মোৰ অনুপস্থিতিৰ শোকটো বুকুত বান্ধি
তই জানো পাৰ কৰিব পাৰিছ এটি এটি উজাগৰী ৰাতি ?
তই নক'লেও বুজো আই ---
ভাতৰ থালখন সমুখত লৈ
তই যে মোক সুঁৱৰি প্ৰতিবাৰেই কান্দ।
মোৰ অবিহনে পেটৰ চুক
তোৰ হয়তো ভালদৰে এদিনো নভৰে ।
আই,তোক যে কথাবোৰ খুলি ক'বলৈয়ো সাহস নহয় মোৰ।
হয়তো তই কষ্ট পাৱ বুলি ভাবিয়ে
বুকুৰ কথাবোৰ বুকুতে সামৰোঁ ।
হোষ্টেলত কি খায় পেট প্ৰৱৰ্তাও তই জানিলে আচৰিত হ'বি
কেনেকুৱা কঠোৰ নিয়মত এটা এটা দিন কটাইছো
তই শুনি বৰ দুখ পাবি আই !
চিনিয়ৰৰ অবাইচ মাতৰ গালিবোৰ শুনিলে মই ভাৱো
তোৰ গালিবোৰ দেখোন মোৰ প্ৰতি এআকাশ মৰমহে !
কেতিয়াবা জাননে আই
লঘোনে থাকিয়ে এটা ৰাতি পাৰ কৰি দিওঁ
তেতিয়া যে তোৰলৈ বৰকৈ মনত পৰে
তই যে নিজে নাখায়ো মোৰ বাবে ৰান্ধি খুৱাইছিলি !
ৰেষ্টোৰেন্টৰ দামী দামী ফাষ্টফুডবোৰতকৈও
তোৰ হাতৰ পিটিকাকণেই যে বৰ সোৱাদৰ আছিল আই !
আই,তই যে সৰুতে শিকাইছিলি--
'স্বাৰ্থপৰ পৃথিৱীখনত মানুহবোৰৰ জটিল মনটোৰ কথা ...'
মোৰ মনত আছে ---
স্বাৰ্থপৰতাৰ বলি হৈ দেউতা কিদৰে হেৰাই গৈছিল
তোৰ আৰু মোৰপৰা.....!
তোৰ কথাবোৰ মনত সুঁৱৰিয়ে
আজিকালি অকলে থকাৰ অভ্যাস গঢ়ি লৈছোঁ।
তই চিন্তা নকৰিবি আই ,
বেয়া সংগই মোক আজিলৈকে চুব পৰা নাই।
তোৰ পোনাকণ আগৰ সেই
অজলা ল'ৰাটো হৈয়ে আছে।
আই, এইবাৰ পৰীক্ষা শেষ কৰি
তোৰ বুকুৰ মাজলৈ একেবাৰেই উভতি যাম।
তই বাৰু তেতিয়া সুখতে কান্দিবি নেকি ?
মোৰ নামত গোঁসাইঘৰত চাকি এগছি দিবি
তোৰ অজলা পোনাকণে যাতে
তোৰ সপোনবোৰ পূৰাব পাৰে ।
আৰু...
তোক লগ পাই সকলোবোৰ কথা খুলি ক'ম দে..
তই কুশলে থাকিবি আই...।
তোৰ আশীৰ্বাদত মই কুশলেই আছোঁ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ