দেশদ্রোহী -হাইছ উদ্দিন আহমেদ

©Admin
0
ভাৰত মোৰ বুলি কৈছিল বুলিয়েই 
তেওঁক ফাঁচী দিয়া হ'ল,
অসমৰ দুৰ্নীতি বিৰোধী কৰিছিল বুলিয়েই
তেওঁক গুলিয়াই হত্যা কৰা 

ভাষাটোক নিজৰ বুলি ভাবিছিল বুলিয়েই
তেওঁক বিদেশী কৰা হ'ল,
লিখি লিখি ৰাইজক সজাগ কৰিছিল বুলিয়েই
তেওঁক দেশভক্ত কৰা হ'ল।

ভাষা ভালকৈ ক'ব নোৱাৰা বুলিয়েই
তেওঁক বহিৰাগত কৰা হ'ল,
নথি-পত্ৰ থকা স্বত্বেও দেখিয়েই
তেওঁক আইন প্ৰণয়ন কৰা হ'ল।

কোন এই দেশৰ নাগৰিক বিচাৰি বিচাৰি প্ৰমাণ থকা স্বত্বেও ডিটেনষ্টন কেম্পত ৰখা হল,
আৰাল দিয়া গৰু বিচাৰিও নোপোৱা হ'ল।

মানুহৰ জনসংখ্যা বৃদ্ধি হ'ল
মাটিৰ পৰিমাণ কমি গ'ল
পানী বছৰে বছৰে ঘৰৰ কাষত হ'ল।
দ'ল, সংস্থা, কমিটি , কাৰ্যালয়
এইবোৰৰ লগত নিজকে জড়িত কৰা হ'ল।

সত্য, সঁচা এইবোৰ নাইকিয়া হ'ল
মিছা, মিথ্যা এইবোৰৰ প্ৰচাৰ হ'ল।

✍️হাইছ উদ্দিন আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)