মহিলা--কি নাম তোমাৰ
ল'ৰা--প্ৰাণ বৈৰী
মহিলা--ক'ত ঘৰ তোমাৰ
ল'ৰা--সৌ পাহাৰৰ দাঁতিত
মহিলা--কি আছে তাত
ল'ৰা--দৰিদ্ৰতা
মহিলা--আৰু একো নাই
ল'ৰা--ভোকৰ তাৰণা
মহিলা--পঢ়া শুনা
ল'ৰা--কোনেও নাই কৰা
মহিলা--স্কুল আছে
ল'ৰা--বহু দূৰত
মহিলা--শিক্ষক কেইজন
ল'ৰা--মাত্ৰ এজন
মহিলা--স্কুল চলে
ল'ৰা--যেনে-তেনে
মহিলা--দেউতা আছে তোমাৰ
ল'ৰা--মৃত্যু হৈছে
মহিলা--মা ক'ত
ল'ৰা--শৰশৰ্য্যাত
মহিলা--ঘৰ সংসাৰ কেনেকৈ চলে
ল'ৰা--ভিক্ষা পালে
মহিলা--থাকা ক'ত
ল'ৰা--গছৰ তলত
মহিলা--বতাহ বৰষুণ আহিলে
ল'ৰা--তিতি থাকো--
মহিলা--হস্পিতাল আছে
ল'ৰা--এখনো নাই
মহিলা--বেমাৰ আজাৰ হ'লে
ল'ৰা--জৰা-ফুকা কৰে
মহিলা--পূজা পাৰ্বন
ল'ৰা--মাথো সপোন
মহিলা--হিন্দু নে বৌদ্ধ
ল'ৰা--জন যুদ্ধ
মহিলা--কিয় এনেকুৱা হ'ল
ল'ৰা--কেনেকৈ ক'ম
মহিলা--পুলিচ আহে
ল'ৰা--মাহে মাহে
মহিলা--আহি কি কৰে
ল'ৰা--ধৰি মাৰধৰ কৰে
মহিলা--তাৰ পাছত
ল'ৰা--জেলত ভৰাই থয়
মহিলা--কি পোৱা জেলত
ল'ৰা--খাবলৈ পাঁও
মহিলা--ইয়াত কি খোৱা
ল'ৰা--উপবাসত থাকো
মহিলা--ভাতৰ গোন্ধ
ল'ৰা--ছমাহ বন্ধ
মহিলা--কেনেকৈ জীয়াই থাকা
ল'ৰা--সন্ত্ৰাসৰ মাজেৰে
মহিলা--ঠিক আছে আজিলৈ যাওঁ আকৌ লগ পাম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ