অভিশপ্ত ৰাতিটো -মিন্টু গোৱলা

©Admin
0
প্ৰায় ৰাতি দুই মান বজাত বিমলৰ ফোনটো বাজি উঠিল।বিমলে সাৰ পাই ফোনটো উঠালে।
:হেল্লো!
    বুলি কৈ মনে মনে বকি আছে।
(কোনে বা এই ৰাতিখনত ফোন কৰিছে)
ফোনৰ সিপাৰৰ পৰা উশাহ বোৰ দীঘল দীঘলকৈ লৈ
ক'বলৈ ল'লে।
: হেল্লো! আপোনাৰ ছোৱালীজনী আৰু নাই ।
বিমলে চক খাই ক'লে 
: কি ? তাইতো ভালেই আছিল ।তাইৰ কি হ'ল ?
বিমলহঁতৰ ঘৰখনত হুৱা - দুৱা লাগি গ'ল।
ফোনৰ সিপাৰৰ পৰা মাত্ৰ এটা কথা ক'লে 
: আপুনি সোনকালেই আহক।
  বুলি কৈ ফোনটো থৈ দিলে।
বিমলৰ ঘৰৰ মানুহ বোৰে ৰাতিয়েই ছোৱালী জনীৰ কাষত পালে গৈ।
কিন্তু ছোৱালীজনী নিজৰ অফিচত  নাছিল ।তাইক হস্পিতাল লৈ গ'ল।  ঘৰৰ মানুহবোৰে  তাইৰ সহকাৰী জনক সুধিছে - কিন্তু সহকাৰী জনে একো নোকোৱাকৈ তাৰ পৰা আঁতৰি গ'ল।
ছোৱালী জনীৰ মাকে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে।
: মোৰ ছোৱালীৰ কি হৈছে?
     কি হৈছে? আপোনালোকে ক'ব নে?
তাৰে এজন সদস্যই মাক বহা লৈ ক'বলৈ ল'লে।
আপোনাৰ ছোৱালী জনীয়ে নিজৰ কাম বোৰ সামৰি 
 ক্ষন্তেক সময় জিৰণি লবলৈ গৈছিল। জিৰণি লৈ থকা  সময়ত তাই ওপৰত নৰপিশাচ কেইটামানে অত্যাচাৰ কৰি শেষ কৰি পেলালে ।
মাকে কথাবোৰ বুজিলে আৰু বাগৰি বাগৰি কান্দিবলৈ আৰম্ভ কৰিলে।
                      সিদিনা ৰাতিপুৱা অফিচলৈ ওলাই যোৱা সময়ত মণিষাই মাক কৈছিল  যে 
   : মা মই অফিচ লৈ যাওঁ।মোৰ আজি অফিচত অলপ কাম আছে ।মোৰ অহা অলপ পলম হ'ব । তোমালোক চিন্তা নকৰিবা।
: উম! অফিচত গৈ পালে।মোক ফোন কৰিবি ।
: হ'ব ।মা মই গৈ পাই ফোন কৰিম ।
মণিষাই অফিচত গৈ পাই মাক লৈ ফোন কৰি ক'লে আৰু নিজৰ কামত ব্যস্ত হৈ পৰিল । অফিচৰ সংখ্যক কাম কৰি কৰি তাই ভাগৰি পৰিল।
তাইৰ সেই ভাগৰো দেহাটোক অলপ জিৰণি ল'বলৈ। জিৰণি কোঠাৰ  বিছনা খনত বাগৰি পৰিল।
হঠাৎ কোঠালিৰ লাইট বোৰ বন্ধ হৈ গ'ল।ৰ্দজা খনো বন্ধ হৈ গ'ল।তাই ভয়ে ভয়ে ইফালে -সিফালে চাই ফুৰিছে। কিন্তু কাকো দেখা নাপালে।তাই ভাবিলে  লাইট গুছি গ'ল। সেই ভাবি তাই আকৌ বিছনা খনত বাগৰি পৰিল ।
তাইৰ চকু পতাখন জাপ খাই আহিছিল। হঠাৎ তাইৰ সহকাৰী জনীয়ে আহি তাইৰ চকু পতাখন জপাই দিলে।অলপ সময়ৰ পিছত তাইৰ মুখখনত কেইজন পুৰুষৰ হাতৰ স্পষ্টৰ অনুভৱ হ'ল ।তাই চিঞৰি কʼলে 
: ঐ তুমি কি কৰিছা ?
  সহকাৰী জনীয়ে তাইক এৰি অলপ আঁতৰি আহিল।পিছত পুৰুষ কেইজনমানে তাইৰ ডিঙিত ধৰি । তাইৰ ওপৰত যৌন নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰে।তাই জোৰ জোৰকৈ চিঞৰিছিল ।
: মোক বচা! মোক বচা!
তাইৰ মুখত কাপোৰ সোপা দি তাইৰ মুখখন বন্ধ কৰি দিলে।তাই কেৱল হাত ভৰি বোৰ বিছনা খনত জোৰ জোৰকৈ মাৰিবলৈ ধৰিলে। কিজানি কোনোবাই শব্দটো শুনি দৰ্জাখন দিয়েইবা ।
কিন্তু তাইৰ সহকাৰী জনীয়ে তাতেই তাইৰ ৰং চাই আছিল। তথাপিও তাই ছোৱালী হৈ ছোৱালীৰ মূল নুবুজিল ।
মণিষাৰ ডিঙিত পাঁচ জন পুৰুষৰ হাতৰ হেঁচা পৰিছিল।
 মণিষাই বিছনাখনত ফটফটাই ফটফটাই চিঞৰি চিঞৰি বাগৰি পৰিল। কিন্তু তাইক সাঁহৰি  দিবলৈ কোনো নাছিল । তাইক কোঠালিটোৰ ভিতৰত বন্ধ কৰি ,সকলোৱে পলাই গ'ল।
তাইৰ নাকে মুখে তেজে কৰাল মাৰি ধৰিলে। কোঠালিত অকলে ফটফটাই ফটফটাই বিছনা খনত বাগৰি আছে আৰু তাই কথাবোৰ ভাবি ভাবি উচুপি কান্দিবলৈ ধৰিলে। কিন্তু তাইৰ সেই কান্দোন কোনে শুনিব । সেই বন্ধ কোঠালিটোৰ ভিতৰত।
তাইৰ গোটেই শৰীটো বিষাক্ত কৰি পেলাইছিল ।যাৰ বাবে তাই বিষত থাকিব পৰা নাছিল।তাইক বিষে বাৰে বাৰে আমনি কৰিবলৈ ধৰিছে ।তাইৰ উশাহ বোৰ চুটি চুটি হৈ আহিবলৈ ধৰিছে।উপায়ন্ত হৈ বিছনা খনত একে বাৰে বাগৰি পৰিল।  সেই বন্ধ কোঠালিটোৰ ভিতৰত বাগৰি পৰা লগে লগে তাইৰ উশাহ-নিশাহ বোৰো বন্ধ হৈ পৰিল।
           হঠাৎ এগৰাকী সহকৰ্মীয়ে গৈ ৰ্দজাখন খুলি দিয়ে। খুলি দিয়াৰ লগে লগে তাইৰ মৃত দেহতো চাই চিঞৰ বাখৰ লাগি গ'ল।
: ছাৰ! ইয়াত মই এয়া কি দেখিলোঁ  ?
ছাৰ জনে দৌৰি আহি চালে যে বিছনা খনত মণিষাৰ নিথৰ দেহতো পৰি আছে।
ছাৰৰ বুকুত যেনে কিবা এটাই খুন্দিয়াই থৈ গʼল যেন অনুভৱ হ'ল।
ততাৰিয়াকৈ হস্পিতালত লৈ গ'ল। কিন্তু তাই এই পৃথিৱী এৰি নেদেখা জনৰ ওচৰলৈ গ'ল।
তাইৰ সেই ৰাতিটোয়ে কাল অমানিশা হৈ পৰিল আৰু চিৰদিনবাবে আকাশৰ শুকুলা ডাৱৰৰ মাজত বিলীন হৈ পৰিল।
মণিষাৰ সেই অভিশপ্ত ৰাতিয়েই তাইক জীৱন সংগ্ৰামৰ শেষ ৰাতি আছিল।তাই জীৱনটোক বচাবলৈ বহু চেষ্টা কৰিছিল। কিন্তু সেই চেষ্টা ব্যৰ্থ হৈ পৰিল।মাক দেউতাক অকলশৰীয়া কৰি থৈ তাই গুচি গ'ল।এই নৰপিশাচ কেইটাই ছোৱালী জনীক শেষ কৰি দিলে।এহাল মাক দেউতাকৰ হেঁপাহৰ ফুল পাহিক অকস্মাত চিঙি থৈ মুহাৰি পেলালে।
  মাক দেউতাকে একেবাৰে ভাগি পৰিল । মাকৰ সপোনবোৰৰ যেন থান বান হৈ পৰিল।
সেই ৰাতিটোয়ে আছিল তেওঁলোকৰ এক অভিশপ্ত ৰাতি সেই ৰাতিটোয়ে তেওঁলোকৰ পৰা  সকলো কাঢ়ি লৈ গ'ল।
মাকে অন্তৰে অন্তৰে অনুভৱ কৰিছে তাইৰ সকলো সপোনবোৰক আমাৰ বুকুৰ মাজত সমাধি কৰি থৈ গ'ল।
তই যʼতেই আছ তাতেই শান্তি থাক ঐ সোণজনী।
মই সদায় ভগৱানক খাটি আছোঁ। আমাৰ কপালত এয়াই লিখা আছিল।
মাকে দুখ বোৰক বুকুত সামৰি লৈ মুখত  হাঁহিটি মাৰিবলৈ বিচাৰে। কিন্তু তাইৰ কথাবোৰেই হাঁহিবলৈ নিদিয়ে। মাক দেউতাকে এনেকৈ দিনবোৰ পাৰ কৰিছে।

 ‌‌
                                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)