ঘূৰ্ণিবতাহে আনে প্ৰণয় প্লাৱন — অনন্ত কুমাৰ ভূঞা

©Admin
0
মেঘাচ্ছন্ন আকাশ ফৰকাল হ'ল  
ৰৌদ্ৰজালত মেলি দিলোঁ 
সপোনৰ চেঁ‌কুৰা
খহি গ'ল আৱেগৰ ঢৌ
পমি গ'ল যশস্যাৰ সোঁত
অজানিতে গলি গ'ল আত্মঅহংকাৰ
ঘূৰ্ণিবতাহে আনিলে প্ৰণয় প্লাৱন ।
ভেঁ‌কুৰিছে চনপৰা মন 
দূৰ্গন্ধত উৱলিছে কল্পনাৰ দলিছাখন
অসহ্য তাড়না
প্ৰচণ্ড ক্ষোভ মন গহ্বৰত ,
নিৰ্যাতনৰ চৰম সীমাত চলিছে বিক্ষোভ
কলিতে লেৰেলি শুকাল কোমল অনুভৱ
লাঞ্চিত বঞ্চিত প্ৰৱঞ্চিত হৈ ৰ'লো ,
অকালতে নষ্ট হ'ল অঙ্কুৰিত কোঁ‌হ
অপৈণত গৰ্ভপাতে খহালে সপোন , 
ফাপৰে ধৰিলে অনুভৱৰ মৌ কোঁ‌হ 
কল্পনা তিল তিলকৈ মৰহি শুকাল
কৰাল ধৰিল অনুতাপবোৰ ।
কলাঘুমটি ভাঙিল গভীৰ নিশা 
অজানিতে স্বপ্নিল মায়াই 
ৰঘুমলা হৈ বগাবলেহি গাত 
সাৰপাই দিঠকত খুচৰিলোঁ‌ মায়াৰ সপোন ।
এহালি বিহংগমৰ ছাটি-ফুটি মন
প্ৰাণোচ্ছল প্ৰণয়ত মতলীয়া প্ৰাণ 
গছৰ ডালত পৰি পাতিছে মনৰ কথা,
হঠাৎ মেঘাচ্ছন্ন আকাশআৱিৰ্ভাৱ 
ধূসৰিত গোমা পৰিবেশ
ঘূৰ্ণি বতাহত আহিল প্ৰণয় প্লাৱন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)