পৰিয়ালটো আছিল অতি দুখীয়া।
পৰিয়ালটোত জনসংখ্যা কম আছিল যদিও উপাৰ্জনৰ মানুহ আছিল মাত্ৰ এজন।
পৰিয়ালৰ সদস্য আছিল চাৰিজন।
মা'দেউতা 'লৰা আৰু ছোৱালী এই চাৰিজনীয়া এটা পৰিয়াল।
দেউতাৰ উপাৰ্জনৰ পথ মাত্ৰ এটা তেওঁৰ ঠেলা গাড়ী খন ।
এই গাড়ী খন চলাই কোনো মতে পৰিয়ালটো পোহ পাল দি আছে।
ল'ৰা টো পঢ়ি আছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আৰু ছোৱালী জনী পঢ়ি আছে বিএ
এই দুয়োজনৰ পঢ়াৰ খৰচ আৰু পৰিয়াল খৰচ উলিয়াবলৈ দেউতাকৰ বৰ কষ্ট হয়।
ইতিমধ্যে ছোৱালী জনী বিএ পঢ়ি শেষ হ'ল। ছোৱালী জনীৰ সপোন আছিল তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব। কিন্তু দেউতাকে তাইৰ সপোন পূৰ কৰিব নোৱাৰিলে।
ল'ৰা টোৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব আহিল। এইটো কথা দেউতাই গম নাপায়। ল'ৰা টোৱে ৰাতিপুৱা উঠি দেউতাক ক'লে দেউতা মোক টকা ২০০০হেজাৰ লাগে।
দেউতাই কলে কিয়!টকা লাগে তোমাৰ। ল'ৰাই ক'লে দেউতা আমাৰ পৰীক্ষা আহি আছে আৰু পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিবৰ বাবে ছাৰে টকা ২০০০হেজাৰ বিচাৰিছে।
ল'ৰা টোৰ কথা শুনি দেউতাই চিন্তাত পৰি গ'ল । আৰু মনে মনে ভাবিবলৈ ধৰিলে যে ইমান টকা ক'ত পাম একেলগে দেউতাৰ মূৰত যেন আকাশ খন সৰি পৰিল এনেকুৱা অনুভৱ হৈছে।
দেউতাই ল'ৰা টোক ক'লে আজি তুমি স্কুললৈ যোৱা কালি টকা কেইটা দিম।
দেউতাকৰ কথা শুনি ল'ৰা টোৱে স্কুললৈ গ'ল। আৰু দেউতা ঠেলা গাড়ী খন লৈ ঘৰৰ পৰা ওলাল আৰু দিনটো পাৰ হ'ল এক টকাও ভাড়া মাৰিব নোৱাৰিলে।কি কৰিম এতিয়া ভাবি নাপাই ঘৰলৈ উভতি আহিল আৰু সহধৰ্মিনীৰ লগত আলোচনা কৰিলে। তেওঁৰ হাতত থকা খাৰু যোৰ হাতৰ পৰা খুলি দিলে। আৰু ক'লে এই যোৰ বন্ধকত ৰাখক আৰু টকা ২০০০হেজাৰ আনক। দেউতাই খাৰু যোৰ লৈ বন্ধকত ৰাখিলে আৰু টকা ২০০০হেজাৰ আনিলে।
পিছ দিনা ৰাতিপুৱা টকা ২০০০ হেজাৰ ল'ৰাক দিলে আৰু ক'লে বোপাই ভাল কে পঢ়িবা। ল'ৰা টোৱে ক'লে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবা যাতে মই ভাল ফলাফল কৰিব পাৰোঁ।
টকা ২০০০হেজাৰ লে বিদ্যালয়লৈ গৈ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিলে। আৰু পৰীক্ষা দিলে কিছুদিন পাছত পৰীক্ষাৰ ফলাফল আহিল। আৰু তেওঁ গাৱঁৰ
বিদ্যালয়ৰ খনৰ ভিতৰত আটাইতকৈ বেছি নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল।এই কথা শুনি গাঁৱৰ ৰাইজে তেওঁক কোলাত লৈ গাৱে গাৱে ঘূৰিবলৈ ধৰিলে। আৰু বহুতো উপহাৰ পায়।।
দেউতাই ক'লে এতিয়া মোৰ কষ্ট সাৰ্থক হ'ল ।
আৰু তেওঁ যেন স্বৰ্গৰ সুখ লাভ কৰিলে.....….....
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ