স্বাধীন দেশত থাকিও পৰাধীনতাৰ
একো একোডাল শিকলি পিন্ধি
নিজকে স্বাধীন বুলি পৰিচয় দিয়া
আমি একো একোজন গোলাম ভাৰতীয়।
হ'ব পাৰোঁ আমি স্বাধীন দেশৰ নাগৰিক
হয় ,আমি স্বাধীন ভাৰতীয়
কিন্তু সঁচাকৈ আমি জানোঁ স্বাধীন?
স্বাধীন বুলি কোৱাৰ পিছতো যে
এটা দীঘলীয়া প্ৰশ্নবোধক
আমি জানোঁ বহুতে কঢ়িয়াই নুফুৰো?
ক'ত লুকাই আছে আমাৰ স্বাধীনতা
আজি আমাৰ মান, স্বাভিমান
সকলো নোহোৱা হ'ল
ক'ত হেৰাই গ'ল এই সকলোবোৰ
স্বাধীন দেশৰ নাগৰিক হৈও
কিয় আমি ভিৰুৰ দৰে
নিজকে জীয়াই ৰাখিবলগীয়া হয়?
কিয় সঘনে হিংসা, দুৰ্নীতি
অন্ধবিশ্বাসৰ বলি হৈ
সৰল মনৰ গৰাকীও হেৰাই যায়?
যদি আমি স্বাধীনেই হয়
তেনে কিয় আমাৰ মতামত
আমাৰ ইচ্ছা অনিচ্ছা সত্বেও
সকলো কৰিবলগীয়া হয়
আমাৰ স্বাভিমানী সত্ত্বাক
কিয় আনৰ আগত বিসৰ্জন দি
নিজক আনৰ তলতীয়া কৰোঁ
উমহো নহয়,আমি আচলতে
স্বাধীন দেশৰ নাগৰিক নহয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ