২২ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৬৩৯ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তামিলনাডুৰ ৰাজধানী মাদ্ৰাছ (চেন্নাই) স্থাপন কৰে।
২/ আজিৰ দিনটোতে ১৮১৯ চনত আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰাৰ উদ্দেশ্যে প্ৰথম বাষ্পচালিত জাহাজ ‘‘ছাভানা’’ই যাত্ৰা আৰম্ভ কৰিছিল।
৩/ আজিৰ দিনটোতে ১৮৫৯ চনত অষ্ট্ৰিয়াই ইটালিৰ ভেনিচ চহৰত বিশ্বৰ প্ৰথম চালক বিহীন বেলুন (বিমান) আক্ৰমণ চলাই।
৪/ আজিৰ দিনটোতে ১৮৭৭ চনত ভাৰতীয় দাৰ্শনিক আনন্দ কুমাৰস্বামীৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯০৪ চনত চীনৰ ৰাজনেতা, আধুনিক চীনৰ নিৰ্মাতা ডেং জিয়াওপিংৰ জন্ম হৈছিল।
৬/ আজিৰ দিনটোতে ১৩৫৮ চনত ইংলেণ্ডৰ ৰাণী ফ্ৰান্সৰ ইছাবেলাৰ মৃত্যু হৈছিল।
৭/ আজিৰ দিনটোতে ১৪৮৫ চনত তৃতীয়, ইংলেণ্ডৰ ৰজা
ৰিচাৰ্ডৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ