দহ মাহ দহদিন গৰ্ভত ধাৰণ কৰি,
পৃথিৱীৰ পোহৰ দেখুৱাইছিলোঁ তোক
আজি এয়াই নেকি প্ৰতিদান দিলি মোক !
পুতাই ঐ, তঁহতক এৰি মই ভালে নাই
অশেষ কষ্টৰে সজা মোৰ সেই পঁজাটোত,
উমলি-জামলি শান্তিৰে টোপনিয়াব মন যায়
নালাগে তোৰ অট্টালিকাৰ ডাঙৰ কোঠালী।
পুতাই ঐ, ভালে আছা নে তঁহত সকলো
নাতি পোৱালীবোৰে বিচাৰে নে মোক আজিও?
লাহে লাহে বাৰ্ধক্যই হেঁচা মাৰি ধৰিছে অ'
চকুৰেও আজিকালি ভালকৈ নেদেখোঁ ।
পুতাই ঐ, বৰকৈ অকলশৰীয়া হৈছোঁ
চাই যাবি চোন এবাৰ বুকু শাঁত পৰিব ,
জীৱন লগৰী তেওঁ যে নাই কাষত ভৰসা দিব
জীৱন নাট সামৰি শুই পৰিছে শ্মশানৰ বুকুত ।
পুতাই ঐ, বুকুখন বৰকৈ বিষাইছে, চকুলো নিগৰিছে
জীৱনৰ বিদায়ী ক্ষণ হয়তো চমু চাপি আহিছে ,
চাই যাবি চোন এবাৰ জীৱনৰ বিয়লি বেলাত
কেনে আছে মৰম আকলুৱা তঁহতৰ এলাগী আই !
পুতাই ঐ, অভিশাপ দিয়া নাই উত্তপ্ত চকুলোৰ
মনত ৰাখিবি নিজে নাখাই খোৱাইছিলোঁ তোক,
দূৰৰ পৰাই আশীৰ্বাদ কৰিছোঁ কুশলে থাকিবি
মোৰ দৰে নোহোৱা যাতে বৃদ্ধাশ্ৰমৰ অতিথি।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ