তাই গাভৰু
তাইৰ খামুচীয়া কঁকাল
লাহী দেহ
দেহৰ প্ৰতিটো অংগ যৌৱন ভৰ দুপৰীয়া,
তাই নাজানে নিজৰ পৰিচয়
পাহৰি গৈছে আত্মীয়-স্বজন
আনকি পাহৰি গৈছে নিজকে সযতনে ৰাখিবলৈ!
সোণালী বৰণীয়া জঁটা চুলিটাৰিয়ে আমনি কৰে বাৰে বাৰে,
তাহানিৰ দিনতে কোনো আপোনজনে দিয়া
দেহত তাইৰ ৰঙা কামিজ
সিয়ো ছিগো ছিগো অৱস্থা!
নিজৰ বুলিবলৈ হাতত ধূসৰিত ভন্টি বেগ এটা,
দুটামান পানী বটল, আৰু এখন ঊলৰ ব্লেংকেত,
কেতিয়াবা উচ্চস্বৰে আপোন মনে হাঁহিছে
কেতিয়াবা হিয়া উজাৰি কান্দিছে!
কেতিয়াবা দোকানৰ বাৰাণ্ডাত,
আন কেতিয়াবা ফুটপাথত
আপুনি দেখিলেই চিনি পাব
হয়তো হ'ব পাৰে আপোনাৰ ভনী,বাইদেউ
নতুবা পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনৰ বলি হোৱা
হয়তো কাৰোবাৰ দুৰ্ভগীয়া মাতৃ!
কোনো লোকে তাইৰ দেহটো চাই আমোদ লৈছে
কোনো লোকে ছিঃ বুলি কৈ আঁতৰি গৈছে
কাৰণ তাই যে ফুটপাথৰ পাগলী!
আজি ফুটপাতৰ পাগলী জনী গৰ্ভৱতী,
কামাতুৰ কাপুৰুষৰ বলি হোৱা
এয়াই নিৰ্লজ সমাজৰ বাস্তৱ ছবি।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ