যদি আমাৰ পাপ
ধৰ্ষণৰ বলি হোৱাটো কি পূণ্য
দলবদ্ধ ধৰ্ষণ কৰি অট্টহাস্য কৰা
নৰ পিশাচৰূপী পুৰুষসকল কি পাপী নহয়।
সেই গৰাকী নাৰীয়েই
তোমাৰ মোৰ আপোনাৰ মা
কাৰোবাৰ ধৰ্মপত্নী,বাইদেউ,ভন্টি,মাহী,পেহী, মাতৃ
অথচ নৰপিশাচৰ ৰূপ লৈ
কি সতে দানৱীয়তাৰে কৰে ধৰ্ষণ
দেখুৱাই পৈশাচিকতা,বৰ্বৰ নিষ্ঠুৰতা
কঁপি উঠে বুকু অবোধ জীৱ-জন্তুৰো ...
ধৰ্ষণ কৰি নিৰ্দয়তাৰে হত্যা কৰা দেখি।
উঠাই দিয়ক বিবাহৰ নিচিনা পৱিত্ৰ বন্ধন
ৰাখী বন্ধনৰ দৰে পৱিত্ৰ উৎসৱ
উভতি যাওঁক আদিম যুগলৈ
খুলি পেলাওক সভ্যতাৰ মুখা-
ৰাস্তাই-ঘাটে ৰৈ থাকে নৰৰূপী
ধৰ্ষণকাৰী, ৰক্ত-পিপাসুৰ দল
চৰকাৰী কাৰ্য্যালয়কে মুখ্য কৰি
কতোৱেই নাৰী আজি সুৰক্ষিত নহয় কিয় ?
মৌমিতা দেৱনাথৰ দৰে চিকিৎসকেও সাৰি নগ'ল
দলবদ্ধ ধৰ্ষণেৰে জঘণ্য হত্যাৰ পৰা।
আজি কোনো পিতৃ-মাতৃ নিশ্চিন্ত নহয়
কন্যাক বিদ্যালয়, কৰ্ম সংস্থাপনলৈ পঠায়
ঘৰলৈ সুকলমে উভতি নহালৈকে।
এইখনেই নেকি আমাৰ অসম দেশ ভাৰতবৰ্ষৰ ?
শংকৰ- আজানৰ পূণ্য মিলন তীৰ্থ
য'ত নাৰীয়ে হেৰুৱাইছে
বেশভূষা, আবুৰতা, সুৰক্ষা
পুৰুষে হেৰুৱাইছে শালীনতা,
সুস্থ-সবল মানসিকতা।
এইয়া হেনো বান্ধৈ
একবিংশ শতিকাৰ স্বাধীন,সাৰ্বভৌম
গণতান্ত্ৰিক দেশৰ ন্যায্য প্ৰাপ্তি -
য'ত নাৰী আজি আতংকিত,
সংকিত,নিৰ্য্যাতিত, উৎপীড়িত
ন্যায় বিচাৰিলে হ'ব লাগিব লজ্জিত
য'ত ন্যায় বিক্ৰী হয় ... বিনিময়ত।
বেটি বচাওক বেটি পঢ়াওক নীতি ধোঁৱাচাঙত
ভূক্তভোগীৰ পৰিয়ালে ন্যায় বিচাৰি হাহাকাৰ
অভিযুক্ত বিনাদ্বিধাই ঘূৰি ফূৰিব
মুকলি আকাশৰ তলত নি:সংকোচে আগৰ দৰেই।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ