৱ নাৰীৰ শৰীৰটোত?কি পাৱ।নিজৰ পত্নী থাকোঁতে আন নাৰীৰ শৰীৰ চুবলৈ যাৱ যে।ৰঙা পৰি গৈছে তাইৰ চকু। লম্পট।মই নাৰী, তোৰ মাৰে নাৰী, তোৰ কন্যা নাৰী।পাৰিবি? সেইকেইগৰাকী নাৰীৰ মঙহৰ লোভ কৰিব ?পাৰিবি? হাত দিব সেই শৰীৰত?
:পাৰিবি তোৰ দৰে পশুয়ে পাৰিবি ? পশুয়ে বুজি পায় তহঁতি কেতিয়াও নুবুজ।পশুতকৈও অধম তহঁত। বৰ্বৰ তহঁত।

মাত ভাগি যায় তাইৰ চিঞৰোতে
:ক মোৰ মাতৃ ৰুনজুণ বৰুৱাক তই ধৰ্ষণ কৰাটো হয় নে নহয় ?কৰিছিলি তই এই পাপ , নাৰকীয় কাণ্ড?কৰিছিলি নে নাই ?উত্তৰ দে লম্পট।

নাই অনিৰ্বাণ চৌধুৰীৰ মাত নাই। থাচকৈ গালতে চৰ এটা মাৰে তাই। তথাপিও মাত নমতাত উন্মাদৰ দৰে চৰিয়ায়েই থাকে তাই।

শেষত স্বীকাৰ কৰিবলৈ বাধ্য হয় সেই কথা তাইৰ খুৰাক অনিৰ্বাণ চৌধুৰীয়ে আৰু কয় তাৰ এসপ্তাহৰ পিছতেই মাকে আত্মহত্যাৰ কৰাৰ কথা ।

কথক নৃত্যাংগনা ৰুনজুণ বৰুৱা । কি সুন্দৰ নৃত্য কৰে।চালে চাই থাকে দৰ্শক মুগ্ধ হৈ।নৃত্যৰ জৰিয়তেই কাত্যাৰ পিতাকৰ লগত বিবাহ হৈছিল ৰুনজুণ বৰুৱাৰ।কাত্যাৰ জন্ম হৈছিল।ককাকে কাত্যা ৰাখিছিল কণমানিজনীৰ নাম। বিয়াৰ পাছৰ পৰাই নিজ স্বামীৰ ভায়েকৰ পৰা অশ্লীল ইংগিত পাই আহিছিল কাত্যাৰ মাকে।তাইৰ জন্মৰ পিছত সকলো ঠিক হ'ব বুলি ভাবি কাকো জনোৱা নাছিল।নাই নহ'ল।কোনো নথকাৰ অৱস্থাত এদিন এই ঘৃণনীয় কামটো কৰিছিল কাত্যাৰ নিজ পিতাকৰেই ভায়েক অনিৰ্বাণ চৌধুৰীয়ে। ভাবুকি দিছিল, ঘৰত যদি এই কথা জনাই নিজৰ ককায়েক আৰু কাত্যাক হত্যা কৰিম বুলি।আত্মসন্মান শেষ হৈ ভাগি পৰিছিল মানুহজনী এটা সপ্তাহতেই। সেয়ে নিজক শেষ কৰিবলৈ বাধ্য হৈছিল ৰুনজুণ বৰুৱাই।একো বুজা নাছিল কাত্যায়নীয়ে।মাথোঁ ককাক আইতাকৰ লগত গুচি আহিছিল ।তদন্ত বন্ধ
হৈ পৰিছিল।প্ৰমাণ হিচাপে লিখি থৈ গৈছিল তাইৰ মাকে কথাবোৰ।অনিৰ্বাণ চৌধুৰীৰ টকাৰ জোৰত সকলো তল পৰিছিল।

কাত্যাই পুনৰ কয় - নাৰীৰ শৰীৰটোক কি বুলি ভাব তহঁতে হা?কেৱল উপভোগৰ সামগ্ৰী নেকি নাৰী। তহঁতৰ ইচ্ছাতেই সকলো হ'ব ? সকলো নাৰী একেই নহয় সহ্য কৰি থকা।বৰ ভয়ানক বৰ বেছি ভয়ানক কিছুমান নাৰী। সকলো লম্পট পুৰুষক কৈছোঁ নাৰীৰ শৰীৰত হাত দিবি তহঁতৰ ছাঁটোও নাইকীয়া কৰি পেলাম।কি বুলি ভাবিছিলি !পাপ কৰি হাৰি যাম?!কাত্যা হয় মই ।জীৱন চন্দ্ৰ বৰুৱা নাতিনী।আহ আজি নাৰী কি বুজাই দিওঁ তোক।

চোঁচৰাই লৈ আনে বাহিৰলৈ কাত্যায়নীয়ে অনিৰ্বাণ চৌধুৰীক।তাই কেনেকৈ কি কৰিব মানুহটোক একো ভাৱি পোৱা নাই ।এবাৰ লাঠীৰে এবাৰ জোতাৰে এবাৰ হাতেৰে মৰিয়াই আছে মৰিয়াই আছে।যথেষ্ট বয়সো হৈছে মানুহটোৰ।

কাত্যাই যেন অনিৰ্বাণ চৌধুৰীৰ শৰীৰটো এই মূহুৰ্ততেই নেফানেফ কৰি পেলাব।তাই জানে প্ৰশাসনৰ মানুহ হৈ আইন হাতত তুলি ল'ব নালাগে।কিন্তু ৰৈ থাকিব পাৰি জানো।নিজ মাতৃৰ হত্যাকাৰী সন্মুখত থাকিলে।পাহৰি পেলাইছে তাইৰ দায়িত্ব ,পদমৰ্যাদা।কাত্যায়নীৰ চকু মুখেৰে অগ্নিৰ স্ফুলিংগ বৰষিছে।হঠাৎ দিয়া দোপাল পিতা বৰষুণ জাকেও নুমুৱাব পৰা নাই এই জুই।বৰষুণ জাকৰ মাজত মাটিত পেলাই লৈও পাপিটোক লুটিয়াই
বগৰাই অচেতন কৰি পেলাইছে ।

আজি এগৰাকী কন্যাই কান্দিছে,এগৰাকী নাৰীয়ে কান্দিছে, সন্তানে কান্দিছে।খঙত বাৰে বাৰে আটাহ পাৰি উঠিছে কাত্যাই। হাত ভৰি ভাঙি কুঙা কৰি পেলালে খুৰাকৰ তাই। থানাৰ কোনো পুলিচেই ৰখাব পৰা নাই।

পৰিস্থিতি বেয়াৰ ফালে ঢাল খালে ইতিমধ্যেই । থানাৰ
সকলো লগ লাগি আঁতৰাই আনে তাইক।

ডি এছ পি কাত্যায়নী চৌধুৰী।নামেই যাৰ পৰিচয়।নাম শুনিলেই ভয় খাই অপৰাধীয়ে।কিন্তু যিসকল লোক তাইৰ আশে পাশে থাকে অহৰহ সেইসকলে জানে তাই ভিতৰৰ মানুহজনী কিমান কোমল মানৱদৰদী।

কাত্যায়নীৰ উন্মাদ ৰূপ দেখি থানাৰ সকলোয়ে ভয় কৰিছে। এইয়াটো এগৰাকী পুলিচে অপৰাধীৰ ওপৰত দেখুওৱা খং নহয় ।এনেদৰে মৰি যোৱাকৈ কেটিয়াও থানাৰ বাহিৰত তাই মাৰ পিত কৰা নাছিল কোনো অপৰাধীক।কত ধৰ্ষণকাৰীক থাৰ্ড ডিগ্ৰী দিছে।
কত অপৰাধী ধৰিছে , তদন্ত কৰিছে।এনেকুৱাটো কেতিয়াও হোৱা নাছিল।

ভাগৰুৱা কাত্যা ভিতৰলৈ সোমাই আহি গাড়ীৰ চাবিতো ল'বলৈ লওঁতেই পাৰ্থই ক'লে-

ম্যাম আপুনি চিন্তা নকৰিব পিছৰখিনি মই চম্ভালি ল'ম।

নাই সৱ মোৰ মতে হ'ব।আজি এইটো পুৱাৰ নিউজ হ'ব ব্ৰেকিং নিউজ যে - ডি এছ পি কাত্যায়নী চৌধুৰীৰ হাতত মাৰ খায় ধৰ্ষণকাৰী অনিৰ্বাণ চৌধুৰী মৃত্যুৰ সৈতে যুঁজি আছে।মাতি দে মিডিয়াৰ মানুহ মাত পাৰ্থ । তেতিয়ালৈ পিছনিশা গুচিও ৰাতি পুৱাও পুৱাও হৈছিলগৈ।




কাত্যাৰ হাতত বিয়াৰ জেতুকাৰ ৰং লাগিয়েই আছিল।এসপ্তাহ আগত বিয়া হৈ গৈছেহে।তাই চুটি নল'লে।জানিছিল তাইৰ বিয়াৰ পিছতেই অপৰাধী জালত পৰিব বুলি। তাইক গাড়ীৰ ওচৰৰ পৰা আঁতৰাই বাৰাণ্ডা পোৱালেহি সৱেই ধৰি আনি। তেতিয়াহে কাত্যাই দেখিছে তাইৰ ইউনিফৰ্ম আৰু হাত তেজৰ ৰঙেৰে ৰাঙলী লগতে বোকা পানীৰে লুটুৰি পুটুৰি।

চকু বহল কৰি চাই উঠিল নিজৰ অৱস্থাটোলৈ ।
তেজবোৰ জেতুকাৰ ৰঙৰ সৈতে মিলি গৈছে দেখোন।হাতখন তাইৰ পুৰিবলৈ ধৰিলে । ছাল আৰু মঙহ পাৰ হৈ যেন তাইৰ সিৰা উপসিৰাত পিৰপিৰাই ফুৰিছে পাপৰ তেজবোৰ।তাইৰ হাতত সেইয়া প্ৰেমৰ ৰং আছিল আৰু তেজখিনি পাপৰ আছিল।প্ৰেম আৰু পাপ একেলগে থাকিব পাৰে জানো? নিদিয়ে , কেতিয়াও নিদিয়ে একেলগ হ'বলৈ কাত্যাই ।

:অই চাবোন এটুকুৰা লৈ আন কোনোবাই বুলি গাৰ বল প্ৰয়োগ কৰি আকৌ চিঞৰলে তাই।পুনৰ বাহিৰলৈ ওলাই গ'ল।ইতিমধ্যে অনিৰ্বাণ চৌধুৰীক চিকিৎসালয়লৈ নিয়া হৈছেই।ওলাই আহিল তাই বাহিৰলৈ।পাছে পাছে কেইবাগৰাকীও পুলিচ হাতত পানী।বৰ্ষণ মুখৰ নিশা আছিল সেইটো।বৰষুণত উটি যাবলৈ দিয়ে তাই তেজবোৰ , পাপবোৰ , ক্ষোভবোৰ।হাতৰ চাবোন টুকুৰা জোৰে জোৰে ঘঁহে।হাতত চাবোন ঘঁহি ঘঁহি তাই পাপৰ ৰং বোৰ ধুবলৈ ধৰে। ঘঁহোতে ঘঁহোতে হাতখন ৰঙা পৰি চেকচেকাই উঠিছে। হঠাৎ বৰষুণতেই আঁঠুকাঢ়ি বহি পৰে কাত্যায়নী।

ইতিমধ্যে কাত্যাৰ ঘৰত সকলোৱে গম পাইছিল।
তাইৰ নৱবিবাহিত স্বামী অবিনাশ আহি পায়হি। কাত্যাৰ ভগ্নপ্ৰায় অৱস্থা দেখি ভয় খায়।কাত্যাক এইদৰে হয়টো অবিনাশে দেখা নাপালেহেঁতেন জীৱনত।তথাপিও জানে তাই সাংঘাটিক সাহসী ছোৱালী। বৰষুণ দিয়েই আছে ।

:কাকু কি কৰিলা তুমি এইবোৰ। কিয়? কিয়? শাস্তি আইনে দিলেহেঁতেন ।

সি তাইৰ হাতত ধৰি উঠাই দিয়ে ।
ভাগৰুৱা চাৱনীৰে তালৈ মোৰ তুলি চায় তাই ....

বহুত কষ্ট পাই আছিলোঁ ।বুকুত বিষৰ ভাৰ লৈ ফুৰিছিলোঁ ।বিষৰ উপশম বিচাৰি আছিলোঁ।আছে জানো ইয়াৰ উপশম?আছেনে?
তোমাৰ জীৱনলৈ আহি তোমাৰ জীৱনটোও নষ্ট কৰাৰ দৰে হ'ল। সেইটো মৰিবও পাৰে।মৰিলে মই হয়টো হত্যাৰ অপৰাধেৰে অপৰাধী হৈ জেইলত থাকিব লাগিব।মোক ক্ষমা কৰি দিয়া অবিনাশ।ক্ষমা কৰি দিয়া.....

অবিনাশ........
লাহে লাহে তাই ঢলি পৰি সংজ্ঞাহীন হৈ পৰিল।জুইৰ দৰে তপত গাটো।লৰালৰিকৈ থানাৰ সকলোৰে সহযোগত তাইক হস্পিটেলত ভৰ্তি কৰোৱা হ'ল।একেখন হস্পিটেলত চিকিৎসা চলিছে।এফালে অনিৰ্বাণ চৌধুৰী আনফালে কাত্যায়নী চৌধুৰীৰ।

কিছু চিকিৎসাৰ অন্তত কাত্যাৰ সংজ্ঞা ঘূৰি আহে।
সৰু সৰু মাতেৰে তাই অবিনাশক মাতে।
তাইৰ হাতত হাত থয় অবিনাশে।মাজে মাজে জিকাৰ খাই উঠে তাইৰ গাটো।অবিনাশ ভাল কৰিলোঁ নে বেয়া কৰিলোঁ মই নাজানো একোৱেই নাজানো।মাত্ৰ সেই সময়ত সকলো পাহৰি পেলাইছিলোঁ। মোৰ নিজৰ জীৱনটোও। আজি কোন কাৰ পক্ষত আছে ,ন্যায় কি অন্যায় কি মই একোৱেই নাজানো।আজি মই মাথোঁ এজনী সাধাৰণ ছোৱালী কাৰোবাৰ,এগৰাকী নাৰী ।
আৰু আৰু .....দুৰ্ভগীয়া ৰুনজুণ বৰুৱাৰ কন্যা।
মই যদি আজি পুলিচ নহয় আন কিবা পেছাত জড়িত হৈ থকা হ'লে এই ঘটনাৰ তদন্তও মই কৰিবলগীয়া নহ'লহেতেন অনিৰ্বাণ চৌধুৰীক হয়তো লগো নাপালোঁহেঁতেন।নাচি ভালপোৱা কাত্যায়নী
আছিলোঁ জানা মই।ককাৰ আলসুৱা কাকু আছিলোঁ।
এই অসুৰৰ দৰে কাত্যা নাছিলোঁ।

কাত্যাই যদিও অলসভাৱে কথাখিনি কৈ আছিল তাইৰ চকুত অবিনাশে ক্ষোভৰ দাবানল এতিয়াও জ্বলি থকাই দেখিবলৈ পাইছিল।

তাইৰ মুৰতে লাহে লাহে হাত বুলাই দিয়ে অবিনাশে।
চকুপানীবোৰ মোহাৰি দি কয় -
:কাকু তুলি অসুৰ নহয় তুমি কাত্যা।তুমি সঁচাকৈয়ে মা দুৰ্গাৰ দৰে।ককাই ঠিকেই ৰাখিছিল তোমাৰ নাম কাত্যা।তুমি মহিষমৰ্দিনী। ভুল হৈ যায় মানুহৰ।কিন্তু এইয়া যে তোমাৰ মাৰ লগত জড়িত কথা আছিল।অলপ সুস্থ হৈ লোৱাচোন।কথা পিছতো পাতিব পাৰিবা। 



পুনৰ মনত পৰে তাইৰ সেই ককাকে বৰ্ণনা কৰা কালিকা লগা দিনটোৰ কথা। যিবোৰ শুনি কাত্যাৰ মূৰত আকাশ খন খহি পৰাৰ দৰে হৈছিল।

ককাক জীৱন চন্দ্ৰ বৰুৱাই সদায় ক'ম বুলি ক'ব নোৱাৰা কথাবোৰ ক'ম বুলিয়েই সিদ্ধান্ত ল'লে এদিন । কাত্যা তেতিয়ালৈ কলেজ পাইছিলগৈ। সেইদিনাৰ কথা -

গধূলি গোসাঁই ঘৰত সোমোৱাৰ আগতেই তাইক কৈ থৈছিল কিবা ক'ম বুলি।তাইৰ লগত ভালদৰে কথাই পতা নাছিল সেইদিনা।

তাল বজাই প্ৰসংগ কৰিছিল তেওঁ সদায় গোসাঁই ঘৰত। সেইদিনাও।কিন্তু সেইদিনা তালৰ শব্দত জোৰ বেছি পৰিছিল। জোৰেৰে বজোৱা তালৰ শব্দত কঁপি উঠিছিল কাত্যাৰ বুকু।আজি বহুদেৰি কৰিছে ককাকে গোঁসাই ঘৰত।

যেতিয়া শেষ কৰি ওলাই আহিল তেওঁ তাইৰ ঢপঢপাই
উঠে বুকু। তেওঁৰ চকু ৰঙা ।হয়তো কান্দিছিল তেওঁ। সদা ধৈৰ্য্যশীল জীৱন চন্দ্ৰ বৰুৱাৰ এনে অৱস্থা দেখা নাই আগতে । সদা হাস্যমুখ, ধীৰি স্থিৰ তাইৰ ককাক।তেওঁক কাত্যাই তেনেদৰেই দেখি আহিছে । সদায় চকুৰ আগত অকণমানিৰ পৰা দেখি অহা মানুহজন নহয় যেন।



প্ৰয়োজন আছিল খুবেই প্ৰয়োজন আছিল কথাবোৰ জনোৱাৰ কাত্যাক।নিজ কন্যাক হেৰুৱাৰ দৰে দুঃখ লগা আৰু কি হ'ব পাৰে।সাধাৰণ মৃত্যুওটো হোৱা নাছিল তেওঁৰ কন্যাৰ । আনৰ হাতত সতীত্ব নষ্ট হৈ আত্মহত্যা কৰিছিল।নোৱাৰিলে সেয়ে জীয়াই থাকিব।


শুনি গৈছে তাই ককাকৰ গুৰু গম্ভীৰ কথাবোৰ।যি কথাই বুকু ভেদ কৰি গৈ আছে তাইৰ।এটা এটা শব্দ শিলৰ দৰে গধুৰ।ইমান দিন ককাক আৰু আইতাকে কমখন কষ্ট বুকুত কঢ়িয়াই ফুৰিছেনে।!

:শুনিছ মই কি কৈছোঁ?
:কিন্তু ককা নাচ বাদ দিটো মই থাকিব নোৱাৰোঁ।

:নিজৰ ভাল লগা কামটো এৰি মই কেনেকৈ থাকোঁ ককা?

:কোনে কৈছে ভাল লগা কামটো এৰি দিবলৈ।মাথোঁ পেছা হিচাপে লব নোৱাৰ।মোৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হ'ব।মই আৰু তোৰ একো কথাই নুশুনো।কাৰণ বাধ্য মই।

সেইদিনা ককাকে ৰাতি ভাত খোৱা নাছিল।আবেলিৰ পৰা বিচনাত পৰিছিল।টোপনি নাছিল।অকলে থাকিম বুলি কৈছিল।দুঃখ পাইছিল তেওঁ, অত্যন্ত দুঃখ।নিজৰ মতে নাতিনীয়েকক পেছা ল'বলৈ কোৱাৰ কাৰণে।তেওঁ জানে তাইৰ মেধাৰে কিবা এটা নিশ্চয় কৰিব।কিন্তু কাত্যাৰ নাচতহে মন।চকু মোহাৰি মোহাৰি গোটেই ৰাতি সাৰে থাকিল তেওঁ। কোনে বুজি পাব তেওঁৰ বুকুৰ যন্ত্ৰণা।কেনেকৈ কমিব এই যন্ত্ৰণা।তেওঁৰ কন্যাই যে নাই এতিয়া।এইবোৰ কৰি জানো কিবা লাভ আছে। কাত্যাক সপোন মোহাৰি ব্যৱহাৰ কৰিছে নেকি তেওঁ নিজৰ ইচ্ছাৰে ?বিভিন্ন প্ৰশ্নই থকা সৰকা কৰা এটা উজাগৰী ৰাতি পাৰ হয় শিক্ষক জীৱন চন্দ্ৰ বৰুৱাৰ।


কোনেও জানিবলৈ দিয়া নাছিল এই কথাবোৰ।গম নোপোৱাকৈ থাককচোন এই কলংকিত অধ্যায় এই বয়সতেই তাই।সেই ভাবিয়েই মোমায়েকহঁতে নোকোৱাকৈয়েই থাকিল।কথাখিনি জনোৱাৰ উপযুক্ত সময় বুলি ভাবি তেওঁ তাইক আজি ক'লে। তাই জনাৰ পিছতেই এইয়া ঘৰৰ পৰিবেশ নিস্তব্ধ।

ককাকৰ চকুৰ সীমাহীন কষ্ট,আইতাকৰ উচুপনি
এইবোৰ দেখি তাই বোবাৰ দৰে হৈ পৰিছিল সেইদিনা।
ৰাতি ভাত খাওঁতেও ভাতকেইটা সনাপুটুকা কৰি থাকিল।তাই ভাল পাই কাৰণেই আইতাকে কুকুৰাৰ জালুকিয়া ৰান্ধিছিল।বৰ সোৱাদ হয় আইতাকৰ হাতৰ ৰন্ধা।তাতে তাইৰ প্ৰিয় সাঁজ।নাই জালুকৰ জ্বলা সোৱাদটো ক্ৰমে তিতা যেন লাগি গৈ থাকিল।জিভাৰ পৰা পেটলৈকে গোটেই তিতা তিতা ভাৱ।মাংসৰ সোৱাদ এনেকুৱা হৈছে 
নে কথাবোৰেই সৱ তিতা কৰি পেলাইছে!তাই একোৱেই বুজা নাই।

কেইবাদিনলৈ তাই স্থিৰ দৃষ্টিৰে চাব পৰা নাছিল কাৰো চকুলৈ।চকুত চকু থৈ কথা ক'ব পৰা নাছিল ককাকৰ। কাক কি সুধিব কাক কি কব ।আগতেই যদি তাই জানিলহেঁতেন আৰু বেয়াহে হ'লহেতেন।মাকক মনত নথকাকৈয়ে চোন তাইৰ বুকু ভাগি টুকুৰা টুকুৰ হৈছে।
এটা চাবি দিয়া পুতলাৰ দৰে ঘূৰি ফুৰিছে এইকেইদিন কাত্যা। সেই কথাবোৰ যে আন কাৰো নহয় তাইৰ জন্মদাতৃৰ ।বুকুত খুচ মাৰি বিষ এটা উঠি দিঙিলৈকে উজাই আহে তাইৰ।প্ৰতিদিনেই ৰাতি হোৱাৰ পৰত ককাকৰ কান্দো কান্দো যেন ৰঙা চকু কেইটা ভাঁহি 
থাকে ।

:নাই নাই মই সিদ্ধান্ত লবৈ লাগিব।গোটেই ৰাতি ভাবিলে তাই। আহি আহি এটা কঠোৰ সিদ্ধান্তত উপনীত হ'লহি।


ককা....

ককা ,মই কথা দিলোঁ তোমাক।চিন্তা নকৰিবা তুমি।তুমি যেনেকৈ বিচাৰা সেয়েই হ'ব। নৃত্যৰ সাজ আৰু নূপুৰ আজিয়েই সামৰিলোঁ ককা।পিন্ধিম , তুমি কোৱাৰ দৰেই আৰক্ষীৰ পোছাক পিন্ধিম। মোৰ পৰিচয় সেয়েই হ'ব।
তুমি কোৱাৰ দৰেই কাত্যায়নী হ'ম মই ।

গোটেই ৰাতি নূপুৰযোৰ বুকুত সাৱটি উচুপিছিল কাত্যাই।
পোছাক যোৰ শেষ বাৰকৈ পিন্ধি আইনাত নিজক চাই চাই
হেঁপাহ পুৰ কৰিছিল। সিদ্ধান্ত লৈছিল তাই না নিচা হিচাপে না পেছা হিচাপে, নাই তাই নৃত্য আজিয়েই বাদ দিব।

বহা কোঠাৰ পৰা মাকৰ ফ্ৰেমত সজাই থোৱা ফটো এখন আনিছিল তাই হোৱা কোঠালৈ - বহুদেৰি চাই আছিল।

কৈছিল মাকক - মা ককাই কথাবোৰ জনালে।মই যে ভবাই নাছিলোঁ তুমি এনেকৈ আমাক , মোক এৰি গৈছিলা বুলি।কিয় তুমি পৰিস্থিতিৰ পৰা পলায়ন কৰিছিলা । কিয় নিজকে শেষ কৰি পেলালা।ভুলটো তোমাৰ নাছিল। এঘড়ী যুঁজিলাহেঁতেন সমাজৰ স'তে অন্যায়ৰ স'তে।মনেৰেটো তুমি নাছিলা অপৱিত্ৰ । কিয় খুলি নক'লা কথাবোৰ ।মোৰ কথাও নাভাবিলা নে? কিয় মা কিয়?কথাবোৰ গম পোৱাৰ পিছত মোৰ কেনে লাগিছে জানা? মই কথা নহয় যেন হলাহল পান কৰিছোঁ।

মই তোমাৰ দৰে নহয় মা কেতিয়াও নহয়।মই ৰুনজুণ নহয়।মই কাত্যায়নী। তোমাৰেই পিতা জীৱন চন্দ্ৰ বৰুৱাৰ নাতিনী। একো কথাই বিচলিত কৰিবলৈ নিদিওঁ নিজক মই।আজি ককাক কথা দিছোঁ মই মোৰ নামৰ সাৰ্থকতা কৰি দেখুৱাম । মই কৰিবই লাগিব।

কৰি দেখুৱালে তাই সঁচা অৰ্থত ককাকৰ কাত্যায়নী হৈ দেখুৱালে। নাজানে তাই আজি ককাকে কি ক'ব। ঘপহকৈ
বিচনাৰ পৰা ধহমহাই উঠি বহে তাই দুৰ্বলভাৱেই।
অবি অবি ককাই ফোন কৰিছেনে ?সোনকালেই ককাৰ
লগত মোক ফোনত কথা পতোৱাই দিয়ানা?এতিয়াই....

অবিনাশ লৰালৰিকৈ ওছৰ চাপি আহে তাইৰ।
 
তাই পুনৰ কিবা কোৱাৰ আগতেই কয় সি কাকু আমাৰ ককাই সকলো কথা জানে।তেওঁ আহিবলৈ বিচাৰিছে তোমাৰ ওচৰলৈ ।

: ককাই কি কৈছে মোৰ কথা মোক গালি পাৰিছে নেকি? নে নে ভাল হৈছে বুলি কৈছে।নে তেওঁ কষ্ট পাইছে মই কৰা কামবোৰত।তেওঁক , তেওঁক হত্যাকাৰীৰ ককাক বুলি ক'ব নেকি অবিনাশ কোৱানা ? জোঁকাৰি পেলায় কাত্যাই অবিনাশক।

নিচা লাগি আছে কাত্যাৰ গাত এতিয়াও।নিচা আঁতৰাই নাই গাৰ পৰা। সুস্থ কৰিব লাগিব এই ছোৱালীজনীক । পুনঃ এখন ডাঙৰ যুঁজলৈ সাজু হ'ব লাগিব। কাত্যাৰ
 বাবে , নাৰীৰ স্বাভিমানৰ বাবে ।

কাত্যায়নী......
মোৰ কাত্যায়নী
আমাৰ কাত্যায়নী 


 কাত্যা থৰ হৈ পৰে।
লগ পোৱাৰ পৰা কোনোদিনে কাত্যায়নী বুলি সম্পূৰ্ণকৈ কৈ নোকোৱা ল'ৰাটোৱে কি কয়!!?

নিচা ফটা মানুহৰ দৰে অবিনাশলৈ মোৰ তুলি চাবলৈ বিচাৰে তাই।

:কাত্যা বুজি পাওঁ মই তোমাক। তোমাৰ মনত ক্ষোভ আছিল , কষ্ট আছিল উপশমৰ বাট বিচাৰি পোৱা নাছিলা। ককা -আইতাৰ কষ্টক বুকুত থানি লৈছিলা।মই নকওঁ তুমি ভুল নে শুদ্ধ তুমি যিয়েই নকৰা এই যে যুঁজ এখন আৰম্ভ হ'ব মই সদায় তোমাৰ কাষতেই থাকিম। আৰু যুঁজিবই লাগিব। এনেই তোমাৰ নাম ককাই কাত্যায়নী ৰখা নাছিল।
মা দুৰ্গাৰ প্ৰতীক তুমি । গৌৰৱ কৰিম তোমাক লৈ সদায়েই।
হয়টো যুঁজ দীঘলীয়া হ'ব।তুমি জিকিবা নে অন্যায়ৰ জয় হ'ব সেইয়া সময়ে ক'ব।মাথোঁ সুস্থ হৈ যুঁজিবলৈ সাজু হোৱা। কাৰণ তুমি যিমানেই সঁচা নোহোৱা , শুদ্ধ নোহোৱা আইন তুমি হাতত তুলি লৈছা। মাত্ৰ তোমাৰ এই স্বভিমানখিনি সদায় লগত ৰাখি যুঁজিম বুলি সাজু 
হোৱা।

অবিনাশে মৰমৰে তাইৰ মুখখন আঁকোৱালি লয়।তপত চকুলো বাগৰি আহে তাইৰ । কোঠাটোত টি ভিত বাতৰি লগাই দিয়ে অবিনাশে।সঁচাই বাজি আছে সেই আশাতীত বাতৰিটো । আৰু ডাঙৰ ডাঙৰ কৈ লিখাও আছে-

:যোৱা নিশা ডি এছ পি কাত্যায়নী চৌধুৰীৰ হাতত থানাৰ ভিতৰতেই লপা থপা খাই মৃত্যুৰ সৈতে যুঁজি আছে নাৰী নিৰ্যাতনত অভিযুক্ত অনিৰ্বাণ চৌধুৰী।উল্লেখযোগ্য যে নাৰী নিৰ্যাতনকাৰী 'চৌধুৰী ' কাত্যায়নী চৌধুৰীৰেই খুৰাক আছিল।এতিয়া আৰক্ষী বিভাগৰ পৰা ডি এছ পি চৌধুৰীৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা লোৱা হয় সেইয়া লক্ষণীয় হ'ব।

অবিনাশৰ কোলাত মোৰ থৈ চকুহাল মুদি দিয়ে কাত্যাই ........


 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)