পঞ্চতাৰকা হোটেলত অসুস্থ পিতৃ-জ্যোতিস্মিতা বৰা

©Admin
0
জীৱনৰ সন্ধ্যা বেলাই নিমন্ত্ৰণ কৰিছে, মহেন্দ্ৰ নাৰায়ণ শইকীয়াক । আবেলিৰ বেলিয়ে ঢৌ খেলিছে খিৰিকীৰ সিপাৰৰ ৰ'দৰ সীমনাত । অপেক্ষাৰ জানো পৰিধি থাকে। ঠিক অপেক্ষা বুলিয়ে ক'ব লাগিব। ৰাতি ৯ - ১০ বজাত পুত্ৰ- বোৱাৰী ঘৰলৈ ঘূৰি অহাৰ অপেক্ষা। নাতিনীয়েকৰ মুখখন শুৱাৰ আগত এবাৰ চাই লোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ, কিজানি সেই দিনেই এই পৃথিৱীত তেওঁৰ শেষ দিন! 

      আনকালে হোৱা হ'লে আবেলি এপাক ওলাই গ'লহেঁতেন ফুটপাথতেই অলপ খোজকাঢ়িবলৈ। আজিকালি ৰাতিপুৱা ৱাকিং জ'নলৈ যাবলৈও এৰিছে। পুত্ৰৰ সময় নাই, বিলাসী গাড়ীত বহাই তেওঁক লৈ যাবলৈ। আজিকালি আবেলিটো বেলকনিতেই পাৰ কৰে।  ৱালত ওলমাই থোৱা বৃহৎ আকাৰৰ টিভিটোত মহাভাৰতখন চাবলৈ কেতিয়াও নাপাহৰে। বয়টোৱে চাহ একাপ দি থৈ গ'লহি ৰূমতে, তেওঁ ভালেই পালে মূৰটো অলপ কামুৰিছিল। পুত্ৰই তেওঁক চোৱা - চিতা কৰিবলৈ বন কৰা ল'ৰা এজন ৰাখিছে।

পুত্ৰৰ বহুত কাম, তেওঁক সময় দিব নোৱাৰে। বোৱাৰীয়েকেও চাকৰি কৰে। নাতিনীয়েক জনীক তেওঁৰ দৰে বুঢ়াৰ ওচৰত নাৰাখে বোলে। অফিচলৈ যাওঁতে এটা কিড হাউছত থৈ যায়। তেওঁ কণমানি জনীক উমলা গীত গাই শুনায়, পৰীৰ দেশৰ কাহিনী, জোনবাইৰ কাহিনী শুনায়। সেয়ে তেওঁৰ ওচৰত তাইক নথয়। দিনটো সাধু শুনি থাকিলে বোলে পাগল হ'ব তাই, তাইক ইংৰাজী এল্ফাবেট শিকোৱা হৈছে। ইংৰাজী কবিতাবোৰো তাইক শিকাইছে প্লাবিতাই। প্লাবিতা কণমানি জনীৰ মাক মানে মহেন্দ্ৰ নাৰায়ণৰ বোৱাৰীয়েক।

:- মা, মা...
:- ন' ন' মম কোৱা মম।
:- ম....ম।
:- বা: ইউ আৰ আ গোদ গাৰ্ল।

প্লাবিতা আনন্দত মতলীয়া হৈ যায়, কণমানি জনীয়ে তাইক মম বুলি কৈছে।

:- অ'কে, এতিয়া কোৱা পাপা 
:- পা....প....পা
:- য়া য়া কোৱা পাপা।

আকৌ প্লাবিতাৰ মুখত এজাক হাঁহিৰ খিলখিলনি। প্লাবিতাৰ মনটো এতিয়াও সৰু ছোৱালীৰ দৰে চঞ্চল। হাঁহিলে এনে লাগে যেন পাহাৰৰ পৰা  এটা নিজৰা বৈ আহিছে।

:- অ' মুনু মোক মাতাচোন ককা বুলি!
--- যেন এক কাতৰ অনুৰোধ।

:- এহ: আপুনি আকৌ আহিলে সেই আদিম যুগৰ কথাবোৰ শিকাবলৈ। চাওক পাপা এতিয়া সেই ককা - আইতা শিকাই থাকিলে ল'ৰা - ছোৱালীয়ে উন্নতি কৰিব নোৱাৰে। আজিৰ পৰা গ্ৰেণ্ডপা বুলি শিকাব।

:- হ'ব আই, তাই মোক নমতাকৈয়ে থাকক দে।
এইয়া হয়তো তেওঁৰ প্লাবিতাৰ ওপৰত অভিমান। নিজৰ ছোৱালী নাই বাবেই তেওঁ প্লাবিতাক নিজৰ ছোৱালীৰ দৰে ভাৱে। 

মুম্বাইৰ কোনো এটা পঞ্চতাৰকা হোটেল এয়া। পুত্ৰ -  বোৱাৰীৰ চাকৰি সূত্ৰে অসমৰ পৰা গৈ তাত থাকি লৈছে। অসুস্থ দেহ, এবাৰ গাঁৱৰ নৈখন চাবলৈ তেওঁৰ বৰ হেঁপাহ। গাঁৱৰ ঘৰখন , গাঁৱৰ আপোনবোৰ। তেওঁ একেবাৰে গাঁৱতে থাকিব বিচাৰিছিল, কিন্তু পুত্ৰ দেৱৰঞ্জনে নিদিলে। বোলে এনেই বেমাৰী, আকৌ অশান্তি কৰি থাকিব বেমাৰ বুলি ঘৰলৈ মাতি।

 বৃহৎ দেৱাল ঘড়ীটোৰ কাটা কেইডাল বৃত্তাকাৰ গতিত ঘূৰি ফুৰিছে। ৰাতি ১১ বাজিছে। হল ঘৰটোৰ ডাইনিং টেবুলত ঘূৰণীয়াকৈ প্ৰায় আঠ জন মান মানুহ বহি আছে। হাতত কাঁচৰ গ্লাচ। এয়া প্ৰায়ে ঘটি থকা ঘটনা। প্লাবিতাই দেৱৰঞ্জনৰ লগৰ কেইজনক খোৱাৰ যোগাৰ কৰি দিছে। এসময়ৰ গাঁৱৰ বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ নাৰায়ণে নিজৰ কোঠাৰ দৰ্জা বন্ধ কৰি ঈশ্বৰৰ আৰাধনাত লাগিছে।

:"প্ৰভু ল'ৰাটোক সজ পথলৈ আনা।"

তেওঁ চকু কেইটা লাহেকৈ বন্ধ কৰি দিলে। প্ৰভাতে কি আনে শেষ ৰাতিয়েহে জানে। 

অৰ্গেনত হিন্দী চলচ্চিত্ৰৰ সংগীত বাজি উঠিছে। এতিয়া হয়তো সকলোৱে মাতাল অনুৰাগী হৈ খিলখিলকৈ হাঁহি উঠিব। এজাক হাঁহিয়ে হল ঘৰটোত বন্যা বোৱাব।
       আজি দেৱৰঞ্জনৰ জন্মদিন আছিল। আজি ছবছৰ আগতে জন্মদিনটো সম্ভৱ নামঘৰত পালন কৰিছিল। দেউতাকে শৰাই এভাগ দিছিল প্ৰতি বাৰেই, আৰু আজি এনেদৰে পালন কৰিছে। সময়বোৰ বৰ দ্ৰুত গতিত সলনি হ'ল, লগতে সলনি হ'ল মনবোৰ। 
কিমান অভিযোগ থাকিলে মানুহে ভাগৰতো টোপনি যাব নিবিচাৰে!
কিমান বেদনা পালে মানুহে কান্দিব নিবিচাৰে!
মহেন্দ্ৰই পুত্ৰৰ জন্মদিন বুলি আজি নিজৰ মৰমৰ আঙঠিটো উপহাৰ হিচাপে দিব বুলি বৰ আশাৰে বাট চাই ৰৈছিল। সোনকালে খাই বৈ শুই যোৱা মানুহজনে আজি সি ঘৰলৈ অহালৈ ৰাতি ১১ বজালৈ বাট চাই ৰৈছিল, একেলগে এসাঁজ খাব। নাই, লগত সেইয়া আঠজনীয়া মহান ব্যক্তিৰ দলটো লগত লৈহে আহিলে। উপহাৰ দিয়া নহ'ল। আশীৰ্বাদবোৰ যেন নিদিলেও নিজেই মুখৰ পৰা ওলায়। উপহাৰ নিদিয়াকৈয়ে ৰৈ গ'ল। থাকক, সি যেনেকৈয়ে সুখী তেনেকৈয়ে থাকক। সৌ যে তাহানিৰ দিনবোৰ, গাঁৱৰ ঘৰখন, জন্মদিনৰ দিনা যে সি ৰাতিপুৱাই মাক সংগীতা আৰু দেউতাকক সুধিছিল...
:" মোক কি দিবা বুলি..."

শুই থকা গাৰুটো পানীৰে উপচি পৰাত মহেন্দ্ৰ উচপ খাই উঠিল। চকুপানীবোৰ যাযাবৰী হৈ বৈ আহিছে। নাই আৰু নোৱাৰে, তেওঁ হঠাৎ ওলাই গৈ মতলীয়াজাকটোৰ মাজত সোমাই চিঞৰি উঠিল...

:" মোক ঘৰত থৈ আহিবি দেৱ, গাঁৱৰ নদীখনে মোক বৰকৈ মাতিছে।"

:"আৰে, দেৱ এই বুঢ়াটো ক'ৰ পৰা ওলালে বেঃ।"

:"আৰে চা না তাৰ কথা গাঁৱৰ নদীয়ে মাতিছে, গাঁৱলীয়া ভূত ইয়ালৈ কিয় আহিছিলি।" 

সন্মানীয় ব্যক্তি কেইজনৰ মুখেৰে কি ওলাইছে তেওঁলোকে নিজেই নাজানে। হঠাৎ দেৱৰঞ্জনে বহি থকাৰ পৰা উঠি চকীখন ভৰিৰে গোৰ মাৰি দিলে। 

:"মিষ্টাৰ ফুকন এণ্ড বৰুৱা মোৰ ঘৰতে বহি ইমান উদ্ভণ্ডালি কিহৰ, সেইয়া মোৰ দেউতা। এনেকৈ ক'বলৈ ক'ত সাহস পালে। মুখা পিন্ধা ভদ্ৰ এতিয়াই মোৰ ইয়াৰ পৰা ওলাই যাওঁক।"

হলঘৰটো দেৱৰঞ্জনৰ মাতত কঁপি উঠিল। নিশা হয়তো তেতিয়া এক বাজিছিল। প্ৰায় গতিয়াই দিয়াৰ দৰেই সি বৰুৱাক উলিয়াই দিলে।

:- মিষ্টাৰ দেৱৰঞ্জন, তুমি পাহৰিলা চাগে, তুমি মোৰ কোম্পানীতহে জব কৰা , আজিৰ পৰা কামলৈ নাযাবা। তোমালোকৰ দৰে ভিকহুৰ স্থান মোৰ কোম্পানীত নাই।"

শেষ, সকলো সেই ক্ষণতে শেষ হৈ গ'ল। ইফালে মহেন্দ্ৰ ৰোৱা ঠাইতে থৰ লাগিলে। দেৱই দৌৰি আহি দেউতাকক সাৱটি ধৰিলে। এয়া হয়তো বহুত দিনৰ মূৰত পুত্ৰৰ আলিংগন পাইছে। অসুস্থ পিতৃৰ মৃত কোষবোৰেও যেন এই ক্ষণত প্ৰাণ পাই উঠিছে। বোৱাৰীয়েকেও হয়তো এতিয়াহে বুজি উঠিছে। পিতা - পুত্ৰৰ মাজত দূৰত্ব আনিবলৈ গৈ হয়তো তাই বহুত ডাঙৰ কাম কৰিলে। লাহে লাহে তাইয়ো গম পাবলৈ লৈছিল বৰুৱাৰ লোলোপ দৃষ্টি। টকাৰ বাবেই তাই যে কিমান অপৰাধ কৰিছিল।
টকাৰ বাবেই যে তাইৰ ছায়াৰ দৰে দেৱৰঞ্জনৰ ভাতৰ কাঁহীত বিহ ঢালি দিয়াৰ প্ৰয়াস কৰিছিল!
কিমান স্বাৰ্থপৰ হ'লে মানুহে ঘৰৰ প্ৰত্যেক মানুহক ধ্বংস কৰিব বিচাৰে!
নাই তাই নোৱাৰে আৰু, আজি ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিবলৈও দেখোন মাংসপেশী বোৰে উদ্ভণ্ডালি কৰিছে। দৌৰি গৈ বিচনাত পৰি উচুপি উঠিল তাই।

আজি ৭ বছৰৰ মূৰত সিহঁত ঘৰলৈ উভতি আহিছে। গাঁৱৰ নৈখনৰ পাৰত সেউজীয়াই ভৰি পৰিছে। কিমান দিনৰ পিছত সেউজীয়া দেখিছে সিহঁতে। সিহঁতৰ ঘৰৰ বিস্তৃত মাটিৰ একাংশৰে এখন স্কুল খুলিছে। লগতে এখন আশ্ৰম, পদপথৰ আলহী ককা - আইতসকলৰ বাবে আশ্ৰয়। 
চিৰ আশ্ৰয়,
পুৱতি নিশাৰ জ্যোতিময়,
এটি গল্পৰ এনেকৈয়ে শেষ হয়,
এটি জীয়া কাহিনীৰ এনেকৈয়ে অন্ত হয়,
হৃদয়ে হৃদয়ে বয়,
দেবৰঞ্জন প্লাবিত হয়
মহেন্দ্ৰৰ সংগীতালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)