৫ ছেপ্টেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৮তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজি শিক্ষক দিৱস।
২/আজিৰ দিনটোতে ১৬১২ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাৰিখন জাহাজৰ সৈতে নৌ-বাহিনী গঠন কৰে।
৩/আজিৰ দিনটোতে ১৯৫৭ চনত সংসদত কৰ বিধেয়ক গৃহীত হৈছিল।
৪/আজিৰ দিনটোতে ২০০০ চনত বিশিষ্ট পৰিচালক হৃষীকেশ মুখাৰ্জীলৈ ১৯৯৯ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল।
৫/আজিৰ দিনটোতে ১৬৩৮ চনত ফ্ৰান্সৰ ৰজা, দা চান কিং হিচাপে পৰিচিত, ফ্ৰান্সৰ সৰ্বাধিক সময় শাসন কৰ্তা
লুই চতুৰ্দশৰ জন্ম হৈছিল।
৬/আজিৰ দিনটোতে ১৮৫০ চনত জাৰ্মান পদাৰ্থ বিজ্ঞানী, এনড ৰশ্মিৰ আৱিষ্কাৰক
ইউজেন গ'ল্ডষ্টেইনৰ জন্ম হৈছিল।
৭/আজিৰ দিনটোতে ১৮৫৭ চনত ফৰাচী দাৰ্শনিক, আধুনিক বিজ্ঞানৰ প্ৰথম দাৰ্শনিক আগাষ্ট কমটেৰ মৃত্যু হৈছিল।
৮/আজিৰ দিনটোতে ১৯০২ চনত জাৰ্মান জীৱ বিজ্ঞানী, আধুনিক ৰোগবিদ্যাৰ পিতৃ পুৰুষ ৰুডলফ ভিৰ্চোৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ