কেতিয়াবা যদি মন বেয়া লাগে
তেতিয়া মোৰ পৰা সকলো আঁতৰি যায়
ভিৰৰ মাজতো নিজকে
অকলশৰীয়া অনুভৱ কৰোঁ।
কাৰোবাৰ অকণমান বুজনি,
কাৰোবাৰ অকণমান শান্তনা ময়ো বিচাৰোঁ
ময়ো সকলো সময়তে হাঁহি হাঁহি
প্ৰতিটো দুখ পাহৰিব বিচাৰোঁ।
নাজানোঁ আজিকালি কি হৈছে
একোৱেই ভাল নলগা হৈছে
নিজকেও বুজাব নোৱাৰা হৈ পৰিছোঁ
ইমান দুৰ্বল হৈ পৰিম বুলি
কেতিয়াও ভবা নাছিলোঁ।
ইমানবোৰ সংগ থকাৰ পিছতো
অকলশৰে উচুপি থকাৰ সময়ত
কোনেও চকুলো মচিবলৈ নাহে
সেয়ে হয়তো আজিকালি মোৰ
বিশ্বাস শব্দটো শুনিবলৈ
একেবাৰেই মন নাযায়।
ভিতৰি ভিতৰি ভয় লাগে
নাজানোঁ কি হৈছে মোৰ
ক্ষন্তেকতে কিবা হৈ যাওঁ
এনেকুৱা লাগে যেন
ক'ৰবাত অকণমান ঠাই পোৱা হ'লে
অন্ধকাৰৰ মাজত নিজকে
শেষ কৰি দিয়াৰ ঠাই
কোনোবাই সন্ধান দিয়া হ'লে
সেই ঠাইৰ ঠিকনা কোনোবাই দিয়া হ'লে
সঁচাকৈ অ বৰ প্ৰয়োজন হৈছিল
কোনোবাই সন্ধান দিয়া হ'লে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ