যুদ্ধ আৰু শান্তি — বিতোপন গগৈ

©Admin
0
ৰাস্তা, আকাশ,ক'লা পাহাৰ...
আৰু
সেই ৰক্তাক্ত মৃতদেহকেইটা।
তাইৰ শৈশৱৰ কৰুণ স্মৃতি ,
বিপন্ন সন্ধ্যাৰ ক'ত সোঁৱৰণী
যুদ্ধৰ সৈতে।
তাইৰ বৰ কষ্ট হৈছিল!
তাই ভাল পাইছিল ৰাতিবোৰ,
ভাল পাইছিল আন্ধাৰ,
স্ব-ইচ্ছাৰে বাছি লৈছিল সেই কণ্টকময় পথ,
য'ত আছিল
তীব্ৰ অশান্তি, ঘৃণা, যন্ত্ৰণা।
আঃ বৰ কষ্ট।
এতিয়া তাইৰ ভয়,
সেই ৰাতিবোৰলৈ, আন্ধাৰলৈ।
বন্ধ কোঠাৰ ভিতৰত কবৰ খান্দিছে তাই,
যুদ্ধৰ...
বিচাৰে এতিয়া মাথোঁ শান্তি আৰু মানৱতা,
আন্ধাৰ বিনাশী এমুঠি পোহৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)