এই বাটেৰে নেযাবি।
মথাউৰিৰ ওপৰত কৰাঁল মৰা এটি দুখ।
বানেৰে খহাব নোৱাৰা দুখ এটি,
ওলমি ৰৈছে চিগা মথাউৰিটোত।
(২)
ফৰিঙৰ দৰে জপিয়াই জপিয়াই দৌৰি ফুৰিছে।
কেতিয়াবা যদি চাঙৰ ওপৰত,
কেতিয়াবা আকৌ নাৱৰ ওপৰত।
দুখটোৰ গোন্ধই পানীলৈকে শিপাইছে।
(৩)
লাজ নলগাবোৰৰ নাকত গোন্ধটো লাগিছে,
সপোনদেখা মানুহবোৰৰ চকুত চকুপানী গজিছে।
হালধীয়া সৰিয়হডৰা আজি এলবামৰ একোণত,
খোজত ধূলি উৰা ৰাস্তা আজি এবুকু পানীৰ তলত।
(৪)
মেটেকা ফুলৰ সুবাসত হাঁহিবলৈ শিকা মানুহখিনিয়ে,
শেলুকৰ ভৰসাত আকৌ সপোন দেখিছে।
কাৰোবাৰ বাবে যদি এটি উজাগৰী হুমুনিয়াহ,
কাৰোবাৰ আকৌ অঘৰী ঠিকনা।
✍️জ্ক পাই
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ