মই ধৰ্ষিতাই কৈছোঁ -ৰুমী কলিতা দত্ত

©Admin
0
মই ধৰ্ষিতা হ'বলৈ জন্ম লোৱা নাছিলোঁ
মোক জন্ম দিছিল পৃথিৱীৰ ৰং চাবলৈ
জগতখন শুৱনি কৰিবলৈ,পিতৃ-মাতৃয়ে ।
কোন কাপুৰুষৰ বীৰত্বত 
মই নিজক হেৰুৱালোঁ
কোন পিশাচৰ আঁচোৰত 
ক্ষত-বিক্ষত শৰীৰ,
কোন নৰখাদকে কৰিব খোজে ভক্ষণ
যাৰ বাবে মই ধৰ্ষিতা হ'লোঁ ।
শুন হেৰ' পাপিষ্ঠ, 
তোৰো বংশত হ'ব ধৰ্ষণ
পাৰিবিনে তই ধৈৰ্য্যশীল হৈ সহ্য কৰিব ?
মোৰ জীৱন নাটৰ অৱসান ঘটাই
যদি লওঁ স্থান তহঁতৰ বংশৰ গৰ্ভত 
যদি হওঁ মই কামাতুৰা নাৰী
কলংক সানি বংশৰ কালিমা যদিহে বঢ়াওঁ
তেতিয়া,তেতিয়া হ'বিনে তই
কলিজাত আঁচোৰ নথকা বীৰ্যবান পুৰুষ ।

তোৰ শৰীৰত কিয় কেঁচা তেজৰ গোন্ধ
কিয় মানৱৰ মুখা পিন্ধি ৰাজপথত দিয় খোজ
তোৰ বিষাক্ত দাঁতযোৰ সুলোকাই থ
নহ'লে সৃষ্টিকৰ্তাই তোক দিব বিসৰ্জন ।
ধৰ্ষিতা মই যুগে যুগে
অথচ ময়ে জন্ম লওঁ মাতৃ-পত্নী কিম্বা কন্যা ৰূপে
সেয়ে কওঁ,নাৰীক কৰিবি শ্ৰদ্ধা
নালাগে কৰিব বাৰু পূজা-অৰ্চনা 
কোমল দেহেৰে গঢ়া নাৰী যেন প্ৰতিমা 
মৃত্যুদত্ত হওক তহঁতৰ,নাসানিবি কালিমা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)