মানুহৰ চিন্তা ভাৱনাৰ পৰাই মানুহৰ চৰিত্ৰ গঠন হয় ≈জ্যোতিষ্ক বৰুৱা

©Admin
0
বৰ্তমান বৃহত্তৰ মানৱ সমাজখনত নৈতিক শিক্ষা আৰু আধ্যাত্মিক শিক্ষাৰ অভাৱে সমাজত হৈ থকা উশৃংখলতাৰ একমাত্ৰ কাৰক হৈ পৰিছে ৷ বৰ্তমান সময়ত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী কেৱল ভোগ,বিলাস,ঐশ্বৰ্য বিভূতি আহৰণৰ একাত্মক একঘেয়ামী প্ৰতিযোগীতামূলক চিন্তাৰে সমাজখনত যথেষ্ট ঋণাত্মক প্ৰভাৱ পেলাইছে ৷ যাৰ ফলশ্ৰুতিত মানুহে মানুহৰ মাজত দয়া-মমতা,সদাচাৰৰ জ্ঞান,আচৰণ, দায়িত্ব-কৰ্ত্তৱ্যৰ কথা পাহৰি পেলাইছে ৷ শিক্ষাৰ মানদণ্ড কেৱল ডিগ্ৰী-ডিপ্লমা আহৰণ কৰি অধিক অৰ্থ উপাৰ্জনকে একমাত্ৰ লক্ষ্য কৰি লৈছে ৷ প্ৰকৃত শিক্ষা জ্ঞানৰ পৰা ফালৰি কাটি নিজকে প্ৰতিযোগীতামূলক ভাৱে কেৱল ঐশ্বৰ্য-বিভূতি বৈভৱতাৰে শ্ৰেষ্ঠ কৰি তোলাৰ মানসিকতাকহে নিজৰ মাজত গঢ় দিছে আৰু নিজকে কেৱল সমাজখনত আভিজত্যৰ পৰিচয় দিছে ৷ আৰু এই পৰিচয়ৰ বাবে যেন এতিয়া উঠি পৰি লাগিব ধৰিছে ৷ এই 
 আভিজাত্যৰ ৰঙীন আবৰণত বুৰ গৈ প্ৰতিযোগীতাৰ পৃথিৱীত আধুনিকৰ পৰা আধুনিকতালৈ নিজকে লৈ যাৱলৈ খোজোতে মানৱ সমাজ ক'ব নোৱাৰাকৈয়ে যিমানেই শিক্ষিত তথা প্ৰগতিৰ পিনে ধাৱমান হৈছে তাৰ বিপৰীতে কিন্তু সৰ্বত্ৰে এক ঋণাত্মক প্ৰভাৱে বিৰাজমান হৈ পৰিছে তাক আজি যেন কোনেও নুই কৰিৱ নোৱাৰা হৈছে ৷ সামাজিক মূল্যবোধৰ বিপৰীতে মানুহ যে আত্মকেন্দ্ৰিক চিন্তা চেতনাৰ প্ৰতি দিনক দিনে যেন উদ্বাউল হৈ পৰিছে তাক স্বত:স্ফুত: ৰূপত ফুটি উঠা লক্ষণে ক্ৰমাত ঠন ধৰি উঠিছে ৷ মানুহৰ চিন্তা,কৰ্ম,বুদ্ধিত,ব্যৱহাৰত,দৰ্শনত যেন কৰবাত নৈতিকতাৰ পতন ঘটি ক্ৰমাত চেতনাৰ উৰ্বৰতা হ্ৰাসৰ লগতে সুস্থ মানসিকতাৰ অপমৃত্যু ঘটিছে। মানুহে কেৱল বৰ্তমান যুগত শিক্ষাৰ মানদণ্ড কেৱল ডিগ্ৰীৰ স'তে মূল্যায়ন কৰাৰ ফলশ্ৰুতিত মানবীয় প্ৰমূল্যবোধৰ এতিয়া যেন সাংঘাটিক ধৰণে অৱক্ষয় ঘটিছে। নৈতিকতাৰ অৱক্ষয়ৰ বাবেই হওঁক অথবা বিশ্বায়নৰ প্ৰভাৱতেই হওঁক সুস্থ সামাজিক পৰিৱেশৰ ক্ষেত্ৰত মানৱীয়তা,সৰলতা,দয়া,ক্ষমা,
পৰোপকাৰৰ গুণ সমূহ মানুহৰ মাজত লোপ পাৱলৈ ধৰাৰ লগতে সঘনাই বিৰাট প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে। যাৰ বাবে সঘনাই হত্যা, হিংসা,ধৰ্ষণ, অপহৰণ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদি অপৰাধ প্ৰৱণতাই সমাজ জীৱনত গা কৰি উঠাৰ লগতে সমগ্ৰ মানৱ জাতিকে কলুষিত কৰি তুলিছে। 
বৰ্তমান সময়ত আজিৰ সমাজ তথা দেশ এখনৰ প্ৰগতিৰ চালিকা শক্তি স্বৰূপ যুৱ প্ৰজন্মৰ মাজত নৈতিকতাৰ স্খলন ঘটা দেখা গৈছে । এনে নৈতিক স্খলনে মানৱতাক কবৰ দিয়াত এক ভয়ংকৰ ভৱিষ্যতৰ দিশ উম্মোচিত হৈছে।  শান্তি, সমন্বয়, প্ৰগতি, ভাতৃত্ববোধ, ভয়, ভক্তি আদি সুস্থ সামাজিক পৰিবেশ অক্ষুন্ন ৰাখিবলৈ হ'লে নিশ্চয়কৈ নৈতিকতা আৰু আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন। কাৰণ সমগ্ৰ বিশ্বই যিমানেই বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ সুবাদত উন্নতিৰ শিখৰত আৰোহণ কৰিছে সিমানেই সমাজ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিছে। সমগ্ৰ বিশ্বত বৰ্তমান মানৱ জাতিৰ মাজত নৈতিকতা আৰু আধ্যাত্মিকতাৰ প্ৰচুৰ অভাৱেই এখন দেশে আন এখন দেশৰ লগত হিংসাৰ কাৰক,এখন দেশৰ মাজতেই জাতি,ধৰ্ম, ৰাজনীতি,কুটনৈতিক ভাৱে অশান্তিৰ মূল ৷ বৰ্তমান ই সমগ্ৰ মানৱ জাতিৰ বাবেই এতিয়া অশনি:ৰ সংকেত বুলি ক'লে চাগে মিছা কোৱা নহ'ব।
সময় আৰু পৰিৱেশৰ মাজত সমাজখনে শিক্ষাৰ লগতে নৈতিক শিক্ষা,শিষ্টাচাৰ,সদাচাৰ,আধ্যাত্মিক দৰ্শন সম্পৰ্কীয় জ্ঞানৰ সংযোজন আৱশ্যক আছে ৷ এজন সন্তান জন্ম দি সময়ত শিক্ষা গ্ৰহনৰ বাবে স্কুল- কলেজত নাম ভৰ্ত্তী কৰাই সময়ত চাকৰী,ব্যৱসায়লৈ মনোনিৱেশ কৰি বিশ্বায়নৰ যুগত প্ৰতিযোগীতাৰ উচ্চ শিখৰত প্ৰবল খ্যাতি অৰ্জনৰ মানসিকতাই বৰ্তমান মানৱ সমাজক লাহে লাহে একাংগী কৰিছে তাক আমি এতিয়া স্বীকাৰ কৰিৱ লাগিব ৷ জন্মৰ লগ্ন পিচৰে পৰা সমাজ,জ্ঞাতি,জাতি,বংশ,পৰিয়াল,ইষ্ট-কুটুম্ব,ভাষা,ধৰ্ম,দেশ এখনৰ প্ৰতি শ্ৰদ্ধাশীলতাৰ অনুকৰণীয় পাঠ আমি দিব লাগিৱ ৷য'ত নৈতিকতা,আধ্যাত্মিকতা,শ্ৰদ্ধা,সহনশীলতা,পৰোপকাৰ,দয়াশীল,ক্ষমাশীল আদিৰে এজন মানুহক শিক্ষাৰ জ্ঞানৰ স'তে সমৃদ্ধি কৰি ৰাখিব পাৰিৱ ৷


আজিৰ সমাজত আধ্যাত্মিক দিশৰ চিন্তা চৰ্চাৰ অভাৱ আৰু সামাজিক পৰম্পৰাৰ যোগাত্মক দিশ সমূহক আওকানৰ ফলশ্ৰুতিত পাপ-পুণ্যৰ প্ৰতি ধ্যান ধাৰণা নোহোৱা হৈছে। বিলাসপুৰ্ণ জীৱনৰ দুৰ্বাৰ হেপাহত নিমৰ্জিত হৈ নৈতিকতা ,মানৱতা,ব্যক্তিত্ব,আদৰ্শ, সুস্থ মানসিকতা ,  শ্ৰদ্ধা -ভক্তি আদিৰ বিপৰীত স্থিতি গ্ৰহণ কৰি যান্ত্ৰিকতা ,ভোগবাদী, বস্তুবাদী চিন্তা চেতনাই গা কৰি উঠিছে।

 " মানুহৰ চিন্তা ভাৱনাৰ পৰাই মানুহৰ চৰিত্ৰ গঠন হয় ৷" -------ইয়াক আজিৰ প্ৰতিমানুহে মানি লৱলৈ টান পায় ৷ কিন্তু এটা কথা ঠিক যে, ভাল চিন্তা, ভাল মন আদিৰে সমাজ জীৱনত মন মগজুত স্থিতাৱস্থা হ'বলৈ হ'লে নৈতিক আৰু আধ্যাত্মিক জ্ঞানৰ নিত্যান্তই প্ৰয়োজন। তাক কোনেও অস্বীকাৰ কৰিৱ নোৱাৰে ৷ প্ৰচলিত সমাজ ব্যৱস্থাত নীতি শিক্ষাৰ অভাৱৰ কাৰণে দয়া, মমতা, ক্ষমা, ধৈৰ্য, সহানুভূতিশীল ,উদাৰতা, মহানুভৱতা, সহিঞ্চুতা ,শিষ্টাচাৰ আদি ধনাত্মক দিশৰ গূঢ়াৰ্থ উপলব্ধি নকৰা হৈছে। যিহেতু নৈতিক আৰু আধ্যাত্মিক গুণৰ অধিকাৰী হ'লে সুস্থ -সবল সমাজ গঢ় লৈ উঠে। গতিকে প্ৰচলিত শিক্ষাৰ লগতে বৰ্তমান সমাজত নৈতিক শিক্ষা আৰু আধ্যাত্মিক শিক্ষাৰ কিমান প্ৰয়োজন আছে আমি প্ৰত্যেকে গভীৰ ভাৱে লোৱা উচিত ৷ 
নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ পৰাহে মানুহৰ মনত শ্ৰদ্ধা আৰু ভক্তিৰ উৎপন্ন হয় ৷ শ্ৰদ্ধা আৰু ভক্তিৰ পৰাহে মানুহ বিনয়ী,নম্ৰ,দয়াশীল,পৰোপকাৰ,ধৈৰ্য,
ক্ষমা ইত্যাদি গুণৰ উপদানেৰে মানৱীয়তাৰ উৎকৰ্ষ সাধন কৰিৱ পাৰে ৷
(কিছু তথ্যৰ সহায় লৈ)

জ্যোতিষ্ক বৰুৱা
নামৰূপ /অসম ৷
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)