নেপালত চকুৰ চিকিৎসা — পৱিত্ৰ কুমাৰ শৰ্মা

©Admin
0
প্ৰায় ১৫ বছৰমানৰ আগেয়ে মোৰ চকুৰ দৃষ্টি শক্তি যথেষ্ট কমি গৈছিল । যিকোনো বস্তু ভালদৰে চকুৰে মণিব নোৱাৰা অৱস্থা হৈছিলোঁ । সেয়ে নগাঁৱৰ এজন চকুৰ চিকিৎসকক দেখুৱাত তেখেতে মোৰ দুয়োটা চকুতে চানি পৰা বুলি কৈছিল আৰু ইয়াক অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি জনাইছিল । ইতিমধ্যে মই মোৰ ভনী জোৱাই ডাঃ ৰঞ্জন গোস্বামীৰ সৈতে কথা পাতিছিলোঁ । তেখেতে কৈছিল যে তেখেতৰ লগত মেডিকেল কলেজত একেলগে পঢ়া আৰু যোৰহাটত থকা নাৰায়ণ বৰদলৈ নামৰ এজন চকু বিশেষজ্ঞ‌ই সেই সময়ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ব প্ৰথম চানি পৰা ৰোগৰ নতুন চিকিৎসা (ফেক')পদ্ধতিৰ প্ৰশিক্ষণ লৈ ইতিমধ্যে বহু লোককে ভাল কৰিছিল । গতিকে মোক উক্ত বৰদলৈদেৱৰ ওচৰলৈ যোৱাৰ কথা কৈছিল আৰু এইটোও কথা কৈছিল যে হয়তো অস্ত্ৰোপচাৰ নকৰাকৈয়ো চকুৰ চিকিৎসা কৰিব‌ও পাৰে কিজানি । সেই বাবেই মই যোৰহাটলৈ গৈ তেখেতক দেখুৱাইছিলোঁ । কিন্তু বৰদলৈদেৱে অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি কোৱাত মই নগাঁৱতেই অস্ত্ৰোপচাৰ কৰিছিলোঁ । তাৰ পিছৰ বছৰত বহু লোকে নেপালত অতি কম খৰছতে চকুৰ চিকিৎসা কৰিব পাৰি বুলি কোৱাত মোৰো তাতেই আনটো চকু অস্ত্ৰোপচাৰ কৰিবলৈ মন গৈছিল ।
       ইতিমধ্যে মোৰ ঘৰৰ কাষৰ এগৰাকী খুৰীয়ে নেপালত চকু চিকিৎসা কৰাৰ পিছত চেক‌আপৰ বাবে পুণৰ নেপাললৈ যাব বুলি কোৱাত ময়ো তেখেতৰ লগত যাবলৈ ওলাইছিলোঁ । পিছত এটা দিন থিক কৰি ৰেলতে নেপাললৈ গৈছিলোঁ । নেপাললৈ ৰেলেৰে যাব লাগিলে প্ৰথমতে NJP ৰেল জংচনত নামি আৰু গাড়ীৰে তাৰ পিছত ভাৰতৰ সীমান্তত থকা পানীটেঙ্কী নামৰ ঠাই এখনলৈ যাব লাগিব । আনহাতে পানীটেঙ্কীৰ পৰা নেপাললৈ যাব হ'লে ৰিক্সাত উঠি প্ৰথমতে নেপালৰ কাকৰভিটালৈ যাব লাগিব । পিছত কাকৰভিটাৰ পৰা আকৌ বাছত উঠি প্ৰায় ১৭ কিমি দূৰত্বত অৱস্থিত বিৰ্টামোড নামৰ ঠাইত থকা 'মেছী আই হস্পিতাল'লৈ যাব পাৰি, য'ত চকুৰ চিকিৎসা কৰা হয় । সেয়ে আমি আগদিনা ৰাতি ৯-৩০ বজাত ট্ৰেইনত উঠি পিছদিনা ৰাতিপুৱা ৬ বজাত NJP ত নামিছিলোঁ আৰু নামিয়েই বাছত উঠি প্ৰথমে পানীটেঙ্কীলৈ গৈছিলোঁ । আকৌ পানীটেঙ্কী আৰু আৰু কাকৰভিটাৰ মাজত এখন নদী আছে যিখন নদীৰ ওপৰত থকা দলঙেৰে কাকৰভিটালৈ গৈছিলোঁ । মই অৱশ্যে নেপাললৈ দুবাৰ গৈছিলোঁ । দুয়ো বাৰে এটা কথা লক্ষ্য কৰিছিলোঁ যে কোনোবা মানুহে যদি অকলে ৰিক্সাত উঠে তেন্তে দেখিব যে কাষতে হঠাৎ এজন মানুহ উঠে আৰু নমাৰ সময়ত তেওঁ নিজৰ ভাৰাটো দি গুচি যায় । তাৰ পৰা এটা কথা বুজি পালোঁ, সেই ঠাইত ৰিক্সাত যোৱা দুজন বেলেগ বেলেগ মানুহে নিজৰ ভাৰা ভাগ-বাটোৱাৰা কৰি লয়,যিটো সচৰাচৰ আমাৰ ইয়াত দেখা নাযায় । দুয়োখন দেশৰ সীমান্তত নিৰাপত্তা ৰক্ষী আছে যদিও সাধাৰণ মানুহৰ কাগজ-পত্ৰ পৰীক্ষা কৰা নহয় ।
      কাকৰভিটাত নমাৰ পিছত এখন বাছত উঠি বিৰ্তামোড পালোগৈ । তাতে এখন হোটেলত থকাৰ ব্যৱস্থা কৰি অলপ খাই বৈ হস্পিতালত সোমাইছিলোঁ । হস্পিতালত দুটা ক্ষেপত ৰোগী চোৱাচিতা কৰা হয় । ইতিমধ্যে ৰাতিপুৱা ক্ষেপতো শেষ হোৱাৰ পিছত দ্বিতীয় ক্ষেপৰ বাবে লাইন কৰিব লাগে আৰু লাইনো দুই ধৰণৰ হয় । এটা লাইনত চকুৰ পৰীক্ষাৰ বাবে সেই সময়ত ২০ টকা(ভাৰতীয় মুদ্ৰা ১৩ টকা) আৰু আনটো লাইনত ১৫০টকা(ভাৰতীয় মুদ্ৰা ১০০টকা) । প্ৰথম লাইনটোত কম প‌ইচা বাবে দীঘলীয়া লাইন আৰু আনটো বেছি প‌ইচাৰ বাবে চুটি । আমি দূৰৰ পৰা অহাৰ বাবে ১০০ টকীয়া লাইনতে থিয় হৈছিলোঁ । আমাৰ ভাগ্য ভাল আছিল যে সেই সময়ত বেছি মানুহো অহা নাছিল । গতিকে ৰৈ থকা নিৰাপত্তাৰক্ষী এজনীয়ে আমাক ২০ টকীয়া লাইনতে থিয় হ'ব কৈছিল আৰু আমিও খুব কম সময়তে পৰীক্ষাখিনি কৰিছিলোঁ । ভাৰতীয় ১০ টকীয়া মুদ্ৰাৰ মুল্য নেপালত ১৬ টকা আৰু নেপালৰ ১০ টকীয়া মুল্য ভাৰতীয় মুদ্ৰাৰ ৬ টকা । সেয়ে নেপালত দোকান বজাৰ বা যিকোনো ঠাইত এইভাৱেই মুদ্ৰাৰ আদান প্ৰদান কৰা হয় । সেই সময়ত অসমৰ প্ৰিপেড মোবাইল সেৱা নেপালততো বাদেই ভাৰতৰ অন্যান্য ৰাজ্যতো উপলদ্ধ নাছিল । মোৰ অৱশ্যে এটা পষ্ট পেইড মোবাইল থকাৰ বাবে ভাৰতৰ সীমান্ত‌ আৰু নেপাল সীমান্তৰ কিছু ভিতৰলৈকে পাইছিলোঁ । সাধাৰণতে নেপালৰ পৰা ভাৰতলৈ আমাৰ মোবাইলত নেটৱৰ্ক পোৱা নাযায় , কিন্তু অস্ত্ৰোপচাৰ কৰাৰ আগেয়ে ঘৰলৈ বুলি ফোন এটা কৰোঁতে হঠাৎ যোগাযোগ কৰিব পাৰিছিলোঁ আৰু সেয়াও মাথোন এবাৰেই ।
       পিছদিনা ৰাতিপুৱাই খুব সোনকালে উঠি কাউণ্টাৰত ৪০০০ টকা (ভাৰতীয় ২৫০০ টকা )জমা দি অস্ত্ৰোপচাৰৰ বাবে সাজু হৈছিলোঁ । ইতিমধ্যে হস্পিতালত চকুৰ অস্ত্ৰোপচাৰৰ বাবে ৰোগীসকলৰ তালিকা প্ৰস্তুত কৰি এজন এজনকৈ অস্ত্ৰোপচাৰ কৰি গৈছিল । এই কামখিনি ইমান নিখুঁতভাৱে আৰু কম সময়ত কৰিছিল যে ভাবিলে সঁচাকৈয়ে বৰ আচৰিত লাগে । তাৰোপৰি হস্পিতালৰ কোঠাসমূহ তথা চৌহদটো ইমান পৰিষ্কাৰ পৰিছন্ন আছিল যে ফু মাৰিও ভাত খাব পাৰি । অস্ত্ৰোপচাৰ কৰাৰ পিছত ৰোগীসকলক এটা কোঠাত ৰাতিটোৰ বাবে জিৰণি ল'বলৈ দিয়া হয় । এই ৰাতিটো থকাৰ খৰছো সেই ২০ টকাৰ ভিতৰতে ধৰা হয় । ভাবিলে সঁচাকৈয়ে বৰ আচৰিত লাগে । পিছদিনা চকুৰ ড্ৰেচিং কৰি প্ৰায় ৬০ টকা মানৰ খোৱা আৰু চকুত সনা দৰৱ দিছিল । অলপ চালাক-চতুৰ মানুহ হ'লে হোটেলত নাথাকি কেৱল হস্পিতালতে থাকি চকুৰ চিকিৎসা কৰি ঘৰলৈ ঘূৰি আহিব‌ও পাৰি ।
     নেপাললৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা যথেষ্ট মানুহে চকুৰ চিকিৎসা কৰিবলৈ আহে ,মূলতঃ তাত কম খৰছতে চিকিৎসা কৰাৰ বাবেহে । তাৰোপৰি পশ্চিম বংগ ও বিহাৰৰ পৰাও যথেষ্ট মানুহ আহে । আমি ইতিমধ্যে তাত কেইবাটাও অসমীয়া পৰিয়ালক লগ পাইছিলোঁ । বিৰ্টামোডত বজাৰৰ আশেপাশে ঘূৰোঁতে হঠাৎ অসমীয়াতে লিখা ফলক এখন দেখা পাই মনটো খুব ভাল লাগিছিল । বিদেশত অসমীয়া ফলক এখন দেখা পালে কিমান ভাল লাগে সেয়া নিজেহে অনুভৱ কৰিব পাৰে । তাৰ পৰা অনুমান কৰিছিলোঁ যে তালৈ যথেষ্ট সংখ্যক অসমৰ মানুহ আহে । যিহেতু আমি দুৰাতিৰ বাবে নেপালত আছিলোঁ আৰু তৃতীয় দিনা ঘূৰি অহা ৰেলৰ টিকট ৰাতি ৯-৩০ থকাৰ বাবে সেইদিনা দিনৰ ভাগত এনেয়ে থকাৰ বাবে প্ৰায় ৬ কিমি. দূৰত থকা এটা প্ৰাচীন মন্দিৰলৈ ফুৰিবলৈ গৈছিলোঁ আৰু তাৰ পৰা ঘূৰি আহি লাহে লাহে NJP লৈ আহিছিলোঁ । যথা সময়ত ৰেল আহি পোৱাত আমি উঠি পিছদিনা গুৱাহাটী পাইছিলোঁ আৰু তাৰ পিছত ঘৰলৈ ঘূৰি আহিছিলোঁ ।
      নেপালৰ বজাৰত সোমাই এটা কথা লক্ষ্য কৰিছিলোঁ সেই দেশখন ভাৰতৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল । কাপোৰ-কানি ,গেছকে আদি কৰি বহু বস্তু ভাৰতৰ পৰাই আমদানি কৰা হয় । কিবা কাৰণত ভাৰতৰ সীমান্তত বন্ধ দিলে তাৰ প্ৰভাৱ নেপালতো পৰে । ১৫ বছৰৰ আগৰ নেপাল আৰু বৰ্তমানৰ নেপালৰ মাজত হয়তো বহুত পাৰ্থক্য থাকিব পাৰে । সেয়ে , বাছ বা ৰেলৰ ভাৰা বৃদ্ধি ,চিকিৎসাৰ ব্যয়‌ও যথেষ্ট বেছি হ'ব পাৰে। তথাপিও ক'ব পাৰি সাধাৰণ মানুহৰ বাবে নেপালত চকুৰ চিকিৎসা যথেষ্ট সুলভ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)