নদীৰ শুৱনি গৰা,
পথাৰ শুৱনি সোণ গুটি
হয় মনোমোহা।
আকাশ চানিছে শুকুলা ডাৱৰে
মলয়া বা লৈ,
চৰাই চিৰিকটিয়েও মেলিছে ডেউকা
সপোনৰ স্ব-গৃহ লৈ।
নদীৰ বুকুত আছে ভাহি
নৈ পৰীয়াৰ সুখ-দুখৰ
অজস্ৰ কাহিনী,
প্ৰকৃতিয়েও আজি কান্দিছে
হিয়া ঢাকুৰি।
প্ৰকৃতিৰ সতে মিলাম খোজ
এই বননীত,
সূৰ্যৰ দৰে জিলিকাই তুলিম
জীৱৰ একতা গীত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ