যাৰ শিৰোনাম কবিতা...
উকা কাগজবোৰ ৰঙীন কৰিছিলোঁ
কবিতাৰ ভাষায়ে ক'ব বিচৰা
এটি শিৰোনাম লৈ...
লিখি গৈছিলো এটি এটি শব্দ,
যিয়ে প্ৰকাশ কৰিছিল মোৰ মৌনতা।
সময়ে যদি লগ দিয়ে,
পুনৰ লগ হ'ম এৰি অহা বাটত।
আকৌ হাতত তুলি দিম চিয়াহি
ৰঙীন কৰিম উকা কাগজবোৰ
চিয়াহীৰে বিয়পাই পেলাম,
মৌনতাৰ ৰঙীন ভাষাবোৰ।
ব্যস্ততাৰ মাজতো তোমাক লিখোঁ,
যদি মনে পাখি মেলে
আকৌ আৰম্ভ কৰিম।
জুমি চাম ভাল লগা বেটুপাতটি,
য'ত লিখা আছে.....
মোৰ প্ৰাণ,মোৰ মৌনতা
যিয়ে বুজাই হাজাৰ মৌন ভাষা,
সেয়াই একমাত্ৰ কবিতা....।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ