এইয়া নিদ্ৰাত দেখা সপোন নহয়
এইয়া জীৱন যুঁজত জয়ী হোৱাৰ সপোন।।
সপোনৰ পাছে পাছে দৌৰি খেদি
উজুতি খাই ঘূৰি ফুৰা তাই জনী
কেতিয়াবা নিজকে যেন
অচিনাকি লগা ছোৱালী জনি
সপোনক প্ৰাপ্ত কৰাৰ সংগ্ৰামৰ বাবে
নিজক যেন বিলীন কৰি দিছে।।
কত যে ধুমুহা , ব্ৰজপাত ,বৰষুণ ,পাৰ কৰিছে।
তাৰ হইটো কোনো হিচাব নাই
এইয়া কিন্তু প্ৰকৃতিৰ ধুমুহা , ব্ৰজপাত ,বৰষুণ নহয় ।
এইয়া জীৱনলৈ অহা ধুমুহা , ব্রজপাত,বৰষুণ ।।
সপোনৰ পাছে পাছে দৌৰি থাকোঁতে
কিমান যে জীৱনলৈ অহা
ধুমুহা,ব্ৰজপাত, বৰষুণ বোৰে বাধা দিছে
তথাপিও আজিলৈকে তাই জনীয়ে
থমকি ৰোৱাৰ নামেই লোৱা নাই।
অৱশ্যে ভাগৰি পৰিছে
সেই ভাগৰি পৰা সময় কণত
ক্লান্ত হৈ শুই পৰিছে
সেই যে শুই পৰিছে,টোপনি গুচি গৈছে।
টোপনিতো বাস্তৱৰ জীৱন যুঁজত জয়ী
হোৱাৰ সপোন টোৱে আহি তাইক
নিদ্ৰাৰ সপোনত আমনি কৰেহি।
তাই জনীয়ে সপোনক খেদি খেদি
গৈ আছে আৰু সদায় গৈ থাকিব
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ