দীঘল ক'লা চুলিকোচা মেলি
সেউজীয়াৰ মাজত নিজকে
সন্ধান কৰিছিল তাই
উন্মনা হৈ আছিল সেউজীয়াৰ
প্ৰতিটোপাল বৰষুণ বুটলি।
কেতিয়াবা যদি হাত বাউল দি
অচিনাকী চৰাইজনীক কাষলৈ মাতিছিল
একেলগে বিষাদৰ সমভাগী হ'বলৈ
আকৌ কেতিয়াবা অভিমান কৰি
মৌন হৈ একেঠাইতে স্থবিৰ হৈ ৰৈছিল।
হয়তো তাই হেৰুৱা সুৱাস বিচাৰিছিল
মৌনতাত তাই উত্তৰবিহীন
প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পাইছিল
দূৰ সীমনাত লুকাই থকা
সুখৰ জিলিঙনি দেখিছিল ।
আৰু হঠাৎ এদিন তাই গুচি গৈছিল
উলটি নহাৰ পথেৰে
তাইৰ সেই হালধীয়া হাঁহিটি
দুটি ওঁঠৰ ভাঁজত আকি।
✍️দিপশিখা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ