কবি হীৰুদাৰ দৰে কবিতা,
তোমাৰ লগত কটোৱা
সোণালী সময়ৰ আলম লৈ।
কিন্তু, মই যে নুবুজো
ছন্দৰ মধুৰতা
সেয়ে জানা
আজিও বুকুত সাঁচি ৰাখিছোঁ
কবিতা লিখাৰ সপোনবোৰ।
সদায় বহো উকা কাগজত নীলা কলমেৰে
ফুল তুলিম বুলি,
কিন্তু সিও দেখোন উকা হৈ ৰয়
বিচাৰি নাপাও ধ্বনিৰ লহৰ ।
লিখাৰ হেঁপাহ মোৰ
বুকুতে থমকি ৰয়।
✍️গায়ত্রী ছেত্রী
তিনিচুকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ