ফাগুন মাহৰ দুপৰীয়া সময় অলপ অলপ কৈ এজাক পছোৱা বতাহ বয় আছে ।আলি-পদূলিৰ শুকান বালি বোৰে গোটেই ৰাস্তা খন আৱৰি ৰাখিছে।এইফাল পৰা চালে একো বস্তুকে দেখা নাপাই। ইমানেই ধূলি আনকি বাহিৰলৈ যাবলৈকে মন নায়ায়।
ইমান ধূলিয়ৰি বাট , তাতে আকৌ ফাগুনীৰ মনটো আজি বৰ চঞ্চল।ঘৰৰ কাম এৰি বাৰে বাৰে পদূলি মূৰত চাই আছে ।
ঘৰৰ পৰা মাকে চিঞৰ এটা মাৰি ক'লে -
:-ঐ ছোৱালী বাৰে বাৰে যে কাম এৰি পদূলি লৈ গৈ আছ কিয় ?
তাত তোৰ কাম নাই নহয় ঘৰতহে আছে ।
:- মই কিবা এটা চাই আছোঁ। ৰʼবি না মই গৈছোঁ।
বুলি কৈ পদূলি মূৰত ৰৈ আছে ।
ফাগুনীয়ে জানে মনত কি চলি আছে ?
(কিহৰ ইমান হেঁপাহৰে কাম এৰি পদূলি মূৰত গৈ কাৰোবাৰ অহাৰ অপেক্ষাত ৰৈ আছে ।
কেতিয়া যে অপেক্ষাটো অন্ত পৰিব ।)
ফাগুনীয়ে বাৰে বাৰে পদূলি মূৰত ৰৈ বাট চাই থকা জন হৈছে -একে বাৰে বুকুৰ আপোনজন আজি প্ৰায় পাঁচ বছৰৰ হ'ল । ফাগুনীক এৰি দূৰত থকা । ফাগুনীয়ে কেনেকৈ যে ইমান দিনে অকলশৰীয়া হয় দিন বোৰ পৰা কৰিলে তাইহে বুজিছে ।
সেই অপেক্ষা বোৰ যেন আজি অন্ত পৰিব । সেই বাবেই ফাগুনীয়ে বাৰে বাৰে পদূলি মূৰত চাই আছিল।
ফাগুনীৰ মনতো আজি বৰ আনন্দ কাৰণ বহু বছৰ পাছত আজি নিজৰ আপোন মানুহজনক কাষত লগ পাব । ফাগুনীয়ে তাৰ কথা বোৰ ভাবি ভাবি কাম বোৰ কৰি আছে ।
হঠাৎ বাহিৰ পৰা কোনোবাই চিঞৰি আছে কিন্তু ফাগুনীৰ কাণসাৰ নাই ফাগুনী নিজৰ কামত ব্যস্ত হৈ আছে। হঠাৎ ফাগুনীৰ লগৰ ডেউতিয়ে চিঞৰি আছে ।
:- ঐ ফাগুনী ঐ ফাগুনী !
নাই ফাগুনীৰ মাত বোল নাই ।
জেউতিয়ে ভিতৰত সোমাই ফাগুনীক চাই আছে কি কৰিছে বুলি ।
ফাগুনীয়ে কামত ব্যস্ত হৈ মুখত কিবা কিবি বোৰ বকি আছে। ডেউতিয়ে পাছফালৰ পৰা মাত লগালে । ফাগুনীয়ে চক খাই ডেউতিৰ মুখলৈ চাই ক'লে - তই যে এনেকৈ মনে মনে ?
ডেউতিয়ে ক'লে -তোক যে মই টেটু ফালি চিঞৰি আছোঁ।তই শুনি পোৱা নাই ।কাৰ কথা ভাবি কাম কৰি কৰি বকি আছিলি।
ফাগুনীয়ে ক'লে - কাৰ কথা আৰু তাৰে কথা ভাবি আছোঁ।সি আহিম বুলি কৈ আছে যে ।
ডেউতিয়ে ক'লে -অ ।সেই বাবেই মানে আজি বৰ আনন্দ ন। মই নাজানো নহয় আক ।
ঐ আহিলে কিয় তই একে বাৰে যাবি।
:- সেই পাগলী তইওঁ যে কি কথা কওঁ?
তাক আহিব দে তাৰ পিছত কি হ'ব দেখা যাব ।
ঐ ডেউতি ঘৰত নকʼবি আক ।গম পালে মোক খাই পেলাব ।
মোৰ কাৰণে বোলে কৰ ল'ৰা এটা চাই দিছে অ। মোক যে পলাশৰ বাহিৰে কাকো ভাল নালাগে । সেই কাৰণে তাক জোৰ কৰি মাতিলো ।
মই ক'লো - যে দেউতাই মোৰ কাৰণে ল'ৰা এটা চাই দিছে।তই সোনকালে আহ অ । মই সেই ল'ৰাটো বিয়াত নবহোঁ।
ডেউতিয়ে ক'লে - উম ! কি কৰিব?
দেউতাহঁতো নিজৰ ভালৰ কাৰণে চাই দিয়ে কিন্তু আমাৰ দে মনতো বেলেগত থাকে। কি হ'ব আৰু জীৱনটো এনেকুৱাই , জীৱনত মই পাইছোঁ সেইটোতে সন্তুষ্ট হ'ব লাগে অ। কিন্তু পোৱাৰ পিছতো আমি সন্তুষ্ট নহয় ।যাৰ বাবে পোৱাটোক হেৰুৱাই দিয়া হয় । মোৰ জীৱনতো তেনেকুৱা হ'ল অ ।তাৰ বাবে ও মই পাহৰিব নোৱাৰোঁ।কাৰণ মই জীৱনত যিতোক পাইছিলো সেইটোক মই নিজৰ বাবে প্ৰতাৰণা কৰি আজি মই অসহায়। সঁচাকৈ জীৱনে বহু কথাই শিকাই । কিন্তু আমি হে বুজি নাপাওঁ।
ফাগুনী যি আছে এতিয়াই কৰ ।পিছত নহ'ল মোৰ দৰে হʼবি। মা দেউতাই বাধা দিব আৰু সেইবোৰৰ বাদ দে । এবাৰ ৰোৱা পিছতো ঘূৰাই ও আনবি নোৱাৰে ন।
নহ'লে আশা, সপোনবোৰ সপোন হৈ ৰৈ যাব ।
:-উম! তাই ঠিকেই কৈঁছে অ। দেউতা লৰাটোৰ লগত যাবলৈ মন নাই অ ।আজি লগ কৰি কম যে মোক লৈ যোৱা বুলি কি কয়?
ঐ ডেউতি এতিয়া হ'ব ।মোৰ কাম বোৰ শেষ হ'লে তোক মাতিম আহিবি পিছত পলাশক লগ কৰিম ।সি আহিলে ঘৰত আছে বোলে ।
:-উম !হ'ব ।ময়ো যাওঁ হে ।মাতিবি আক ।
:-উম!মাতিম অ।
ফাগুনী কাম ব্যস্ত হৈ গ'ল । কাৰণ কামবোৰ সোনকালেই শেষ কৰি পলাশক লগ কৰিব যাব আছে নহয় । লৰালৰিকৈ কামবোৰ শেষ কৰি পলাশক লগ ধৰিব গ'ল ।
ফাগুনীৰ সৈতো আজিয়ে দেহৰ পোছাকযোৰ সলনি কৰিবলৈ সময় আহিল ।
দুয়ো আবেলি সময়কণত লগ হ'ল।
ইমান দিনৰ মুৰত লগ পাইছে যে দুয়োটাৰ উৎসাহ বোৰ বহুত ।সুখ - দুখৰ কথা পতাত ব্যস্ত ।
হঠাৎ পলাশে ক'লে -যে মই যে ইমান দিনে তুমি বিহীন হৈ অকলে অকলে থাকিলোঁ যে এতিয়া সেই বাবে ভাবিলে যে সপোন যেন লাগে জানা।
কাৰণ এতিয়া যে তুমি মোৰ নিশ্চয় কাষত আছা ।
ঐ আহিছোঁ ,যেতিয়া এবাৰ তোমাক লৈ যাম । পিছে তুমি কি কোৱা
:-মইতো ৰাজি আছোঁ।তুমি যদি কোৱা ন এতিয়াই বʼলা। মই এতিয়াই যাম ।
:-হʼব ।আজি ৰাতিৰ ভিতৰতে কিবা সেষ্ট নেষ্ট কৰিব লাগিব।
দুয়োৰ মন আৰু আশা, সপোনবোৰো একেই যাৰ বাবে দুয়ো মান্তি হৈ জীৱনৰ ঘাট প্ৰতি ঘাটৰ সংগ দিবলৈ লৈছে।
দুয়ো ফাগুনৰ ফাকুত মতলীয়া হৈ ফাগুনীৰ উকা কপালত এটি ৰঙা ৰংৰ বেলি আঁকি দিলে।
হঠাৎ ফাগুনী ঘৰত নোহোৱা দেখি মাকে ঘৰত চিঞৰ বাখৰ খন লগাই দিলে । কাৰোবাৰ মুখত শুনিলে বোলে তাই গাওঁৰ ল'ৰাজনৰ লগত পলাই গ'ল।কথাষাৰ ফাগুনীৰ মাকৰ কাণত পৰিলত ৰাতিয়েই ফাগুনীক বিচাৰিবলৈ ল'ৰাজনৰ ঘৰলৈ পালেহি।তাত গৈ মাকে চিঞৰ বাখৰ খন লগাই দিলে। ফাগুনীয়ে মাক অহাৰ খৱৰ শুনি দুয়ো ঘৰ পৰা পলাই দিলে।
ল'ৰাজনৰ ঘৰৰ মানুহবোৰ ইমানকৈ কাকতি মিনতি কৰি ফাগুনীৰ মাকক বুজাই- পৰাই ।
দুয়োৰ মিলনত সকলোলোকেই সন্মত হৈ দুয়োক সমাজে আকোঁৱালি ল'লে।
ফাগুনীয়ে আজিৰ পৰা বৰ সুখী কাৰণ মনে বিচৰা মানুহ জনক এতিয়াৰ নিজৰ কাষতে পাব বুলি ।সুখ দুখৰ মাজতে তেওঁলোকৰ সংসাৰ খন আগুৱাই গৈছে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ