সাম্প্ৰতিক সময়ত অসমত তিনিখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। তাৰ ভিতৰত এখন অন্যতম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল চৰাইদেউ। ঐতিহ্য এটা জাতিৰ, সংস্কৃতিৰ বুনিয়াদ। ঐতিহ্য অবিহনে এখন দেশৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কথা কল্পনা কৰিব নোৱাৰি। উত্তৰাধিকাৰী সূত্ৰে আমি পূৰ্বজসকলৰ পৰা ঐতিহ্য লাভ কৰিব পাৰো। ঐতিহ্য দুই প্ৰকাৰৰ, প্ৰাকৃতিক ঐতিহ্য আৰু সাংস্কৃতিক ঐতিহ্য। আমাৰ অসমৰ একমাত্ৰ সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ খন হ'ল চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ। সাংস্কৃতিক ঐতিহ্যক দুটা ভাগত ভাগ কৰা হৈছে। এটা স্পৰ্শনীয় (Tangible) আনটো অস্পৰ্শনীয় (Intangible)। স্পৰ্শনীয় ঐতিহ্য ক্ষেত্ৰ যেনে---- কীৰ্তিচিহ্নি, স্মৃতিসৌধ, পুৰণি পুখুৰী, গড় ইত্যাদি। অস্পৰ্শনীয় ঐতিহ্য যেনে---- নৃত্যৰ ভঙ্গিমা, গীতৰ সুৰ, লোক- কথা, আচাৰ ইত্যাদি। আনহাতে প্ৰকৃতিৰ অনবদ্য সৃষ্টি কোনো বিশিষ্ট অৰণ্য, উদ্যান, পৰ্বতমালা, হ্ৰদ আদি , যিবোৰৰ ভৌগোলিক গুৰুত্ব আছে , অনিৰ্বচনীয় সৌন্দৰ্য্য আৰু বিশ্বজনীন আৱেদন আছে তেনে কেতবোৰ বিশেষ ভূ-খণ্ডক প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে। যেনে --- অসমৰ কাজিৰঙা, মানাহ , পশ্চিমঘাট পৰ্বতমালা ইত্যাদি। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক দুয়োপাৰে নগৰ-চহৰ, মঠ-মন্দিৰ, স্থাপত্য- ভাস্কৰ্য আদিৰে সমৃদ্ধ এক গৌৰৱময় ঐতিহ্য আমাৰ পূৰ্বজসকলে আমাক দি থৈ গৈছে। এই ঐতিহ্য সম্পদৰাজিক ভৱিষ্যত প্ৰজন্মৰ হাতলৈ নিৰাপদে হস্তান্তৰ কৰাটো প্ৰতিজন নাগৰিকৰে এটা নৈতিক দায়িত্ব। বিশ্বায়নৰ যুগত প্ৰত্যেকে ঐতিহ্যৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা অনুভৱ কৰে।
চৰাইদেউ প্ৰত্নতাত্বিক স্থান দৰাচলতে আহোম স্বৰ্গদেউ সকলৰ সমাধি ক্ষেত্ৰ। সেয়ে, চৰাইদেউ এক প্ৰৱিত্ৰ আৰু ধৰ্মীয় প্ৰত্নতাত্বিক স্থান। ত্ৰয়োদশ শতিকাৰ আগভাগত চীনদেশৰ মুঙমাও ৰাজ্যৰ ৰাজধানী মাওলুঙ এৰি ইৰাৱতী নদী পাৰ হৈ আহি আহোম ৰজা চাওলুং চুকাফাই উজনি অসমৰ পুৰণি সৌমাৰপীঠ খণ্ডৰ একাঙ্শ অধিকাৰ কৰি মুঙ-ডুন - খাম ৰাজ্য স্থাপন কৰে। এই খাঙজাঙেই আহোম ৰাজ্যৰ প্ৰথম প্ৰতিষ্ঠিত ৰাজ্য। আহোম স্বৰ্গদেউ চুকাফাই শিমলুগুৰি অঞ্চলৰ পাহাৰৰ শিখৰত চে- তাম- ডয় চে- খাম- বান নাম দি ৰাজধানী প্ৰতিষ্ঠা কৰে। পিছলৈ, চে- তাম-ডয় চে-খাম - বান' টাই আহোম নামৰ পৰা এই স্থানৰ নাম চে- ৰাই- ডয় নামৰ পৰা চৰাইদেউ হয়। চৰাইদেউত আহোম স্বৰ্গদেউ সকলৰ ৰাজধানী ১৪৫ বছৰ কাল আছিল। টাই আহোম সকল চৰাইদেউ লৈ অহাৰ পূৰ্বে মৰাণ আৰু বৰাহীসকলৰ পুণ্যভূমি। ১২৫৩ চনত আহোম স্বৰ্গদেউ চাওলুং চুকাফাই স্থাপন কৰা প্ৰথম খন স্থায়ী ৰাজধানী এই চৰাইদেউ। সমগ্ৰ চৰাইদেউ অঞ্চলক তিনিটা ভাগত ভাগ কৰা হৈছে। ৰাজধানী চৌহদ ভাগ, সমাধি ক্ষেত্ৰ আৰু প্ৰৱিত্ৰ তীৰ্থস্থান। চৰাইদেউ অঞ্চলতেই আহোম স্বৰ্গদেউ সকল, পৰিয়ালবৰ্গ আৰু উচ্চ পৰ্যায়ৰ ৰাজ-বিষয়াক আহোমসকলৰ ধৰ্মীয় ৰীতি- নীতি আৰু পৰম্পৰাৰে সমাধি দিয়া হৈছিল। আহোমসকলৰ মৈদামসমূহৰ বহি:ৰূপ অৰ্ধগোলাকৃতিৰ আৰু ইয়াৰ অন্তৰ্দেশত ধৰ্মীয় আৰু ৰাজকীয় প্ৰথা অনুসৰি উপস্থাপন কৰা, স্বৰ্গদেউ, ৰাণী অথবা উচ্চ পৰ্যায়ৰ ৰাজ-বিষয়াসকলৰ সমাধি বৰ্তি আছে। অন্তৱৰ্তী এই সমাধি ক্ষেত্ৰক "কাৰেং - ৰুঙডাঙ" বুলি কোৱা হয়। এনে কাৰেং -ৰুঙডাঙৰ ওপৰ ভাগত ইটাৰে নিৰ্মিত চৌ- চালি দেখা যায়। এনে চৌ- চালিত বন্তি প্ৰজ্বলন কৰা হয়। এনে পকা মৈদামৰ ভেটি হাতেৰে গঢ়া অষ্টকোণীয়। এনে মৈদামসমূহত সমাধি দিয়াৰ পূৰ্বে আহোম স্বৰ্গদেউ আৰু ৰাণীসকলৰ আহোমৰ ধৰ্মীয় প্ৰথা অনুসৰি শৱদেহ শুদ্ধিকৰণ কৰা হৈছিল আৰু সেই উপলক্ষে চৰাইদেউ প্ৰত্নতাত্বিক স্থানৰ সমীপত উত্তৰ -পূৰ্বে বৰ্তি থকা শৱ ধোৱা পুখুৰী নামেৰে আহোম ৰজা সকলে নিৰ্মাণ কৰা এটা প্ৰসিদ্ধ পুখুৰী বৰ্তি আছে। শৱ ধোৱা অথবা শ ধোৱা পুখুৰী ওচৰতে কোৰ ধোৱা পুখুৰী আৰু পেটু ধোৱা পুখুৰী নামে অন্য দুটা পুখুৰী বৰ্তি আছে। ছশ বছৰ অসমত ৰাজত্ব কৰা মুঠ ৪২ জন আহোম স্বৰ্গদেউ মৈদামৰ অস্তিত্ব ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত থকাটো প্ৰতীয়মান হৈছে । ইয়াৰ উপৰিও, বৃহত্তম মৈদাম ক্ষেত্ৰৰ ওচৰে পাজৰে বিভিন্ন এলেকাত আৰু ৪৮ টাকৈ সৰু-বৰ মৈদাম আছে। যদিও , ঐতিহাসিক ক্ষেত্ৰ হিচাপে স্বীকৃতি পালে চৰাইদেউৱে, কিন্তু সংৰক্ষণত আৰু পৰিৱেশটো সৌন্দৰ্য্যতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যথাযথ ব্যৱস্থা গ্ৰহণ কৰা উচিত।
◾মায়াশ্ৰী ঠাকুৰ
যোৰহাট।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ