এইখিনিতে এখন পথাৰ আছিল — জ্ক পাই

©Admin
0
এইখিনিতে এখন পথাৰ আছিল।
কেইজনমান ঠিকাদাৰ আৰু বিষয়াৰ হাতত,
পথাৰখন চকুৰ আগতেই বিধৱা হ'ল।
এইখিনিত এতিয়া ওখ ওখ অট্টালিকাৰ শাৰী।

পথাৰৰ সোণালী ৰং এতিয়া নাই।
দোঁ খাই থকা ধানৰ ঠোকবোৰো নাই।
আট্টালিকাৰ আশে-পাশে মাত্ৰ
আধুনিকতাৰ একোটা জ্বলন্ত সাক্ষী।

পথাৰৰ বুকুত দুখ এটাই গজালি মেলিছে।
কেতিয়াবা ইতিহাসৰ আঁচলত ধৰি উচুপিও উঠিছে।
পাৰ্কখনৰ পৰা ভাঁহি অহা খিলখিলনিত
উচুপনিবোৰে আত্মহত্যা কৰিছে।

পথাৰৰ অজলা অঁকৰা তেঁতেলিজোপাও
আধুনিকতাৰ খোজত খোজ মিলাইছে।
নাঙল-জাপিৰ সংগ এৰি,
কে টি এম, ইনোভা কিম্বা স্ক'ৰপিঅৰ সংগ লৈছে।

পথাৰখনৰ ফটা গেঞ্জী-চুৰীয়া পিন্ধা মানুহবোৰ
এতিয়া অতীতৰ কোনোবা এচুকত একোটা মৰিশালি।
চলি আছে মাত্ৰ সম্পত্তিৰ হিচাবত মৰম কিনা-বেচাৰ
আধুনিক বেপাৰীৰ এখন ৰমৰমীয়া বজাৰ।

পথাৰখনত নাই এতিয়া কোনো পুৰা গৰৈ মাছ
কিম্বা ৰবাব টেঙা আৰু ভোটজলকীয়াৰ স্বাদ।
চিলি চিকেন কিম্বা চাওমিনৰ স্বাদত
আত্মহাৰা এজাক আধুনিক অভিযাত্ৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)