চিঠি-মিন্টু গোৱলা

©Admin
0
সমীৰণ আৰু দিগন্ত দুয়ো ঘনিষ্ঠ বন্ধু।দুয়ো কৰ্ম সূত্ৰে একে খন চহৰত বসবাস কৰে । দুয়ো একেলগে এখন অফিচত চাকৰি কৰে। দুয়ো বন্ধুৱে মিলি জুলি একেলগে অফিচত সয়মকণ পাৰ কৰে। দুয়োৰ মন বোৰ বৰ কোমল আৰু সহজ সৰল আছিল। সিহঁতৰ দুয়োৰ মনতো একে আছিল।কোনো কথাৰ লুক ঢাক নাছিল।মনত যি ভাৱে তাকে দুয়ো সমালোচনা কৰে আৰু তাৰ যথা যথ সিদ্ধান্ত কৰি লৈ ।
              সিদিনা হঠাৎ অফিচৰ দুখন টেবুলত দুখিলা কাগজ থৈ তেওঁ লোকৰ সহকৰ্মী জন বাহিৰলৈ ওলাই আহিল। দুয়ো কামৰ ব্যস্তত কাগজ খিলা খুলি চাবলৈ সময় নহ'লে। তেনেকৈ টেবুলত পৰি থাকিল। তেওঁ লোকেও কাগজ খিলা টেবুলতেই পৰি থাকিবলৈ দিলে ।সময় অনুসৰি সকলোৱে নিজৰ কাম শেষ কৰি নিজৰ ঘৰলৈ বুলি ঢাপলি মেলে। দুয়ো কামৰ ব্যস্তত পাহৰি লৰালৰিকৈ ঘৰলৈ ঢাপলি মেলে।দুয়ো বাটেৰে গৈ থকা সময়ত হঠাৎ দিগন্তৰ মনত পৰিল আৰু ক'বলৈ ল'লে।
: সমীৰণ এক মিনিট ৰʼবা।আমি দুয়ো কথা এটা পাহৰি গʼলো ।মোৰ এতিয়াহে মনত পৰিছে।
: কি কথা দিগন্ত?
: নহয় । আমাৰ টেবুল খনৰ ওপৰত খামত ভৰাই থোৱা এখন চিঠি দেখা পাইছিলো। কিন্তু কামৰ ব্যস্তত সেই খন খুলি চাবলৈ পাহৰি গʼলো।
: জানো? মোৰ টেবুলখনত মই ইমান লক্ষ্য নকৰিলোঁ।হ'ব !এতিয়া যাওঁ কাইলৈ ৰাতিপুৱা চাম ।
: হ'ব যাওঁ।
  বুলি কৈ দুয়ো ঘৰা ঘৰ হ'লে। কিন্তু দিগন্তৰ মনত সেই টেবুলখনৰ ওপৰত পৰি থকা সেই চিঠি খনৰ কথা ভাবি ভাবি ঘৰলৈ সোমাল।তাৰ মনত সেই চিঠিখন লৈ প্ৰশ্ন জাগিছে।সি ঠিকেই ভাবিছে কিন্তু সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই ।কাৰণ চিঠিখন খুলি চাবলৈ সময় পালে।তাৰ মন কৈছে যে - সেইখন নিশ্চয় মোৰ চাকৰি বদলি হোৱা এখন আবেদন 
কিন্তু চিঠি খনত আছে কি?
ৰাতি ভাবি ভাবি ইকাতি -সিকাতি হৈ ৰাতিতো পাৰ কৰিলে।
দিগন্ত ই ৰাতিপুৱা সোনকালে উঠি গা ধুই অকমাণ আহাৰ মুখত দি অফিচ লৈ বুলি ওলাই গ'ল।
লগতে সমীৰণেও ওলাল অফিচ লৈ বুলি দুয়ো বাটৰ মাজমজিয়াত লগ হয় একেলগে গ'ল। কিন্তু দিগন্তৰ মনত প্ৰশ্ন বোৰে বৰকৈ মন মগজুত খুন্দিয়াই আছিল। তথাপিও সমীৰণক কোৱা নাই।(যদি ভৱাৰ বিপৰীতো হয় তেনে হ'লে মোকতো লাজ লাগিব।) বুলি ভাবি মনে মনে অফিচ লৈ গৈছে। দুয়ো অফিচ পালে গৈ ,গৈ দিগন্তই টেবুলত পৰি থকা খাম ভিতৰৰ কাগজ খিলা ওলাই পঢ়িবলৈ ধৰে।
পঢ়া শেষ কৰি মুৰে কপালে হাতখন দি চকী খনত বহি   
থাকিল।কাৰণ তাৰ বাবা কথাতো সঁচা হৈ গ'ল। কিন্তু বেলেগ এখন ঠাই গৈ কেনেকৈ কাম কৰিব আৰু তাৰ বন্ধু সমীৰণক এৰি কেনেকৈ থাকিব ।সমীৰণে পিছে কথাতো গম পোৱা নাই। সমীৰণে কথাষাৰ গম পালে মোক নিশ্চয় জনাব । কিন্তু মোৰ কি হ'ব মই আজি লৈকে মোবাইল এটা ব্যৱহাৰ কৰিব নাজানো 
মই বাৰু সমীৰণ খৰচ বোৰ কেনেকৈ লম।সি থাকিব এখন ঠাই মই থাকিম আন এখন ঠাইত নিজকো অলপ বেয়া লাগে ।কাৰণ ইমান দি আমি দুয়ো একেলগে থাকিলো। এতিয়া এনেকৈ মাজত যদি বিচ্ছেদ হৈ যাওঁ কি হ'ব বাৰু?
যিয়ে নহওঁক মানুহে যি কʼব ক ʼ মানুহে হাঁহিলেও হাঁহক মই এবাৰ চিঠিৰে খবৰ লম।
দিগন্ত মনত মনে মনে ভাবিছে ।সমীৰণে পাছফালে আহি দিগন্তক জোৰকৈ জোঁকাৰি দিয়ে।চকু খাই দিগন্ত ক'লে - কি হ'ল ? সমীৰণ 
সমীৰণে দুখ মনৰ মুখখন লৈ ক'লে - দিগন্ত এই কেইদিনমান আৰু একলগে থাকিম ।তাৰ পিছত দুয়ো দুই ঠাই লৈ বদলি হৈ যাম ।কি হ'ব যে ? মই ভাৱি পোৱা নাই ।আমাৰ খবৰ লবলৈ ও সময় নহয় হ'ব ।
দিগন্ত ই ক'লে - হয় অʼ। মইতো মোবাইল ও ব্যৱহাৰ কৰি নাজানো কি হ'ব ? তোমাৰ খৱৰ কেনেকৈ লম বাৰু?
সমীৰণ ক'লে হ'ব মই চিঠিতে খৱৰ বোৰ আদান প্ৰদান কৰিম । মানুহে হাঁহিলেও হাঁহক এই আধুনিক যুগতো যে আমি চিঠিৰ মূল্য ৰাখিম এয়াই ধন্য আমাৰ কাৰণে দহ জনে দহ কথা ক'লেও কʼ, তাত আমাৰ ক'ব লগা একো নাই আমি আমাৰ বন্ধুত্ব বজাই ৰাখিব লাগে ,ৰাখিম আৰু 
দিগন্ত হাঁহি এটি মাৰি ক'লে - উম! তুমি ঠিকেই কৈছে ময়ো খৱৰ বোৰ লম বাৰু? চিঠিৰ যোগেদি।
এনেকৈ হাঁহি ধেমালিৰ মাজত দিনবোৰ পাৰ হৈ গʼল। দুয়োৰ বদলি হোৱা সময় কাষ চাপি আহিল ।
কি কৰিব চৰকাৰী চাকৰিৰ কথা যʼলৈ যাবলৈ কয় তালৈতো যাবই লাগিব। সেই বাবেই দুয়ো মৌন হৈ সেই ঠাই এৰি দুয়ো আন আন ঠাইলৈ বদলি হৈ গ'ল।
               দুয়োৰ বদলি হোৱা প্ৰায় দুবছৰ হ'ল । দুয়োৰ কৰ্মব্যস্তত খৱৰ ল'বলৈ ও সময় নাই। সিদিনা সমীৰণৰ মনত দিগন্তৰ খৱৰ ল'বলৈ খুব মন গৈ আছে। কিন্তু চিঠি লিখিবলৈ সময় পোৱা নাই । সিদিনা সকলো কাম বাদ দি দোকানৰ পৰা লেফফা এখন কিনি আনিলে। ইমান দিন দিগন্তৰ খৱৰ লোৱা নাই। সমীৰণৰ বৰ্তমান বয়স হৈ আহিছে।লিখা মেলা কৰাত অলপ সময় লাগে আৰু চকুৰ দৃষ্টিশক্তি ও কমি আহিছে। চিঠিখন লিখো বুলি হাতত কলম তুলি লৈছে আৰু চশাম যোৰ পিন্ধি চিঠি লিখিবলৈ আৰম্ভ কৰিলে।
        "মোৰ প্ৰিয় বন্ধু দিগন্ত 
                      পোন প্ৰথমে মোৰ হিয়াৰ মৰম বোৰ যাচিছিলোঁ। ভগৱানৰ আশীৰ্বাদত তোমাৰ ভাল । তোমাৰ?
অফিচৰ কামৰ পৰা আহি নিজৰ কাম বোৰ কৰোঁতে তোমাৰ খৱৰ ল'বলৈ ও সময় নোপোৱা নাই।
লগ কৰিব যাম বুলি ভাবিলেও চিটি বাছ বোৰত ইমান ভিৰ থাকে ।বয়স হৈছে যে চকুৰেও কম দেখু । যাবলৈ ও নোৱাৰোঁ।কি কৰিবা ? 
সেই বাবেই চিঠিৰে খৱৰতো লৈছোঁ।
     চিঠিৰ উত্তৰ লৈ বাট চাই ৰʼলো ।"

             চিঠিখন লিখি লেফফাখনত ভৰা টেবুল খনৰ ওপৰত থৈ বিছনা খনত অলপ বাগৰি দিলে।কাৰণ সমীৰণৰ বসয় হৈছে , সেই বাবেই অলপ কাম কৰিলে ভাগৰি যায়।
তেওঁ চিঠিখন কাইলৈ ডাকত দিব ।
               পিছ দিনা ৰাতিপুৱাই ডাক ঘৰলৈ গৈ চিঠি ডাকোৱাক দি থৈ আহিল আৰু সমীৰণে চিঠিৰ উত্তৰৰ বাবে বাট চাই আছে। চিঠিৰ উত্তৰ বাট চাই দিনবোৰ পাৰ কৰিছে। কিন্তু চিঠিৰ উত্তৰ পোৱাই নাই।
চিঠিৰ উত্তৰ বাট চাওঁতে চাওঁতে অধৈৰ্য্য হৈ গ'ল। অৱশেষত উপায় বিহীন হৈ দিগন্তক লগ কৰিবলৈ দিগন্তৰ ঘৰৰ লৈ বুলি ওলাল।
দিগন্তৰ এক আকস্মিক দুৰ্ঘটনাত মৃত্যু হ'ল । সেই বাবেই চিঠিৰ উত্তৰ পোৱা নাছিল।সমীৰণে দিগন্তৰ ঘৰত উপস্হিত হৈ । তেওঁৰ পুতেক দিগন্তৰ কথা সুধিলে - তোমাৰ দেউতা কত গ'ল ?
পুতেকে ৰৈ লাগি সমীৰণৰ মুখলৈ চাই ক'লে - দেউতাক যোৱা মাহৰ ২৫তাৰিখে এক দুৰ্ঘটনাত ঢুকাল ।
সমীৰণে কথাষাৰ শুনি ৰʼ লাগি ,পুতেকৰ মুখলৈ চাই থাকি ।দুখ মনেৰে পুতেক ক'লে - তোমাৰ দেউতা মোৰ ঘনিষ্ঠ বন্ধু আছিল।আমি দুয়ো একেলগে চাকৰি কৰিছিলোঁ। ময়ো চাকৰি কামত ব্যস্ত হৈ পৰাত খৱৰ ল'বলৈ সময় নহ'ল।পিছে সিদিনা সময় পোৱা মই এখন চিঠি লিখি খৱৰ সুধিছিলোঁ কিন্তু সেই চিঠিৰ উওৰ নাপালোঁ।
পুতেক ক'লে - সেই চিঠিৰ উওৰ লিখোঁ বুলি । দোকানৰ পৰা লেফফা আন থৈ কেইখনমান কাগজ লৈ আকৌ দোকান লৈ গৈছিল । কিন্তু কি দুভ্যাগৰ কথা সেই কাগজ আনিবলৈ গৈ দেউতাৰ আৰু ঘুৰি নাহিল। সেই চিঠিৰ উওৰ দিব নোৱাৰিলে।
সমীৰণে ক'লে -ময়ো সেই চিঠিৰ উওৰ নোপোৱা দেখি ঘৰলৈকে ওলালো।
            কাৰণ কপালত কি লিখা আছে ?কোনে জানে?ভ্যাগৰ লিখনি কত কাৰ মৃত্যুৰ আছে ।কোনে জানে ? সকলো ভগৱানৰ ওচৰত।
সমীৰণে দিগন্ত লগ নোপোৱা বেদনা বোৰ বুকুত বান্ধি ঘৰৰ বুলি ওলাই আহিল।

                                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)