অনুমতি অবিহনে- হীৰক জ্যোতি দাস

©Admin
0
অনুমতি অবিহনে 
   তোমাৰ প্ৰেমত পৰিলোঁ
তোমাৰ ৰাগিত মতলীয়া 
    মোৰ নিৰ্লজ্জ হৃদয় 
প্ৰতি পলে হৃদয়ৰ কাননত
           বিয়পি থাকে তুমি তুমি লগা
      এটি মিঠা অথচ 
প্ৰকাশ কৰিব নোৱাৰা অনুভৱ।
           তুমি নামৰ প্ৰণয়ৰ বানত
  জুৰুলি- জুপৰি মোৰ নিৰ্লজ্জ হৃদয় 
    উকা হৃদয়ৰ পৃষ্ঠাত 
     তোমাৰ অজ্ঞাতে খোদিত হৈ ৰ'ল 
           তোমাৰ নামটি এটি প্ৰিয় কবিতা হিচাপে ।
       


✍️হীৰক জ্যোতি দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)