ব্যাসদেৱ বেদক চাৰিভাগত ভাগ কৰিছে- ঋকবেদ, সামবেদ, যজুবেদ আৰু অথৰ্ববেদ।ঋকবেদত সেই মন্ত্ৰ সংগৃহীত আছে যিবোৰ দেৱতাসকলৰ স্তুতিৰ কাৰণে গোৱা হয়; যজুবেদত যজ্ঞৰ বিধিসমূহ বৰ্ণনা কৰা আছে; সামবেদ সংগীত প্ৰধান; আৰু অথৰ্ববেদত যাদু, মন্ত্ৰ-তন্ত্ৰ নিহিত আছে। এই চাৰিবেদৰ ভিতৰত ঋকবেদক প্ৰধান আৰু মৌলিক গ্ৰন্থ বুলি পৰিগণিত কৰা হয়। ইয়াৰ দুটা কাৰণ আছে- এটা হল, ঋকবেদত আন বেদৰ তুলনাত অধিক বিষয় সন্নিবিষ্ট হৈ আছে, আন কাৰণটো হল, ঋকবেদ অন্য বেদৰ তুলনাত অধিক প্ৰাচীনতম গ্ৰন্থ।বেদত মুঠ মন্ত্র সংখ্যা ২০৪৩৪টি।
প্ৰতিখন বেদৰ চাৰিটা অংশ আছে- মন্ত্ৰ বা সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ। মন্ত্ৰৰ সংকলনক 'সংহিতা' কোৱা হয়; সংহিতাত আছে দেৱতাসকলৰ প্ৰাৰ্থনাৰ বাবে ৰচিত মন্ত্ৰসমূহ। সংহিতা বেদৰ ক্ৰিয়াকাণ্ডৰ লগত যুক্ত। ব্ৰাহ্মণ অংশত আছে বৈদিক যজ্ঞৰ সুস্থ সম্পাদনৰ বাবে ৰচিত বিধি-নিয়মসমূহ।মন্ত্ৰৰ তত্ত্বসাধনা আৰু বিবিধ যাজ্ঞ-যজ্ঞৰ বিৱৰণ ব্ৰাহ্মণ অংশত পোৱা যায়। ব্ৰাহ্মণ হল মন্ত্ৰৰ অৰ্থ আৰু ব্যৱহাৰৰ দিশ। আৰণ্যক হল বেদৰ তৃতীয় অংশ। ইয়াত অৰণ্যত বসবাসীকাৰীসকলৰ উপাসনা বা কৰ্তব্যৰ দিশসমূহ লিপিবদ্ধ কৰা আছে। বেদৰ অন্তিম অংশ হল উপনিষদ। সেইকাৰণে উপনিষদক বেদান্ত বুলিও কোৱা হয়।বেদৰ তত্ত্বগত আৰু দাৰ্শনিক চিন্তাৰ চৰম প্ৰকাশ ঘটিছে উপনিষদত। সেইকাৰণে বহুতে উপনিষদক বেদৰ শ্ৰেষ্ঠ অংশ বুলি অভিহিত কৰিছে। বেদৰ এই চাৰিটা অংশক আকৌ বিষয়বস্তুৰ ফালৰ পৰা তিনিটা ভাগত ভাগ কৰা হৈছে- কৰ্মকাণ্ড, উপাসনাকাণ্ড আৰু জ্ঞানকাণ্ড। বেদৰ সংহিতা আৰু ব্ৰাহ্মণ অংশ কৰ্মকাণ্ডৰ ভিতৰত পৰে, আৰণ্যক অংশ হল উপাসনা কাণ্ড, আৰু বেদৰ অন্তিম অংশ উপনিষদ হল জ্ঞানকাণ্ড।
বেদৰ অন্তিম ভাগ হল উপনিষদ। বেদৰ অন্তভাগ বাবে উপনিষদক বেদান্ত বুলিও কোৱা হয় মানে সামৰণি বা সাৰাংশ । ভাৰতীয় চিন্তাধাৰা আৰু সংস্কৃতিৰ মূল উৎস হল উপনিষদ।
'উপনিষদ' শব্দটো উদ্ভৱ হৈছে 'সদ্' ধাতুৰ লগত 'উপ' আৰু 'নি' উপসৰ্গ যুক্ত কৰি।'উপ' ৰ অৰ্থ হল 'নিকট' বা 'ওচৰত'; 'নি'ৰ অৰ্থ হল শ্ৰদ্ধাসহিত বা ধ্য়ানসহকাৰে; আৰু 'সদ্' ধাতুৰ ভিন্ন অৰ্থ আছে- 'বহা', 'বিনাশ কৰা', ' অৱসান ঘটোৱা'। গতিকে উপনিষদ শব্দৰ ব্যুৎপত্তিগত অৰ্থ হল- শিষ্যই কোনো যোগ্য গুৰুৰ নিকট পৰমতত্ত্বৰ গূঢ় উপদেশ শ্ৰৱন কৰিবলৈ শ্ৰদ্ধাসহিত বহা।যাৰ দ্বাৰা তেওঁৰ অবিদ্যা বিনাশ হয়, কৰ্মবন্ধন আৰু তজ্জন্য দুখাদিৰ অৱসান ঘটে, আৰু ফলত শিষ্যই ব্ৰহ্মজ্ঞান বা আত্মজ্ঞান লাভ কৰিব সক্ষম হয়।
উপনিষদৰ দাৰ্শনিক ধাৰণাসমূহৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ দাৰ্শনিক ধাৰণা হল ব্ৰহ্মৰ ধাৰণা। উপনিষদত এক পৰমসত্তাৰ অনুসন্ধান কৰা হৈছে আৰু এই পৰমসত্তাকেই জগত-জীৱনৰ মূল তত্ত্বৰ বুলি বিশ্বাস কৰা হয়। এই পৰমসত্তা হৈছে পৰমব্ৰহ্ম। উপনিষদসমূহৰ মতে, ব্ৰহ্ম, আত্মা আৰু চৈতন্য অভিন্ন। এই 'ব্ৰহ্ম' শব্দটো 'বৃহ' ধাতুৰ পৰা নিষ্পন্ন হৈছে। 'বৃহ' ধাতুৰ লগত 'মন্' প্ৰত্যয়যোগে ব্ৰহ্ম শব্দটো নিষ্পন্ন হৈছে। 'বৃহ' ধাতুৰ 'মহৎ বা ব্যাপক' আৰু 'মন্' প্ৰত্যয়ৰ অৰ্থ অতিশয়। ব্যুৎপত্তিগত অৰ্থত ব্ৰহ্ম হল এনে এটি সত্তা যি অতিশয় মহৎ বা ব্যাপক। 'বৃহ' ধাতুৰ আন এটা অৰ্থ হল 'বৰ্ধিত হোৱা' বা 'বিৱৰ্তিত হোৱা'। উপনিষদত ব্ৰহ্মক স্বয়ম্ভূ বুলি কোৱা হয়। ব্ৰহ্ম নিজেই নিজৰ কাৰণ। ব্ৰহ্ম সমস্ত জগতৰ কাৰণ হলেও ই নিজে অকাৰণ। উপনিষদত ব্ৰহ্মৰ দুটা ৰূপ পোৱা যায় - পৰ ব্ৰহ্ম আৰু অপৰ ব্ৰহ্ম। গুণৰ ফালৰ পৰা ব্ৰহ্মৰ সগুণ আৰু নিৰ্গুণ এই দুটা ৰূপ পোৱা যায়। সগুণ ব্ৰহ্মক অপৰ ব্ৰহ্ম আৰু নিৰ্গুণ ব্ৰহ্ম বুলি কোৱা হয়। উপনিষদত নিৰ্গুণ ব্ৰহ্মৰ ব্যাখা নঞৰ্থকভাৱে অৰ্থাৎ 'নেতি নেতি' ৰূপত উপস্থাপন কৰা হৈছে। ব্ৰহ্ম নিৰ্বিশেষ বাবে ইয়াক কোনো বিশেষণৰ দ্বাৰা বিশেষিত কৰিব নোৱাৰি, নিৰ্গুণ হোৱা বাবে ব্ৰহ্মক কোনো গুণৰে নিৰ্দিষ্ট কৰিব নোৱাৰি।
ভাৰতীয় দৰ্শনৰ উৎস হিচাপে উপনিষদৰ গুৰুত্ব অতুলনীয়। বহু ভাৰতীয় দৰ্শন আৰু ধৰ্মৰ ভিত্তি হল উপনিষদ। ভাৰতৰ প্ৰায় সকলো দাৰ্শনিক সম্প্ৰদায়ৰ ভিত্তি হল উপনিষদ। ন্যায় - বৈশেষিক, সাংখ্য - যোগ, অদ্বৈত আৰু বিশিষ্টাদ্বৈত বেদান্ত আদি বৈদিক দৰ্শন আৰু অবৈদিক জৈন আৰু বৌদ্ধ দৰ্শনৰ প্ৰায় সকলো সিদ্ধান্তই উপনিষদত নিহিত আছে। ব্লুমফিল্ড (Bloomfield) তেওঁৰ 'The Religion of the Vedas' গ্ৰন্থত কৈছে যে, "অবৈদিক বৌদ্ধ দৰ্শনক সাঙুৰি লৈ হিন্দু চিন্তাত এনে কোনো গুৰুত্বপূৰ্ণ মতবাদ নাই যাৰ মূল উপনিষদত নিহিত নাই"। ব্ৰহ্মসূত্ৰ যে উপনিষদৰ সুসংবদ্ধ সংক্ষিপ্তসাৰ - এই দাবী ব্ৰহ্মসূত্ৰকাৰ সকলে কৰিছে। আনকি এই কথাও কোৱা যায় যে, শ্ৰীমদ্ভাগৱতগীতা উপনিষদৰ পৰা নিঃসৃত দুগ্ধ আৰু ই বিশেষভাৱে কঠোপনিষদ আৰু ঈশোপনিষদৰ ওপৰত কোনো নহয় কোনোভাৱে ঋণী। সেইকাৰণে অধ্যাপক ৰাণাডে তেওঁৰ “A Constructive Survey of Upanisadic Philosophy' গ্ৰন্থখনত মন্তব্য কৰিছে যে, "Upanisads contain no one system of philosophy but systems of philosophising one over another like alps over alps." অৰ্থাৎ উপনিষদত কোনো এটা নিৰ্দিষ্ট দৰ্শনৰ ধাৰণাবোৰেই নাই, বৰং সমগ্ৰ দৰ্শনৰ ধাৰণাবোৰ আলপচ্ পৰ্বতৰ দৰে এটাৰ ওপৰত আনটো সজাই থোৱা আছে। স্পষ্ট ভাষাত, ৰাণাডৰ বক্তব্য হল উপনিষদবোৰত সমগ্ৰ দৰ্শন-সাহিত্য সজ্জিত হৈ আছে।
উপনিষদ বা বেদান্তৰ সাৰ ভাগেই বা শ্লোক সমূহক ব্ৰক্ষ্মসূত্ৰ, ব্ৰক্ষ্ম সূত্ৰৰ পৰাই তিনি প্ৰস্থানৰ উৎপত্তি হৈছে ৷ ন্যায়-প্ৰস্থান,স্মৃতি-প্ৰস্থান, শ্ৰুতি প্ৰস্থানৰ সৃষ্টি হৈছে ৷ আকৌ ন্যায়-প্ৰস্থানত ভাগৱতৰ উৎপত্তি আৰু স্মৃতি-প্ৰস্থানত গীতাৰ উৎপত্তি ,শ্ৰুতি প্ৰস্থানত উপনিষদৰ উৎপত্তি ৷
স্মৃতি প্ৰস্থানৰ পৰা উৎপত্তি হোৱা গীতাৰ মতে, যোগ তিনি প্ৰকাৰৰ। যেনে - জ্ঞানযোগ বা জ্ঞানমাৰ্গ, কৰ্মযোগ বা কৰ্মমাৰ্গ, ভক্তিযোগ বা ভক্তিমাৰ্গ।
গীতাৰ মতে, ভক্ত চাৰি প্ৰকাৰৰ। যেনে - আৰ্ত, অৰ্থাথী, জিজ্ঞাসু আৰু জ্ঞানী।
'যোগ' শব্দৰ আক্ষৰিক অৰ্থ হল 'মিলন' বা 'যুক্ত হোৱা'। গীতাত যোগ শব্দৰ ব্যৱহাৰ জীৱাত্মৰ পৰমাত্মাৰ লগত মিলনৰ অৰ্থ ব্যৱহৃত হৈছে. জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলন ইমানেই গভীৰ যে দুয়ো দুটা নাথাকি এক আৰু অভিন্ন হৈ পৰে যোগত। শ্ৰীমদ্ভাগৱতগীতাত 'যোগ' শব্দ ব্যাপক অৰ্থত ব্যৱহৃত হৈছে আৰু গীতাৰ যোগত ধ্যান, জ্ঞান, কৰ্ম আৰু ভক্তিৰ সমন্বয় হৈছে। গীতাৰ মতে, যোগী হল আদৰ্শ সন্যাসী, যিয়ে সুখ-দুখ, উষ্ণ-শীত, মান-অভিমান আদিত অবিচল থাকে, সমদৃষ্টি আৰু সমবুদ্ধিসম্পন্ন হয়। যোগ দৰ্শনত 'যোগ'ৰ অৰ্থ 'চিত্তবৃত্তি নিৰোধ', কিন্তু গীতাত যোগৰ ব্যৱহাৰ পৰমাত্মাৰ লগত মিলনৰ অৰ্থতে হৈছে। গীতা নিৰ্দেশিত যোগত দুখৰ ঐকান্তিক বিয়োগ আৰু অনন্ত আনন্দৰ ঐকান্তিক সংযোগ ঘটে। যোগ ধাৰণা-ধ্যান-সমাধি যোগ স্থিতিপ্ৰজ্ঞাৰ দ্বন্দাতীত ব্ৰাহ্মী-স্থিতি, যোগ নিষ্কাম কৰ্মৰ কৰ্ম কৌশল অৰ্থাৎ কামনাৰহিত কৰ্ম, ভক্তিৰ দ্বাৰা ভগৱততত্ত্বৰ সম্যক জ্ঞান আৰু ভগৱত প্ৰৱেশ হল যোগ। গতিকে আমি গীতা যদি শৰণ বুলি কওঁ ,ভাগৱতক তেনে ভজন বুলিও কৱ পাৰি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ